গুৱাহাটী, 31 আগষ্ট : ক্ৰমশঃ তিলতিলকৈ অপমৃত্যুৰ দিশে গতি কৰিছে মহানগৰীৰ সৰুচলা(Sarusala Beel) আৰু বৰচলা বিল(Barsala Beel) । এচাম অসচেতন মানুহৰ নিৰ্মম অত্যাচাৰ আৰু চৰকাৰৰ চূড়ান্ত অমনোযোগিতাৰ বাবে বিল দুখন নিশ্চিহ্ন হোৱাৰ পথত গতি কৰা বুলি অভিযোগ উত্থাপন হৈছে ৷
এসময়ত বিধে বিধে পৰিভ্ৰমী আৰু থলুৱা পক্ষীৰ কলবৰত মুখৰ হৈ থকা বিল দুখন এতিয়া ভয়ংকৰভাৱে বেদখলকাৰীৰ কৱলত পৰিছে । বিল দুখন বেদখল(Encroachment) মুক্ত কৰিবলৈ প্ৰায় 35 বছৰ ধৰি দাবী জনাই আহিছে বৃহত্তৰ ছাত্ৰীবাৰী উন্নয়ন সমিতিয়ে ।
সমিতিৰ সভাপতি হেমেন লহকৰে এই সন্দৰ্ভত কয় যে, গুৱাহাটীস্থিত সৰুচলা বিল, বৰচলা বিল, শিলসাঁকো বিল, দীপৰ বিল হৈছে গুৱাহাটী মহানগৰীৰ প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা কৰা একমাত্ৰ প্ৰাকৃতিক সম্পদ । কিন্তু বিল কেইখনত অবাধ বেদখল চলি আছে । বিগত 5 বছৰত বৰচলা বিল আৰু সৰুচলা বিল দুখন বেদখল মুক্ত কৰাৰ বাবে চৰকাৰে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই ।
উল্লেখ্য যে, কিছুদিন পূৰ্বৰ পৰা নতুনকৈ বৰচলা বিলৰ ভিতৰত সমাজ বিৰোধী চক্ৰ এটাই বেদখল কৰি মাটি পেলাবলৈ আৰম্ভ কৰিছে । তদুপৰি বিলৰ ভিতৰৰ ভূমিত ব্যক্তিগতভাৱে ফ্লেট নিৰ্মাণৰ পথ বনোৱাৰ বাবে গুৱাহটী পৌৰনিগমে(GMC) অনুমতি দিয়াৰ অভিযোগ তোলে ছাত্ৰীবাৰী উন্নয়ন সমিতিৰ সভাপতিয়ে ।
লগতে পঢ়ক: মানচিত্ৰৰ পৰা হেৰাই যাব নেকি পাভ অভয়াৰণ্য ?
প্ৰতিবছৰে বিল দুখন পৰিস্কাৰ কৰাৰ বাবে জি এম চি আৰু জি এম ডিয়ে(GMD) কোটি কোটি টকা খৰচ কৰি আহিছে যদিও বিল দুখনৰ অৱস্থা বৰ্তমানেও শোচনীয় । কেন্দ্ৰীয় তথা প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল(Sarbananda Sonowal) চৰকাৰৰ দিনত স্মাৰ্ট চিটিৰ(Smart City) অধীনত বৰচলা বিলখনৰ দুয়োকাষে সৌন্দৰ্যতা বৃদ্ধিৰ বাবে আধাৰশিলা স্থাপন কৰিছিল ।
আধাৰশিলা স্থাপন কৰাৰ পাচতো কোনো ধৰণৰ কাম সম্পন্ন নহ’ল । সভাপতি লহকৰে কয় যে, চৰকাৰৰ অপৰিপক্কতা আৰু সোপাঢিলা নীতিৰ বাবে বিলদুখনত চাৰিওফালৰ পৰা বেদখল আৰম্ভ হৈছে ৷ ইফালে সিদ্ধাৰ্থ ভট্টাচাৰ্য গুৱাহাটী উন্নয়ন মন্ত্ৰী হৈ থকাৰ সময়তে বৰচলা বিলৰ মাটিতে জি এম চিয়ে জৈৱ শক্তি প্ৰকল্প স্থাপন কৰিছে ।
গুৱাহাটী আদ্ৰভূমি সংৰক্ষণ আইন, 2008 থকাৰ পাচতো চৰকাৰে আইন উলংঘা কৰি বৰচলা বিলৰ পাৰত জৈৱ শক্তি প্ৰকল্প নিৰ্মাণ কৰিছে । সেয়েহে শীঘ্ৰেই জৈৱ শক্তি প্ৰকল্প বিলৰ পাৰৰ পৰা স্থানান্তৰ কৰাৰ লগতে বিলৰ ভিতৰত হোৱা বেদখল সম্পূৰ্ণৰূপে উচ্ছেদ কৰিবলৈ চৰকাৰক দাবী জনায় বৃহত্তৰ ছাত্ৰীবাৰী উন্নয়ন সমিতিয়ে ৷
লগতে পঢ়ক: সীমা সমস্যাকলৈ চৰকাৰৰ "দিয়া-লোৱা" নীতি মানি লোৱা নহ’ব