গুৱাহাটী, 7 এপ্ৰিলঃ চুবুৰীয়া ৰাজ্য মেঘালয়ত কৰা'ণা ভাইৰাছক লৈ বিশেষ সতৰ্কতা অৱলম্বন কৰা হৈছে । অসমত COVID-19 সংক্ৰমণৰ পিচতে অধিক তৎপৰ হৈ পৰিছে । মেঘালয়ৰ ৰি-ভয় জিলা প্ৰশাসনে মঙলবাৰে যোৰাবাটৰ বাৰ মাইলৰ ০৬ নং ৰাষ্ট্ৰীয় ঘাইপথত COVID-19 স্কেনিং কেন্দ্ৰ স্থাপন কৰা পৰিলক্ষিত হৈছে । প্ৰাশাসনৰ লোকে অসমৰ পৰা ০৬ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে মেঘালয়লৈ প্ৰৱেশ কৰা অত্যাৱশ্যকীয় সেৱাৰ প্ৰতিখন বাহনৰ চালক, হেণ্ডিমেনৰ স্কেনিং কৰা পৰিলক্ষিত হৈছে ।
স্কেনিং কেন্দ্ৰটোত ৰি-ভয় জিলাৰ আৰক্ষী অধীক্ষক চি. চাইট্ৰি উপস্থিত থাকি জানিবলৈ দিয়ে যে, কৰা'ণা ভাইৰাছৰ সংক্ৰমণ যাতে মেঘালয়ত হ'ব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি এই পদক্ষেৰ গ্ৰহণ কৰা হৈছে । কেৱল অত্যাৱশ্যকীয় সেৱাৰ বাহন সমূহ মেঘালয়ত প্ৰবেশ কৰিবলৈ দিয়াৰ বাহিৰে অন্য বহঃ ৰাজ্যৰ লোক ৰাজ্য খনত সোমাব দিয়া নহ'ব বুলিও উল্লেখ কৰে তেওঁ ।
লগতে পঢ়কঃ লক্ ডাউন : কৃষকৰ লোকচান আঁতৰাবলৈ কৃষি বিভাগে হাতত লৈছে বিশেষ ব্যৱস্থা !