ETV Bharat / state

গুৱাহাটী বিশ্ববিদ্যালয়ত অত্যাধুনিক ৰবট মুকলি

গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা শাখাৰ সভাকক্ষত আনুষ্ঠানিকভাৱে এই সজুলি তিনিবিধ মুকলি কৰা হয় । নীলকণ্ঠ, জেপমিনি আৰু টেংক-254 উদ্বোধন কৰা হয় । প্ৰাক্তন ছাত্ৰ অৰ্ণৱ বৰ্মন আৰু তেওঁৰ সহযোগীৰ নেতৃত্বাধীন 'ডি. এছ. আৰ. এল' নামৰ এটা ষ্টাৰ্ট আপ প্ৰতিস্থানৰ উদ্যোগত নিৰ্মাণ কৰা হৈছে এই বিশেষ প্ৰযুক্তিৰ ৰবট আৰু সঁজুলিবিধ।

author img

By

Published : Dec 30, 2020, 7:37 PM IST

গুৱাহাটী বিশ্ববিদ্যালয়ত অত্যাধুনিক ৰবট মুকলি
গুৱাহাটী বিশ্ববিদ্যালয়ত অত্যাধুনিক ৰবট মুকলি

গুৱাহাটী,30 ডিচেম্বৰঃ গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা শাখাৰ প্ৰাক্তন শিক্ষাৰ্থীৰ বিশেষ উদ্ভাৱন । ছেনিটাইজেশ্বনৰ কৰা তিনিটাকৈ সজুলি প্ৰস্তুত কৰি উলিয়াইছে বিভাগটোৰ শিক্ষাৰ্থীসকলে। কৰ'ণাসৃষ্ট পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিব পৰাকৈ এই বিশেষ সজুলিৰ উদ্ভাৱন কৰিছে প্ৰাক্তন শিক্ষাৰ্থীসকলে ।

বুধবাৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা শাখাৰ সভাকক্ষত আনুষ্ঠানিকভাৱে এই সজুলি তিনিবিধ মুকলি কৰা হয় । নীলকণ্ঠ, জেপমিনি আৰু টেংক-254 উদ্বোধন কৰা হয় । প্ৰাক্তন ছাত্ৰ অৰ্ণৱ বৰ্মন আৰু তেওঁৰ সহযোগীৰ নেতৃত্বাধীন 'ডি. এছ. আৰ. এল' নামৰ ষ্টাৰ্ট আপ প্ৰতিস্থানৰ উদ্যোগত নিৰ্মাণ কৰা হৈছে এই বিশেষ প্ৰযুক্তিৰ ৰবট আৰু সঁজুলিবিধ । ইয়াৰে নীলকণ্ঠ নামৰ ৰবটটোৰে চিনেমাগৃহ, শ্বপিং মল, বাণিজ্যিক ক্ষেত্ৰ, কাৰ্যালয়, শিক্ষানুষ্ঠান, চিকিৎসালয়, বিমান, ৰে'ল আদি বৃহৎ অনুষ্ঠান ছেনিটাইজ কৰিব পাৰিব। অতি কম সময়ৰ ভিতৰতে ই-বিজাণুমুক্ত কৰিব পাৰিব । একেদৰে জেপমিনি আৰু টেংক-254য়ে ক্ষুদ্ৰ ক্ষুদ্ৰ সামগ্ৰী ছেনিটাইজ কৰিব । 9 মাহৰ ভিতৰত শিক্ষাৰ্থী, প্ৰাক্তন শিক্ষাৰ্থী, শিক্ষক আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ এটা গৱেষণা গোটে অত্যাধুনিক প্ৰযুক্তিৰে নিৰ্মাণ কৰিছে এই ৰবট আৰু সঁজুলি ।

ইফালে অতি কম মূল্যত অসমৰ বজাৰত উপলব্ধ হ'ব এই ৰবট আৰু সঁজুলি । উল্লেখযোগ্য যে এই উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ প্ৰতাপ জ্যোতি সন্দিকৈ, পঞ্জীয়ক হেমন্ত কুমাৰ নাথ, AICTE ৰ সঞ্চালক প্ৰঃ অনিল সহস্ৰবুদ্ধকে প্ৰমুখ্য কৰি ভালে সংখ্যক গণ্য মান্য ব্যক্তি ৷

লগতে পঢ়কঃ কৰ্ণাটকৰ স্থানীয় নিকায় নিৰ্বাচনৰ ভোট গণনা আৰম্ভ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.