ETV Bharat / state

"উত্তৰ পূৱৰ মানুহ সৰু নেকি?" কনৰাড চাংমা - এনআৰচি

নেডাৰ চতুৰ্থ সমাৰোহত মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই নিজৰ ভাষণত এই মন্তব্য কৰে ৷

"উত্তৰ পূবৰ মানুহ সৰু নেকি?"
author img

By

Published : Sep 9, 2019, 2:23 PM IST

গুৱাহাটী, 9 ছেপ্টেম্বৰঃ "এসময়ত কেন্দ্ৰই উত্তৰ পূবক গুৰুত্বই দিয়া নাছিল ৷ আজি গৃহ মন্ত্ৰীয়ে উত্তৰ পূৱৰ সকলো নেতাৰে নাম জানে" ৷ নেডাৰ চতুৰ্থ সমাৰোহত মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই নিজৰ ভাষণত এই মন্তব্য কৰে ৷

"উত্তৰ পূবৰ মানুহ সৰু নেকি?"

তেওঁ কয় যে আগতে উত্তৰ পূৱে সন্মানেই পোৱা নাছিল ৷ কিন্তু এতিয়া উত্তৰ পূৱে সন্মান পাইছে৷ ইয়াৰোপৰি তেওঁ উত্তৰ পূৱৰ মানুহক আৱেগিক আখ্যা দি কয় যে সৰু সৰু কথাত উত্তৰ পূৱৰ মানুহ সুখী হয় ৷ লগতে কয় যে পূৰ্বতে উত্তৰ পূৱৰ মানুহক সৰু বুলি অনুভৱ কৰিবলৈ বাধ্য কৰিছিল ৷ কিন্তু এতিয়া কাম নহ'লেও দিল্লীত চাহ একাপ দিয়ে আৰু সন্মান দিয়ে ৷ ইপিনে কেবৰ ওপৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁ কয় যে তেওঁলোকে কেবৰ বাবে ভয় খাইছে ৷ এন আৰ চিৰ পৰা বাদ পৰা 19 লাখ লোক মেঘালয়লৈ যাব নেকি বুলি তেওঁলোক ভীতিগ্ৰস্ত হৈছে ৷ তদুপৰি কেবৰ জৰিয়তে বাংলাদেশৰ পৰা নাগৰিক আহি থাকিব নেকি বুলি তেওঁ বাৰুকৈয়ে চিন্তিত হৈছে বুলি চাংমায়ে মন্তব্য কৰে ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.