ETV Bharat / state

অৰ্ণৱ গোস্বামীৰ নিৰাপত্তা সন্দৰ্ভত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীৰে আলোচনা সৰ্বানন্দ সোণোৱালৰ - arnmab goswami update

ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক অৰ্ণৱ গোস্বামীৰ নিৰাপত্তা ব্যৱস্থা নিশ্চিত কৰিবলৈ মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেক অনুৰোধ জনালে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। আদালতৰ পৰা কাৰাগাৰলৈ লৈ যোৱাৰ সময়ত সাংবাদিকগৰাকীয়ে তেওঁৰ জীৱনৰ প্ৰতি ভাবুকি অহাৰ কথা উত্থাপন কৰাৰ পিছতে সাংবাদিক গৰাকীৰ পত্নী আৰু পৰিয়ালৰ লোকে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেৰ সৈতে নিৰাপত্তা সন্দৰ্ভত আলোচনা কৰিবলৈ অনুৰোধ জনাইছিল ৷

Sarbananda sonowal discussed with Maharashtra CM for Arnab Goswami safety
অৰ্ণৱ গোস্বামীৰ নিৰাপত্তা সন্দৰ্ভত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীৰে আলোচনা সৰ্বানন্দ সোণোৱালৰ
author img

By

Published : Nov 11, 2020, 5:25 PM IST

গুৱাহাটী,11নৱেম্বৰঃৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক অৰ্ণৱ গোস্বামীৰ নিৰাপত্তা ব্যৱস্থা নিশ্চিত কৰিবলৈ মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেক অনুৰোধ জনালে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। বুধবাৰে এক টুইট যোগে এই কথা সদৰী কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ উল্লেখযোগ্য যে,দেশৰ বিশিষ্ট সাংবাদিকগৰাকীৰ গ্ৰেপ্তাৰৰ পিছতে বিভিন্ন মহলত তেওঁৰ নিৰাপত্তাক লৈ বহু প্ৰশ্ন উত্থাপন হৈছিল ৷ তদুপৰি আদালতৰ পৰা কাৰাগাৰলৈ লৈ যোৱাৰ সময়তো সাংবাদিকগৰাকীয়ে তেওঁৰ জীৱনৰ প্ৰতি ভাবুকি অহাৰ কথা উত্থাপন কৰিছিল ৷

Sarbananda sonowal discussed with Maharashtra CM for Arnab Goswami safety
অৰ্ণৱ গোস্বামীৰ নিৰাপত্তা সন্দৰ্ভত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীৰে আলোচনা সৰ্বানন্দ সোণোৱালৰ

যাৰ পৰিপ্ৰেক্ষিতত সাংবাদিক গৰাকীৰ পত্নী আৰু পৰিয়ালৰ লোকে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেৰ সৈতে নিৰাপত্তা সন্দৰ্ভত আলোচনা কৰিবলৈ অনুৰোধ জনাইছিল ৷আনহাতে,এই আলোচনাত সমগ্ৰ বিষয়টোত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী গৰাকীয়ে কি আশ্বাস দিলে সেই কথা বৰ্তমানেও জানিব পৰা হোৱা নাই ।

লগতে পঢ়কঃ সেউজ ন্যায়াধীকৰণৰ নিৰ্দেশনাঃ হাহাকাৰ বৰপেটাৰ আতচবাজী উদ্যোগত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.