ETV Bharat / state

খানাপাৰাৰ পৰা গুৱাহাটী বিমান বন্দৰলৈকে নিৰ্মাণ হ’ব ৰোপৱে’ - Tunnel under Brahmaputra river

পুনৰ ৰোপৱে’ৰ প্ৰসংগ ৷ খানাপাৰাৰ পৰা লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰলৈ নিৰ্মাণ কৰিব ৰোপৱে’ ৷ মঙলবাৰে গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন (Guwahati Municipal Election 2022) ৰ এক নিৰ্বাচনী সভাত অংশ লৈ এই কথা সংবাদ মাধ্যমৰ আগত সদৰী কৰে অসম চৰকাৰৰ জলসম্পদ, তথ্য আৰু জনসংযোগ মন্ত্ৰী পীযুষ হাজৰিকাই ৷

Minister Pijush Hazarika
খানাপাৰাৰ পৰা গুৱাহাটী বিমান বন্দৰলৈকে নিৰ্মাণ হ’ব ৰোপৱে’
author img

By

Published : Apr 13, 2022, 12:19 PM IST

Updated : Apr 13, 2022, 4:27 PM IST

গুৱাহাটী, 13 এপ্ৰিল : গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ (GMC Elections 2022) 52 নং বাৰ্ডৰ ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰজোঁটৰ মনোনীত প্ৰাৰ্থী গোকুল গোস্বামীৰ হৈ মঙলবাৰে অসম চৰকাৰৰ জলসম্পদ, তথ্য আৰু জনসংযোগ মন্ত্ৰী পীযুষ হাজৰিকাই নিৰ্বাচনী প্ৰচাৰ চলায় । মঙলবাৰে বিয়লি প্ৰায় 5 বজাত নাৰেংগী ঔঘুলিস্থিত দেহাল থান প্ৰাংগণত এখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে অসম চৰকাৰৰ মন্ত্ৰীগৰাকীয়ে ৷

ভাষণ প্ৰসংগত মন্ত্ৰীগৰাকীয়ে কয় যে, বিজেপি চৰকাৰৰ দিনত গুৱাহাটীত দ্ৰুত উন্নয়ন হৈছে । বিজেপি চৰকাৰ অহাৰ পিছত গুৱাহাটীৰ পাহাৰে-ভৈয়ামে 98% ৰাস্তা-ঘাট নিৰ্মাণ কৰা হৈছে । তাৰোপৰি গুৱাহাটীবাসীৰ খোৱা পানীৰ সমস্যাও সমাধান কৰাৰ বাবে চৰকাৰে প্ৰচেষ্টা হাতত লৈছে । তেওঁ লগতে কয় যে, গুৱাহাটী চহৰখনক ভাৰতবৰ্ষৰ অন্য উন্নত চহৰৰ ভিতৰত সৰ্বাংগ সুন্দৰ, জাকত-জিলিকা কৰাৰ বাবে চৰকাৰে বিভিন্ন পৰিকল্পনা হাতত লৈছে ৷ যান-যঁটৰ সমস্যাৰ পৰা গুৱাহাটীবাসীক কিছু সকাহ দিয়াৰ বাবে চৰকাৰে এইবাৰ লৈছে এটা বিশেষ পদক্ষেপ ৷

লগতে পঢ়ক : GMC Election 2022: কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰতিশ্ৰুতিৰে অগপৰ নিৰ্বাচনী ইস্তাহাৰ মুকলি

খানাপাৰাৰ পৰা লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰলৈ ৰাজ্য চৰকাৰে নিৰ্মাণ কৰিব ৰোপৱে’ ৷ ইয়াৰ দ্বাৰা যাতে খানাপাৰাৰ পৰা আজাৰাস্থিত বিমান বন্দৰলৈ যাওঁতে গুৱাহাটীবাসীয়ে যান-যঁটৰ সমস্যাৰ সন্মুখীন হ’ব নালাগে ৷ লগতে তেওঁ কয় যে, এনে ধৰণৰ ৰোপৱে’ সমূহত প্ৰায় এক লাখ লোকে আহ-যাহ কৰাৰ সুবিধা লাভ কৰিব ৷

খানাপাৰাৰ পৰা গুৱাহাটী বিমান বন্দৰলৈকে নিৰ্মাণ হ’ব ৰোপৱে’

তাৰোপৰি বামুণীমৈদামৰ পৰা গুৱাহাটী ক্লাবলৈ নিৰ্মাণ হ’বলগীয়া উৰণীয়া সেঁতুখন পৰৱৰ্তী 6-8 মাহৰ ভিতৰত সম্পূৰ্ণ কৰিব বুলিও মন্ত্ৰী গৰাকীয়ে ভাষণত উল্লেখ কৰে । এইবাৰ গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত বিজেপিয়ে প্ৰতিখন আখনতেই জয়লাভ কৰিব বুলি দাবী কৰি মন্ত্ৰীগৰাকীয়ে জি এম চিৰ নিৰ্বাচনত কংগ্ৰেছ সম্পূৰ্ণৰূপে উৎখাত হ’ব বুলি সদৰী কৰে ।

লগতে পঢ়ক : ব্ৰহ্মপুত্ৰৰ ওপৰেৰে ৰোপৱে সেৱাৰ পৰীক্ষণমূলক যাত্ৰা সম্পন্ন

52 নং বাৰ্ডৰ এই নিৰ্বাচনী প্ৰচাৰ সভাত অসম ৰাজ্যিক পৰিবহণ নিগমৰ উপাধ্যক্ষ প্ৰণৱজ্যোতি লহকৰ, অসম মীন নিগমৰ উপাধ্যক্ষ নবাৰুণ মেধি, কাৰ্বি উন্নয়ন পৰিষদৰ উপাধ্যক্ষ দিলীপ তাৰো, বিজেপি দিছপুৰ মণ্ডলৰ সভাপতি গগন শৰ্মা, বিজেপিৰ 52 নং বাৰ্ডৰ সহ প্ৰভাৰী ভাস্কৰ ডেকা, প্ৰাক্তন পাৰিষদ পৰেশ কলিতা উপস্থিত থাকে । ইয়াৰ পূৰ্বে মন্ত্ৰী পীযুষ হাজৰিকাই 58 নং ৱাৰ্ডৰ মিত্ৰজোঁটৰ বিজেপিৰ প্ৰাৰ্থী গৌৰী বৰাৰ হৈ বীৰকুছি প্ৰাথমিক বিদ্যালয়ত নিৰ্বাচনী প্ৰচাৰ চলায় ।

উল্লেখ্য যে, বিভিন্ন সময়ত অসম চৰকাৰৰ মন্ত্ৰীয়ে বিভিন্ন আঁচনি ৰূপায়ণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে ৷ কিন্তু সেয়াও বৰ্তমান উঠিছে ধোঁৱাচাঙত ৷ কিয়নো অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা(Chief Minister Himanta Biswa Sarma) ই বিগত বৰ্ষত দেশৰ প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিং (Defence minister Rajnath Singh) ক সাক্ষাৎ কৰি ব্ৰহ্মপুত্ৰ নদীৰ মাজেৰে আৰম্ভ হ’বলগীয়া সুৰংগ(Tunnel under brahmaputra river)ৰ বিষয়ে এক আলোচনাতো মিলিত হৈছিল ৷

মুঠ 4,000 পৰা 5,000 কোটি টকাৰে ব্যয়ৰে নিৰ্মাণ হ’বলগীয়া এই নদীৰ মাজেদি নিৰ্মাণ হ’বলগীয়া সুৰংগৰ বাবে যাৱতীয় অনুমোদন লাভ কৰিছিল বিগত বৰ্ষতেই । এতিয়া প্ৰশ্ন হয়, অসমত ব্ৰহ্মপুত্ৰ নদীৰ মাজেদি নিৰ্মাণ কৰিবলগীয়া ৰে’ল ৰাষ্ট্ৰীয় ঘাইপথৰ তথা পানীৰ তলৰ সুৰংগৰ নিৰ্মাণৰ (Rail cum Highway Underwater Tunnel) আঁচনি কেতিয়া হ’ব ফলপ্ৰসু ? নে মাথো নিৰ্বাচনী প্ৰতিশ্ৰুতিতেই সীমাবদ্ধ থাকিব চৰকাৰী আঁচনি ?

লগতে পঢ়ক : Tunnel under Brahmaputra river : প্ৰতিৰক্ষা বিভাগে নিৰ্মাণ কৰিব সুৰংগ

Last Updated : Apr 13, 2022, 4:27 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.