গুৱাহাটী,5 ডিচেম্বৰঃ অহা 7 ডিচেম্বৰৰ পৰা বন্ধ থাকিব গুৱাহাটী আৰু উত্তৰ গুৱাহাটী সংযোগী ৰ’পৱে সেৱা ৷ গুৱাহাটী পৌৰ উন্নয়ন নিগমে সদৰি কৰিলে এই কথা ৷ কাৰিকৰী কিছু দিশত মেৰামতি কৰাৰ বাবে বন্ধ ৰাখা হ’ব ৰ’পৱে সেৱা ৷ ১১ ডিচেম্বৰত চূড়ান্ত মকড্ৰিলৰ পিছত পুনৰ মুকলি কৰা হ’ব ৰ’পৱে সেৱা ৷

উল্লেখ্য যে, বিগত 4 মাহত প্ৰায় 1 লাখ যাত্ৰীয়ে গুৱাহাটী-উত্তৰ গুৱাহাটী ৰ’পৱেৰে যাত্ৰা কৰা বুলি জানিবলৈ দিয়ে গুৱাহাটী পৌৰ উন্নয়ন নিগমৰ বিষয়াই ৷
লগতে পঢ়ক-মই কোৱা কথাবোৰ কেতিয়াও সলনি নহয়, মোৰ ওপৰত দৃষ্টি ৰাখিবঃ লুৰীণজ্যোতি গগৈ