ETV Bharat / state

অসমলৈ আহিয়েই "আশীৰ্বাদ যাত্ৰা" কৰিব সোণোৱালে

শনিবাৰে সন্ধিয়া নতুন দিল্লীৰ (New Delhi) পৰা মন্ত্ৰী সোণোৱালৰ কাৰ্যালয়ৰ সূত্ৰই ফোনযোগে ইটিভি ভাৰতক জনোৱা মতে, ১৬ বা ১৭ আগষ্টত অসমলৈ আহিব সোণোৱাল । সোণোৱালৰ অসম আগমনৰ সময়ত ৰাজ্যিক বিজেপিয়ে (State BJP) আৰম্ভ কৰিব "আশীৰ্বাদ যাত্ৰা" ৷

author img

By

Published : Jul 31, 2021, 9:29 PM IST

অসমলৈ আহিয়েই "আশীৰ্বাদ যাত্ৰা" কৰিব সোণোৱালে
অসমলৈ আহিয়েই "আশীৰ্বাদ যাত্ৰা" কৰিব সোণোৱালে

গুৱাহাটী, ৩১ জুলাই: কেন্দ্ৰীয় মন্ত্ৰী (central minister) হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পিছত এতিয়ালৈকে গৃহভূমি অসমলৈ (Assam) অহা নাই প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল (ex-chief minister sarbananda sonowal)। কিন্তু, খুব সোনকালে অসমবাসীৰ আশীৰ্বাদ ল'বলৈ আহিব প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী । শনিবাৰে সন্ধিয়া নতুন দিল্লীৰ (New Delhi) পৰা মন্ত্ৰী সোণোৱালৰ কাৰ্যালয়ৰ সূত্ৰই ফোনযোগে ইটিভি ভাৰতক (etv bharat) জনোৱা মতে, ১৬ বা ১৭ আগষ্টত অসমলৈ আহিব সোণোৱাল ।

উল্লেখযোগ্য যে, কেন্দ্ৰীয় মন্ত্ৰীৰ দায়িত্ব লৈয়েই সংসদৰ বৰ্ষাকালীন অধিৱেশনক লৈ (Parliament Monsoon Session) সোণোৱাল ব্যস্ত হৈ পৰিবলগীয়া হৈছিল । সোণোৱালৰ কাৰ্যালয়ৰ সূত্ৰটোৱে প্ৰকাশ কৰা মতে সংসদৰ অধিৱেশন সমাপ্তিৰ পিছতহে ১৬ বা ১৭ আগষ্টত অসমলৈ আহিব প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী । ইপিনে ৰাজ্যিক বিজেপিয়ে (State BJP) সোণোৱালৰ অসম আগমনৰ সময়ত আৰম্ভ কৰিব "আশীৰ্বাদ যাত্ৰা" (Ashirwad Yatra)।

বিজেপিৰ ৰাজ্যিক সাধাৰণ সম্পাদক তথা সাংসদ পল্লৱলোচন দাসে ইটিভি ভাৰতৰ আগত প্ৰকাশ কৰিছে এই কথা । অসমবাসীৰ আশীষ গ্ৰহণৰ বাবে এই "আশীৰ্বাদ যাত্ৰা" কৰা হ’ব বুলি তেওঁ জানিবলৈ দিয়ে । মন কৰিবলগীয়া যে, কেন্দ্ৰীয় মন্ত্ৰীৰ আসনত অধিষ্ঠিত হ'লেও এই পৰ্যন্ত সাংসদ হিচাপে নিৰ্বাচিত হোৱা নাই সৰ্বানন্দ সোণোৱাল । ৰাজ্যসভাত (Rajya Sabha) খালি হৈ থকা অসমৰ এখন আসনত বিজেপিয়ে ছমাহৰ ভিতৰত নিৰ্বাচিত কৰি নিব লাগিব সৰ্বানন্দ সোণোৱালক ।

লগতে পঢ়ক: 1 আগষ্টৰ পৰা আৰম্ভ নটসূৰ্য ফণী শৰ্মাৰ সমাধিস্থলী নিৰ্মাণৰ কাম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.