ETV Bharat / state

SC hearing on Akhil Gogoi: উচ্চতম ন্যায়ালয়ত অখিল গগৈৰ আবেদনৰ শুনানি; শুনানি সম্পূৰ্ণ নোহোৱা পৰ্যন্ত গ্ৰেপ্তাৰ কৰিব নোৱাৰিব অখিলক - Akhil Gogoi NIA Case

উচ্চতম ন্যায়ালত শুনানি সম্পূৰ্ণ নোহোৱালৈকে NIA গ্ৰেপ্তাৰ কৰিব নোৱাৰিব অখিল গগৈক ৷ সোমবাৰে NIA গোচৰ সন্দৰ্ভত অখিল গগৈৰ আবেদৰ শুনানি গ্ৰহণ কৰে উচ্চতম ন্যায়ালয়ে (SC hearing on Akhil Gogoi) ৷ পুনৰ 3 মাৰ্চত হ’ব শুনানি ৷ অখিল গগৈ মাওবাদী কাৰ্যকলাপৰ কলাপৰ ‘কিং পিন’ বুলি যুক্তি চৰকাৰী অধিবক্তাৰ ৷

SC hearing on Akhil Gogoi
উচ্চতম ন্যায়ালয়ত অখিল গগৈৰ আবেদনৰ শুনানি
author img

By

Published : Feb 27, 2023, 9:40 PM IST

গুৱাহাটী, 27 ফেব্ৰুৱাৰী: ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈৰ বিৰুদ্ধে NIA ৰ গোচৰ সন্দৰ্ভত দেশৰ সৰ্বোচ্চ ন্যায়ালয়ত সোমবাৰে গ্ৰহণ কৰা হয় শুনানি ৷ কিন্তু শুনানি সম্পূৰ্ণ নোহোৱাৰ বাবে 3 মাৰ্চত পুনৰ গোচৰটোৰ শুনানিৰ দিন ধাৰ্য কৰা হয় ৷ উচ্চতম ন্যায়ালয়ত শুনানি সম্পূৰ্ণ নোহোৱা পৰ্যন্ত NIA গ্ৰেপ্তৰ কৰিব নোৱাৰিব অখিল গগৈক ৷ উল্লেখ্য যে, NIA গোচৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত এক আবেদন দাখিল কৰিছিল অখিল গগৈয়ে (NIA case against Akhil Gogoi) ৷

উচ্চতম ন্যায়ালয়ত অখিল গগৈৰ বিৰুদ্ধে NIAৰ গোচৰ সন্দৰ্ভত সোমবাৰে অনুষ্ঠিত হোৱা শুনানিত চৰকাৰী পক্ষৰ অধিবক্তা তুষাৰ মেহেতাই অখিল গগৈ মাওবাদী কাৰ্যকলাপৰ মূল 'কিং পিন' বুলি আদালতত যুক্তি দৰ্শাইছিল । লগতে ‘কা’ বিৰোধী আন্দোলনৰ সময়ত ডিব্ৰুগড়ত চি আৰ পি এফৰ (CRPF) বাহন ক্ষতিসাধন কৰাৰ সৈতে অখিল গগৈ জড়িত আছিল বুলি তুষাৰ মেহেতাই আদালতত যুক্তি দিছিল ৷ চৰকাৰী অধিবক্তাগৰাকীয়ে সেই সময়ত উদ্ধাৰ কৰা ছেমছাং টেবলেটৰ পৰা আপত্তিজনক তথ্য পোৱা বুলি আদালতক অৱগত কৰে (SC protects Akhil Gogoi) ।

ইফালে, অখিল গগৈৰ অধিবক্তাই অখিল গগৈ নিৰ্বাচিত জনপ্ৰতিনিধি বুলি যুক্তি দৰ্শায় । অখিল গগৈৰ অধিবক্তাৰ যুক্তিৰ বিপৰীতে তুষাৰ মেহেতাই আদালতত জনপ্ৰতিনিধি সন্ত্ৰাসবাদী কাৰ্যকলাপত জড়িত হ'ব নোৱাৰে নেকি বুলি প্ৰশ্ন কৰে । অখিল গগৈৰ বিৰুদ্ধে থকা NIA ৰ গোচৰৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ দুই বিচাৰপীঠে দুয়ো পক্ষৰ অধিবক্তাৰ দলিল আৰু যুক্তি শুনি গোচৰটোৰ সন্দৰ্ভত বহুখিনি আলোচনা কৰি অহা 3 মাৰ্চত পুনৰ গোচৰটোৰ শুনানীৰ দিন ধাৰ্য কৰে (Akhil Gogoi NIA Case) ৷

উল্লেখ্য যে, অখিল গগৈৰ বিৰুদ্ধে থকা NIAৰ গোচৰৰ সন্দৰ্ভত পুনৰ গোচৰ চলোৱাৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ে অনুমতি প্ৰদান কৰিছিল ৷ ইয়াৰ পাচতেই উচ্চতম ন্যায়ালয়ৰ দাৰস্থ হৈছিল অখিল গগৈ ৷ ‘কা’ বিৰোধী (Assam Anti CAA protest) আন্দোলনৰ গোচৰৰ বাবে দুবছৰ কাৰাবাস খাটি কাৰগাৰৰ পৰাই নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰি জয় লাভ কৰি 2022 বৰ্ষৰ 21 জুলাইত মুকলি আকাশৰ তললৈ আহিছিল অখিল গগৈ ৷

উল্লেখ্য যে, কা বিৰোধী আন্দোলনৰ (Anti CAA protest) সময়ত NIA case 121/2021 ত অখিল গগৈ, ধৈৰ্য কোঁৱৰ, বিতু সোণোৱাল আৰু মানস কোঁৱৰৰ বিৰুদ্ধে ৰুজু হৈছিল গোচৰ (Akhil Gogoi involvement in CAA protest) ৷ ইফালে মঙলবাৰে অৰ্থাৎ কাইলৈ পুনৰ NIA আদালতত হাজিৰ হ’ব লাগিব অখিল গগৈ ৷

লগতে পঢ়ক: Akhil Gogoi appears before NIA court: কা বিৰোধী আন্দোলনৰ গোচৰত NIA আদালতত হাজিৰ অখিল গগৈ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.