ETV Bharat / state

National Institute of Unani Medicine: ৰাষ্ট্ৰীয় য়ুনানী ঔষধ প্ৰতিষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

গাজিয়াবাদৰ ৰাষ্ট্ৰীয় য়ুনানী ঔষধ প্ৰতিষ্ঠানত(National Institute of Unani Medicine) কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল । স্বাস্থ্য সম্পৰ্কীয় ৰাষ্ট্ৰীয় নীতিৰ জৰিয়তে স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত আয়ুষক মূলসুঁতিত অন্তৰ্ভুক্ত কৰাৰ লগতে আয়ুষৰ প্ৰণালীসমূহক শিক্ষা, গৱেষণা, চিকিৎসা আদিকে কৰি আধুনিক স্বাস্থ্যসেৱাৰ সকলো স্তৰতে একত্ৰিত কৰাৰ পৰিকল্পনা কৰা হৈছে ।

author img

By

Published : Jul 24, 2022, 9:40 PM IST

National Institute of Unani Medicine
ৰাষ্ট্ৰীয় য়ুনানী ঔষধ প্ৰতিষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

গুৱাহাটী, ২৪ জুলাই: কেন্দ্ৰীয় আয়ুষ তথা বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে(Union minister Sarbananda Sonowal) আজি উত্তৰ প্ৰদেশৰ গাজিয়াবাদস্থিত ৰাষ্ট্ৰীয় য়ুনানী ঔষধ প্ৰতিষ্ঠান(National Institute of Unani Medicine) পৰিদৰ্শন কৰে । এই প্ৰতিষ্ঠানখন হৈছে বেংগালুৰুৰ ৰাষ্ট্ৰীয় য়ুনানী ঔষধ প্ৰতিষ্ঠানৰ এখন আনুষংগিক প্ৰতিষ্ঠান । এয়া হৈছে উত্তৰ ভাৰতত স্থাপন কৰা এনেধৰণৰ প্ৰথম প্ৰতিষ্ঠান (Ghaziabad Institute of Unani Medicine)।

আজি সৰ্বানন্দ সোণোৱালৰ লগত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী জেনেৰেল ভি কে সিং আৰু আয়ুষ মন্ত্ৰালয়ৰ বিষয়াসকল উপস্থিত আছিল । লগতে উত্তৰ প্ৰদেশ চৰকাৰৰ বিষয়াসকল আৰু অন্যান্য প্ৰতিনিধিসকলো উপস্থিত আছিল । এই উপলক্ষে আয়োজিত অনুষ্ঠানত সৰ্বানন্দ সোণোৱালে কয় যে স্বাস্থ্য সম্পৰ্কীয় ৰাষ্ট্ৰীয় নীতিৰ জৰিয়তে স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত আয়ুষক মূলসুঁতিত অন্তৰ্ভুক্ত কৰাৰ লগতে আয়ুষৰ প্ৰণালীসমূহক শিক্ষা, গৱেষণা, চিকিৎসা আদিকে কৰি আধুনিক স্বাস্থ্যসেৱাৰ সকলো স্তৰতে একত্ৰিত কৰাৰ পৰিকল্পনা কৰা হৈছে ।

আয়ুষ মন্ত্ৰালয়ে গৱেষণা আৰুউদ্ভাৱনক বিশেষকৈ উৎসাহিত কৰাৰ লগতে য়ুনানী শিক্ষা আৰু গৱেষণাৰ বাবে শীর্ষ প্ৰতিষ্ঠান বিকশিত কৰাৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে । এই য়ুনানী প্ৰতিষ্ঠানখনে আয়ুষ প্ৰণালীক অধিক জনপ্ৰিয় কৰি তুলিব আৰু দেশৰ উত্তৰ প্ৰান্তৰ প্ৰয়োজনীয়তা পূৰণ কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে । ২০১৯ বৰ্ষৰ ১ মাৰ্চত উত্তৰ প্ৰদেশৰ গাজিয়াবাদত ৰাষ্ট্ৰীয় য়ুনানী ঔষধ প্ৰতিষ্ঠানৰ আধাৰশিলা স্থাপন কৰা হৈছিল ।

এই প্ৰতিষ্ঠানখনে য়ুনানী ঔষধ প্ৰণালীৰ বিভিন্ন শাখাত উচ্চ মানৰ পেছাদাৰী লোকক প্ৰস্তুত কৰি তুলিব । প্ৰতিষ্ঠানখনত ১৪ টা বিভাগ থাকিব আৰু ই য়ুনানী ঔষধ প্ৰণালীৰ বিভিন্ন শাখাত স্নাতকোত্তৰ আৰু ডক্টৰেল পাঠ্যক্ৰম প্ৰদান কৰিব । প্ৰতিষ্ঠানখনে য়ুনানী চিকিৎসা প্ৰণালীৰ(Unani System of Medicine) মৌলিক দিশ, ঔষধৰ বিকাশ, মান নিয়ন্ত্ৰণ, সুৰক্ষা মূল্যাংকন আৰু বৈজ্ঞানিক বৈধতাৰ ওপৰতো গুৰুত্ব দিব । প্ৰতিষ্ঠানখনে য়ুনানী শিক্ষা, স্বাস্থ্যসেৱা আৰু গৱেষণাৰ ক্ষেত্ৰত এক নতুন দিগন্তৰ সূচনা কৰিব বুলি আশা কৰা হৈছে ।

গাজিয়াবাদৰ ৰাষ্ট্ৰীয় য়ুনানী প্ৰতিষ্ঠানখন ৩৮১ কোটিটকা ব্যয়েৰে নিৰ্মাণ কৰা হৈছে । এই প্ৰতিষ্ঠানখনে য়ুনানী চিকিৎসা প্ৰণালীৰ বিশ্বব্যাপী প্ৰচাৰ আৰু গৱেষণাৰ বাবে এক আন্তর্জাতিক সহযোগিতা কেন্দ্ৰ হিচাপে কাম কৰিব । আন্তঃৰাষ্ট্ৰীয় মর্যাদাসম্পন্ন বিশ্ববিদ্যালয় তথা গৱেষণা প্ৰতিষ্ঠানসমূহৰ সৈতে দ্বিপাক্ষিক আৰু বহুপাক্ষিক সহযোগিতা সৃষ্টি কৰাতএই প্ৰতিষ্ঠানে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আশা কৰা হৈছে ।

লগতে পঢ়ক: AAP criticized GoI: দিল্লী চৰকাৰৰ বন মহোৎসৱ HIJACK কৰিছে কেন্দ্ৰীয় চৰকাৰে : গোপাল ৰায়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.