গুৱাহাটী, ১৫ ফেব্ৰুৱাৰী: গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে বুধবাৰে শপত ল'লে ন্যায়াধীশ সন্দীপ মেহতাই (New CJ of Gauhati High Court) । ৰাজভৱনত ৰাজ্যপাল প্ৰফেচাৰ জগদীশ মুখীয়ে (Assam Governor Jagdish Mukhi) সন্দীপ মেহতাক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে শপত বাক্য পাঠ কৰায় (Sandeep Mehta sworn in as CJ of Gauhati High Court) । ন্যায়াধীশ সন্দীপ মেহতাৰ শপত গ্ৰহণ অনুষ্ঠানত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ উপৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে ।

গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোত উপস্থিত থাকি মুখ্যমন্ত্ৰীয়ে ন্যায়াধীশ সন্দীপ মেহতাক অভিনন্দন জনাই আৰু মুখ্য ন্যায়াধীশ হিচাপে সফল কাৰ্যকালৰ কামনা কৰে । উল্লেখ্য যে, উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়কে ধৰি তিনিজন ন্যায়াধীশৰ কলেজিয়ামে ১২ ফেব্ৰুৱাৰীত এক নিৰ্দেশনা অনুসৰি সন্দীপ মেহতাক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি প্ৰদান কৰে । ইয়াৰ পূৰ্বে তেওঁক ২০১১ত ৰাজস্থান উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ ন্যায়াধীশ হিচাপে নিযুক্তি প্ৰদান কৰা হৈছিল ।
সন্দীপ মেহতাই ১৯৮৬ চনত অধিবক্তা হিচাপে কৰ্মজীৱন আৰম্ভ কৰিছিল । ২০০৪ চনৰ পৰা ২০০৫ লৈ তেওঁ বাৰ কাউন্সিল অৱ ৰাজস্থানৰ উপ-সভাপতি হিচাপে কাৰ্যনিৰ্বাহৰ পিচত ২০১০ চনত সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল । তেওঁক উচ্চতম ন্যায়ালয়ৰ কলেজিয়ামৰ পৰামৰ্শ অনুসৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি প্ৰদান কৰা হয় । গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আৰ এম ছায়াই অৱসৰ গ্ৰহণ কৰাৰ বাবে সন্দীপ মহেতাক তেওঁৰ স্থানত নিযুক্তি প্ৰদান কৰা হয় ।

উল্লেখ্য যে উচ্চতম ন্যায়ালয়ৰ কলেজিয়ামে (The Supreme Court Collegium) পূর্বে ন্যায়াধীশ কে বিনোদ চন্দ্ৰনক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ বাবে মনোনীত কৰিছিল যদিও পৰৱৰ্তী সময়ত কলেজিয়ামে ন্যায়াধীশ চন্দ্রনক পাটনা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ নিযুক্তিত অনুমোদন দিয়ে । ইয়াৰ বিপৰীতে ৮ ফেব্ৰুৱাৰীত সর্বোচ্চ ন্যায়ালয়ৰ কলেজিয়ামে ৰাজস্থান উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ ন্যায়াধীশ সন্দীপ মেহতাক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে মনোনীত কৰে ।
ইয়াৰ পাচতে কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্রণালয়ে ন্যায়াধীশ মেহতাক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ পদত আনুষ্ঠানিকভাৱে নিযুক্তি দিয়ে । গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে আজি শপত গ্ৰহণ কৰা সন্দীপ মেহতাই ২০২৫ চনৰ ১০ জানুৱাৰীত অৱসৰ গ্ৰহণ কৰিব ।