গুৱাহাটী, ২১ আগষ্ট : কেন্দ্ৰীয় মন্ত্ৰী হিচাপে মোডী মন্ত্ৰীসভাত অন্তৰ্ভুক্ত হোৱাৰ পাচত প্ৰথমবাৰৰ বাবে অসমত ভৰি দিয়া প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক আজি বিপুলভাৱে আদৰণি জনোৱা হয় ৷ শনিবাৰে পুৱা গুৱাহাটীৰ বিমান বন্দৰত উপস্থিত হোৱাৰ পিছতে সোণোৱালক চৰকাৰ আৰু দলৰ ফালৰ পৰা উষ্ম আদৰণি জনোৱা হয় ৷
বিমান বন্দৰত সোণোৱালে প্ৰথমেই মিলিত হয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে ৷ সংগ দিয়ে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই ৷ বিমান বন্দৰত মুখ্যমন্ত্ৰীয়ে সোণোৱালক উষ্ম আদৰণি জনায় ৷ তাৰ পিছতে ১০.৪০ বজাৰ পৰা ১১.৩০ বজালৈ আজাৰা সভাঘৰত দলীয় কৰ্মী-সমৰ্থক তথা ৰাইজৰ সৈতে মত বিনিময় কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৷
ইয়াৰ পাচত ১১.৪৬ বজাত সোণোৱালে জালুকবাৰীত ভাৰতৰত্ন ড৹ ভূপেন হাজৰিকাৰ সমাধিক্ষেত্ৰত উপস্থিত হৈ মহান শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে ৷ সকলোতে দলীয় নেতা-কৰ্মীসকলে তেওঁক সম্ভাষণ জনায় ৷
লগতে পঢ়ক : কেন্দ্ৰীয় মন্ত্ৰীত্ব লাভৰ পাচত প্ৰথমবাৰলৈ অসমৰ মাটিত সৰ্বানন্দ সোণোৱাল
জালুকবাৰীৰ পৰা তেওঁ উপস্থিত হয় নীলাচল পাহাৰত ৷ নীলাচল পাহাৰত উপস্থিত হৈ মা কামাখ্যাৰ আশীৰ্বাদ লৈ তেওঁ ফাঁচী বজাৰৰ লাচিতঘাটত কিছুসময় কটাই জি এচ ৰোডস্থিত ৰাজ্যিক বিজেপিৰ গুৱাহাটী জিলা কাৰ্যালয় আৰু হেঙেৰাবাৰীস্থিত মুখ্য কাৰ্যালয়লৈ যাব ৷
তিনিদিনীয়া কাৰ্যসূচীৰে অসমত উপস্থিত হোৱা প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ আজিৰে পৰা আৰম্ভ হৈছে তিনিদিনীয়া জন আশীৰ্বাদ যাত্ৰা ৷ কেন্দ্ৰত শাসনাধিষ্ঠিত বিজেপি দলে দেশৰ বিভিন্ন ৰাজ্যত অনুষ্ঠিত কৰিছে এই জন আশীৰ্বাদ যাত্ৰা ৷ তাৰেই অংশ হিচাপে আজি অসমত উপস্থিত হয় সৰ্বানন্দ সোণোৱাল ৷
আজিৰ পৰা আৰম্ভ হোৱা এই যাত্ৰাৰ সামৰণি পৰিব ২৩ আগষ্টত ৷ এই সময়চোৱাত সৰ্বানন্দ সোণোৱালে গুৱাহাটীকে ধৰি, মৰিগাঁও, কলিয়াবৰ, নগাঁও, যোৰহাট আৰু শিৱসাগৰৰ মুঠ ১৮ টা স্থানৰ অনুষ্ঠানত অংশ ল'ব ৷ উল্লেখ্য যে, শনিবাৰে দিনজোৰা কাৰ্যসূচীৰ সামৰণিৰ পাচত তেওঁ হোটেল তাজ ভিভাণ্টালৈ গৈ পিছত পূৰ্বৰ বাসস্থান ব্ৰহ্মপুত্ৰ ৰাজ্যিক অতিথিশালালৈ ৰাওনা হ’ব ৷ নিশাটো তাতেই কটাই পিছদিনাৰে পৰা প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ অন্য স্থানৰ অনুষ্ঠানত অংশ ল'ব ৷
লগতে পঢ়ক : উদুলি-মুদুলি বৰঝাৰ; সোণোৱালক আদৰিবলৈ তৎপৰ অসম প্ৰদেশ বিজেপি