গুৱাহাটী, ১০ অক্টোবৰ : মানৱ সমাজৰ দুখ-দুৰ্গতি নাশ কৰি শান্তি প্ৰতিষ্ঠাৰ হকে শাৰদীয় দুৰ্গোৎসৱত ধৰাৰ বুকুলৈ অহা দুৰ্গতিনাশিনী দেৱী দুৰ্গাৰ যেন আজি আৰ্বিভাৱ হ’ল গুৱাহাটী মহানগৰীৰ ৰাজপথত । পথত পদাৰ্পণ কৰিয়ে জীৱননাশক 'পথ দুৰ্ঘটনা' নামৰ অত্যাচাৰী মহিষাসুৰটোক সকিয়নী দিলে দুৰ্গতিনাশিনী দেৱী দুৰ্গাই । পথত চলাচল কৰা সকলো লোকৰে সুৰক্ষা আৰু বিপদমুক্ত জীৱনৰ নিশ্চয়তা কামনা কৰি ৰাজপথৰ আইন উলংঘাকাৰী মহিষাসুৰৰূপী চালকক আনকি নিধন কৰিবলৈয়ো যেন উদ্যত হ’ল দুৰ্গতিনাশানী দেৱী দুৰ্গা ।
![Road Safety Awareness Guwahati](https://etvbharatimages.akamaized.net/etvbharat/prod-images/10-10-2023/as-ghy-04-road-safety-awareness-programme-in-guwahati-by-transport-department-7209925_10102023212217_1010f_1696953137_369.jpg)
উল্লেখ্য যে অসম চৰকাৰৰ পৰিবহণ বিভাগ আৰু কামৰূপ মহানগৰ জিলা পথ সুৰক্ষা সমিতিৰ উদ্যোগত মঙলবাৰে সন্ধিয়া মহানগৰীৰ গণেশগুৰিৰ উৰণীয়া সেঁতুৰ তলত অগণন ৰাইজৰ উপস্থিতিত অনুষ্ঠিত হয় পথ সুৰক্ষা সজাগতাৰ অনুষ্ঠান । এই অনুষ্ঠানতে এখনি বাটৰ নাট পৰিৱেশন কৰি নেডফিমছৰ শিল্পীসকলে পথ সুৰক্ষা সজাগতাৰ ক্ষেত্ৰত এক ব্যতিক্ৰমী আহ্বান জনায় । অনুষ্ঠানটোত বিশিষ্ট অভিনেত্ৰী চেতনা দাস, গায়িকা মৌচুমী চহৰীয়া, বিশিষ্ট সাংবাদিক প্ৰণয় বৰদলৈ, প্ৰাণজিৎ শইকীয়া, পৰাগমণি আদিত্য, ছায়ামনি ভূঞা, কন্ঠশিল্পী কল্লোল বৰঠাকুৰ আৰু সাংবাদিক মানস প্ৰতিম ডেকা উপস্থিত থাকে ৷
![Road Safety Awareness Guwahati](https://etvbharatimages.akamaized.net/etvbharat/prod-images/10-10-2023/as-ghy-04-road-safety-awareness-programme-in-guwahati-by-transport-department-7209925_10102023212217_1010f_1696953137_998.jpg)
দুৰ্গোৎসৱৰ সময়ত সংঘটিত পথ দুৰ্ঘটনা ৰোধৰ উদেশ্যে অনুষ্ঠিত পথ সুৰক্ষা সজাগতা অনুষ্ঠানটোৰ উদ্দেশ্য বাখ্যা কৰে ৰাজ্যৰ সহকাৰী পৰিবহণ আয়ুক্ত তথা অতিৰিক্ত দায়িত্ববাহী কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া গৌতম দাসে । তেওঁ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু পৰিবহণ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই ৰাজ্যত সংঘটিত হ’ব পৰা সম্ভাব্য পথ দুৰ্ঘটনাৰ আশংকা আৰু ভয়াৱহতাৰ কথা উল্লেখ কৰি ইয়াৰ প্ৰতিকাৰৰ বাবে সমাজৰ সকলো স্তৰলৈ পথ সুৰক্ষা সজাগতা আগবঢ়াই নিয়াৰ কথা উল্লেখ কৰি এইক্ষেত্ৰত সকলোৰে সহযোগিতা কামনা কৰে ।
![Road Safety Awareness Guwahati](https://etvbharatimages.akamaized.net/etvbharat/prod-images/10-10-2023/as-ghy-04-road-safety-awareness-programme-in-guwahati-by-transport-department-7209925_10102023212217_1010f_1696953137_599.jpg)
দুৰ্গোৎসৱৰ এই আনন্দময় পৰিৱেশত পূজাৰ আনন্দ কেৱল সাত্বিকভাৱে উপভোগ কৰি নিজৰ লগতে আনৰ বিপদ হ’ব পৰা উশৃংখল কাৰ্যৰ পৰা বিৰত থাকিবলৈ আহ্বান জনায় । বিগত কেইবছৰমানৰ পৰা গুৱাহাটী মহানগৰীত উৎসৱৰ বতৰত পথ দুৰ্ঘটনাৰ সংখ্যা ক্ৰমাগতভাৱে বৃদ্ধি হোৱাৰ কথা উল্লেখ কৰি তেওঁ কয় যে পূজাৰ বতৰত নিচাযুক্ত দ্ৰব্য সেৱন কৰি কোনোৱে যাতে যানবাহন নচলায়৷ দ্ৰুতগতি পৰিহাৰ কৰি সকলোকে নিয়ন্ত্ৰিত গতিতহে গাড়ী চলাবলৈ আহ্বান জনাই দুচকীয়া বাহনত চালক আৰু আৰোহী উভয়কে হেলমেট পৰিধান কৰিবলৈ সতৰ্ক কৰি দি ছীটবেল্ট ব্যৱহাৰ কৰিহে চাৰিচকীয়া বাহন চলাবলৈ তেওঁ আহ্বান জনায় ।
![Road Safety Awareness Guwahati](https://etvbharatimages.akamaized.net/etvbharat/prod-images/10-10-2023/as-ghy-04-road-safety-awareness-programme-in-guwahati-by-transport-department-7209925_10102023212217_1010f_1696953137_943.jpg)
পথ সুৰক্ষা সজাগতা অনুষ্ঠানটোত উপস্থিত থাকি বিশিষ্ট সাংবাদিক প্ৰণয় বৰদলৈ, প্ৰাণজিৎ শইকীয়া আৰু পৰাগমনি আদিত্যই আগন্তুক দুৰ্গা পূজাৰ উৎসৱকালীন সময়ত সকলো যান-বাহন ব্যৱহাৰকাৰীকে ধৈৰ্য আৰু সংযম ৰক্ষা কৰিহে যানবাহন চলাবলৈ আহ্বান জনায় । পথত গাড়ী চলাওঁতে বহুসময়ত পৰস্পৰৰ সহযোগিতা, মনোযোগিতাৰ অভাৱতে বহু দুৰ্ঘটনা সংঘটিত হোৱাৰ কথা উল্লেখ কৰি যানবাহন চলোৱাৰ সময়ত মানি চলিবলগীয়া নীতি-নিয়মসমূহক সদায় মনত ৰাখিবলৈ অনুৰোধ জনায় ।
![Road Safety Awareness Guwahati](https://etvbharatimages.akamaized.net/etvbharat/prod-images/10-10-2023/as-ghy-04-road-safety-awareness-programme-in-guwahati-by-transport-department-7209925_10102023212217_1010f_1696953137_292.jpg)
অনুষ্ঠানটোৰ অন্যতম অতিথি তথা বিশিষ্ট অভিনেত্ৰী চেতনা দাসে এইবাৰৰ দুৰ্গাপূজা পথ দুৰ্ঘটনামুক্ত তথা বিপদমুক্ত কৰিবলৈ সকলোৰে প্ৰতি কাতৰ আহ্বান জনায় । উল্লেখ্য যে সজাগতা অনুষ্ঠানটোৰ মাজতে বিশিষ্ট অতিথিসকলে সহকাৰী পৰিবহণ আয়ুক্ত গৌতম দাসৰ পৰিকল্পনাত যুগুতাই উলিওৱা এটি পথসুৰক্ষাৰ গীত মুকলি কৰে । যানবাহন চলাওঁতে মানি চলিবলগীয়া ‘পঞ্চসূত্ৰ’ৰ আধাৰত গীতটিৰ কন্ঠ আৰু সুৰ শিল্পী কল্লোল বৰঠাকুৰৰ ৷ কন্ঠশিল্পী মৌচুমী চহৰীয়াই ‘মানুহে মানুহৰ বাবে’ গীতটি পৰিৱেশন কৰি ৰাজপথত সকলোকে পৰস্পৰৰ প্ৰতি সহযোগিতা আগবঢ়াবলৈ অনুৰোধ জনায় । একেটা অনুষ্ঠানতে নিৰ্বাক গোষ্ঠীৰ শিল্পীসকলে পথ-সুৰক্ষামূলক মুকাভিনয় পৰিৱেশন কৰি সজাগতা সৃষ্টি কৰে ৷