গুৱাহাটী, 31 জানুৱাৰী : বিশিষ্ট শিক্ষাবিদ, সাহিত্যিক, গৱেষক ড৹ শিবনাথ বর্মনৈ(Saganlal Jain Award to Dr Sivanath Barman )অসম সাহিত্য সভাৰ ছগনলাল জৈন বঁটাৰ(Saganlal Jain Award)সন্মান ৷ বঁটালৈ নিজৰ নাম নিৰ্বাচিত হোৱাৰ পিছতে বিশিষ্ট শিক্ষাবিদ, সাহিত্যিক, গৱেষক ড৹ শিবনাথ বর্মনে এক সাক্ষাৎকাৰত ই টি ভিৰ ভাৰতৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁ কয় যে, " মোৰ যি বয়স বৰ্তমান তাত ভাল লগা বেয়া লগা কথা নাই । ভাল বেয়াৰ উৰ্দ্ধত । নাপালেও নাই । খবৰটো শুনি বেয়া লগা নাই আৰু উৎফুল্লিত হোৱাৰ কথা নাই ।"
লগতে এই বঁটালৈ তেওঁক নিৰ্বাচিত কৰাৰ বাবে অসম সাহিত্য সভাক (Assam Sahitya Sabha) ধন্যবাদ জনাই তেওঁ লগতে কয় যে, "এই বঁটাই মোৰ দায়িত্ব বঢ়াইছে কিন্তু দায়িত্ব কিমান পালন কৰিব পাৰিম সেয়া গম নাপাঁও । কিয়নো মোৰ স্বাস্থ্য ভাল নহয় । কোনোবাই বিচাৰিলে ৰাইজৰ সেৱা কৰিবলৈ চেষ্টা কৰিম ।" লগতে এই সাক্ষাৎকাৰত উদীয়মান লেখক লেখিকাক কেৱল ক্ৰিয়েটিভ ৰচনাত ব্যস্ত নাথাকি চিন্তাশিল সাহিত্যৰ ওপৰত গুৰুত্ব দিবলৈ তেওঁ আহ্বান জনায় ।
উল্লেখ্য যে, অসম সাহিত্য সভাই ৫ বছৰৰ মূৰে মূৰে প্ৰদান কৰি অহা ছগনলাল জৈন বঁটা এইবাৰ বিশিষ্ট শিক্ষাবিদ, সাহিত্যিক, গৱেষক ড৹ শিৱনাথ বৰ্মনলৈ আগবঢ়োৱা হৈছে । বিগত ১০ টা বছৰত প্ৰকাশিত মৌলিক গ্ৰন্থৰ বাবে এই বঁটা প্ৰদান কৰা হয় । এই বঁটাৰ লগত আছে স্মাৰক, সম্বৰ্ধনা পত্ৰ, গ্ৰন্থৰ টোপোলা আৰু ৫০ হাজাৰ টকাৰ চেক । ইয়াৰে পূৰ্বে এই বঁটা অনিল ৰায়চৌধুৰী, ৰবীন্দ্ৰ বৰা, পূৰবী বৰমুদৈ আৰু নলিনীধৰ ভট্টাচাৰ্য আগবঢ়োৱা হৈছিল ।
লগতে পঢ়ক : নীলমনি ফুকনে জ্ঞানপীঠ লাভ কৰাতো অতিকৈ আনন্দ আৰু উৎসাহৰ বতৰা: ড০ নগেন শইকীয়া