ETV Bharat / state

মুকলি হ'ল মহানগৰীৰ বহু প্ৰত্যাশিত ৰোপৱে’ সেৱা

author img

By

Published : Aug 24, 2020, 2:14 PM IST

Updated : Aug 24, 2020, 10:07 PM IST

সুদীৰ্ঘ প্ৰতীক্ষাৰ অন্তত সোমবাৰে মহানগৰীত মুকলি হ’ল ৰোপৱে’ সেৱা ৷ উত্তৰ গুৱাহাটী ৰোপৱে’ টাৰ্মিনেলৰ ফিটা কাটি এই সেৱাৰ উদ্বোধন কৰে অসম চৰকাৰৰ মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ।

Rope way inauguration guwahati assam etv bharat news
মহানগৰীৰ ৰোপৱে’ সেৱা মুকলি

গুৱাহাটী,24 আগষ্ট: অৱশেষত বহুদিনীয়া আশা পূৰণ হ’ল মহানগৰবাসীৰ ৷ সুদীৰ্ঘ প্ৰতীক্ষাৰ অন্তত সোমবাৰে মহানগৰীত মুকলি হ’ল ৰোপৱে’ সেৱা ৷ মহানগৰীৰ পৰা উত্তৰ গুৱাহাটী সংযোগী এই ৰোপৱে’ সেৱাৰ লাভালাভ লাভ কৰিবলৈ সক্ষম হ’ব মহানগৰীবাসীয়ে ৷ উত্তৰ গুৱাহাটী ৰোপৱে’ টাৰ্মিনেলৰ ফিটা কাটি এই সেৱাৰ উদ্বোধন কৰে অসম চৰকাৰৰ মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই । গুৱাহাটীৰ পৰা ৰোপৱে’ত উঠি মন্ত্ৰী শৰ্মাই দিয়ে যাতায়াতৰ নতুন বাৰ্তা । মন্ত্ৰীগৰাকীৰ সৈতে সোমবাৰৰ এই কাৰ্যসূচীত উপস্থিত থাকে সাংসদ কুইন ওজা আৰু গুৱাহাটীৰ উন্নয়ন মন্ত্ৰী অশোক সিংঘাল আৰু সিদ্ধাৰ্থ ভট্টাচাৰ্য ৷ উক্ত অনুষ্ঠানত স্বাস্থ্য মন্ত্ৰীগৰাকী উপস্থিত থাকিলেও কোনোধৰণৰ মতামত প্ৰকাশৰ পৰা বিৰত থাকে ৷

মহানগৰীৰ ৰোপৱে’ সেৱা মুকলি

উল্লেখ্য যে, এই ৰোপৱে’ৰে এবাৰত 30 গৰাকী যাত্ৰীয়ে যাতায়াত কৰিব পাৰিব ৷ কিন্তু সম্প্ৰতি কৰ’ণা ভাইৰাছৰ বাবে 30 ৰ পৰিৱৰ্তে 15 গৰাকী যাত্ৰীয়ে যাতায়াত কৰাৰ ক্ষেত্ৰতহে অনুমোদন জনোৱা হৈছে ৷ প্ৰায় 56 কোটি টকা ব্যয় সাপেক্ষে জি এম ডিএ-ৰ তত্বাৱধানত নিৰ্মাণ হোৱা প্ৰায় 2 কিল’মিটাৰ দৈৰ্ঘৰ ৰোপৱে’ নিৰ্মাণৰ কাম আৰম্ভ হৈছিল 2009 চনত ৷ নদীৰ ওপৰত স্থাপন কৰা ভাৰতৰ ভিতৰতে দীৰ্ঘতম এই ৰোপৱে’ৰ যোগেদি গুৱাহাটীৰ পৰা উত্তৰ গুৱাহাটীলৈ যাবলৈ সময় লাগিব ৭-৮ মিনিট ৷ যিয়ে দুয়োখন ঠাইৰ জন সাধাৰণৰ যাতায়ত বহু পৰিমাণে সূচল কৰি তুলিব ৷ এবাৰ যাত্ৰা কৰোতে 60 টকা ব্যয় কৰাৰ পৰিৱৰ্তে যাত্ৰীসকলে অহা-যোৱা দুয়োটা ক্ষেত্ৰত ব্যয় কৰিব লাগিব 100 টকা ৷ জন সাধাৰণৰ বাবে ৰোপৱে’ মুকলি কৰি মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই এই প্ৰকল্প 2011 বৰ্ষত সমাপ্ত কৰাৰ পৰিকল্পনা থকাৰ কথা ব্যক্ত কৰে ৷

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য

২০০৯ চনতে নিৰ্মাণ কাৰ্য আৰম্ভ হোৱা ৰোপৱে’ প্ৰকল্পটো মুকলি কৰি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, সোমবাৰৰ দিনটোত অসমৰ ৰাইজৰ লগতে গুৱাহাটীবাসীৰ বাবে গুৰুত্বপূর্ণ দিন ৷ ভাৰতৰ ৰোপৱে’ থকা স্থাসমূহৰ মাজত এতিয়া স্থানলাভ কৰিব অসমে ৷ এইক্ষেত্ৰত মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ ওচৰত চিৰকৃতজ্ঞ বুলি কয় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ এই প্ৰকল্প ২০১১ বৰ্ষত সমাপ্ত কৰাৰ পৰিকল্পনা আছিল যদিও ৰোপৱে’ আৰম্ভ কৰাৰ পূৰ্বে আইনখন নাছিল বাবে নিৰ্মাণৰ কাম কিছু স্থবিৰ হোৱা বুলি কয় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য

সমান্তৰালকৈ, গুৱাহাটী মহানগৰীৰ ফুট অভাৰব্ৰীজৰ প্ৰসংগত মন্তব্য কৰি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় আগন্তুক দিনত গুৱাহাটীত ৯ খন ফুট অভাৰব্ৰীজ বনোৱা হ’ব আৰু আটাইকেইখন অভাৰব্ৰীজ ফেব্ৰুৱাৰী মাহত একেদিনাই একেলগে উদ্বোধন কৰা হ’ব ৷

লগতে চাওকঃ ডিজিটেল প্ৰক্ৰিয়াৰে হ'ব পৰৱৰ্তী লোকপিয়ল

Last Updated : Aug 24, 2020, 10:07 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.