গুৱাহাটী, ১ জানুৱাৰী: বৰ্তমান সময়চোৱাত LGBTQ বিষয়ক কথা-বতৰাবোৰ মানুহৰ মাজত সহজ হৈ পৰিছে । এগৰাকী পুৰুষে আন এগৰাকী পুৰুষৰ প্ৰতি বা এগৰাকী নাৰীয়ে আন এগৰাকী নাৰীৰ প্ৰতি আকৰ্ষিত হোৱা বা প্ৰেমৰ অনুভৱ কৰা এতিয়া অসহজ, অস্বাভাৱিক হৈ থকা নাই । কিছু কিছু লোকে এই কথাবোৰ মানি ল’বলৈ টান পালেও ব্যক্তি বিশেষৰ শাৰীৰিক আৰু মানসিক অনুভৱৰ এই কথাবোৰ কিন্তু সত্য । এইখিনি কোৱাৰ আঁৰত আছে আজিৰ প্ৰতিবেদনৰ কাহিনী ৷ সবিশেষ জানিবলৈ পঢ়ক এই সম্পূৰ্ণ প্ৰতিবেদন ৷
আচলতে পুৰুষ সমকামিতাৰ কাহিনীৰ আধাৰত আহি আছে এখন নতুন অসমীয়া ছবি ‘সত্য, The Truth’ ৷ ২০২৪ বৰ্ষৰ ২ ফেব্ৰুৱাৰীত মুক্তি লাভ কৰিব ছবিখন । চিটি প্ৰডাকচনৰ বেনাৰত নিৰ্মাণ কৰা ছবিখনৰ পৰিকল্পনা চন্দন তালুকদাৰৰ, প্ৰযোজনা তিলোত্তমা তালুকদাৰ আৰু পৰিচালনা ৰূপজ্যোতি বৰঠাকুৰৰ । চিনেমাখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে জনপ্ৰিয় অভিনেতা উৎপল দাস তথা নৱাগত অভিনেতা ৰাকেশ বৰুৱাই।
তদুপৰি এই চিনেমাখনত অভিনয় কৰিছে উদয়ন দুৱৰা, ডৰথী ভৰদ্বাজ, মহেশ বৰা, সুমন দাস আদিকে ধৰি বহু ন-পুৰণি অভিনেতা- অভিনেত্ৰীয়ে । ছবিখনৰ ইতিমধ্যে বিগত বৰ্ষৰ জুনত কশিষ: মুম্বাই আন্তঃৰাষ্ট্ৰীয় কুয়েৰ চলচ্চিত্ৰ মহোৎসৱত ৱৰ্ল্ড প্ৰিমিয়াৰ হৈ যায় । বিশ্বৰ ৪১ খন দেশৰ ১১০ খন চিনেমা প্ৰদৰ্শিত হোৱা এই মহোৎসৱত "সত্য দ্য ট্ৰুথ" ক ইণ্ডিয়ান নেৰেটিভ চেন্টাৰপিচ বোলছবি হিচাপে প্ৰদৰ্শিত কৰা হয় । লগতে মুম্বাইতো বিগত বর্ষৰ আগষ্টত অনুষ্ঠিত হোৱা ১১ সংখ্যক ভাৰতীয় চিনে চলচ্চিত্ৰ মহোৎসৱত এই ছবিখনে জুৰীৰ বিশেষ উল্লেখ লাভ কৰিবলৈ সক্ষম হয় ।
তদুপৰি চিকাগ’ দক্ষিণ এছিয়ান চলচ্চিত্ৰ মহোৎসৱত যোৱা ছেপ্টেম্বৰত চিকাগ’ চহৰত এই ছবিখন প্ৰদৰ্শিত হয় । ছবিখন ইতিমধ্যে ভাৰতীয় পেনোৰামাৰ জয়পুৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱলৈ প্ৰতিযোগিতামূলক বোলছবি শিতানত মনোনীত হৈছে । ছবিখনৰ সংগীত পৰিচালনা কৰিছে দিগন্ত ভাৰতী আৰু তৰালী শৰ্মাই । গীতৰ কথা প্ৰশান্ত বৰদলৈ, তৰালী শৰ্মা আৰু ঝুনা কংকন ভূঞাৰ । কণ্ঠদান কৰিছে জুবিন গাৰ্গ, অৰুন্ধতি ভানুপ্ৰিয়া আৰু অনুৰাগ বৰুৱাই । নৃত্য পৰিচালনা কৰিছে অভিজিৎ বৰাই ।
লগতে পঢ়ক: ২৯ সংখ্যক কলকাতা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱলৈ নিৰ্বাচিত দ্য মিছিং বয়