ETV Bharat / state

অখিল গগৈৰ ন্যায়িক যুঁজৰ বাবে ৰাইজৰ সাহায্য প্ৰদান

কাৰাবন্দী নেতা অখিল গগৈৰ মুক্তিৰ বাবে আইনী যুঁজ চলাই নিয়াৰ স্বাৰ্থত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে সহায় বিচাৰিছে ৰাজ্যবাসীৰ পৰা ৷ সংগঠনটোৰ এই আহ্বানৰ প্ৰতি অভূতপূৰ্ব সঁহাৰি প্ৰদান কৰিছে জন সাধাৰণে ৷ বিভিন্ন লোকে এই যুঁজত সহায় হোৱাৰ উদ্দেশ্যে আগবঢ়াইছে অৰ্থ সাহায্য ৷

Rising donations for Akhil Gogois judicial battle guwahati assam etv bharat news
অখিল গগৈৰ ন্যায়িক যুঁজৰ বাবে ৰাইজৰ সাহায্য প্ৰদান
author img

By

Published : Aug 17, 2020, 4:47 PM IST

গুৱাহাটী,17 আগষ্ট: বৰ্তমান ৰাজ্যৰ প্ৰেক্ষাপটত এক গুৰুত্বপূৰ্ণ প্ৰশ্ন হৈছে কৃষক নেতা অখিল গগৈৰ মুক্তি কেতিয়া হ’ব ! কিয়নো দীৰ্ঘদিনে এটাৰ পিছত আন এটা গোচৰ জাপি দি কৃষক নেতাগৰাকীক কাৰাৰুদ্ধ কৰি ৰখা হৈছে ৷ নাগৰিকত্ব সংশোধনী আইন বাতিলৰ উপৰিও চৰকাৰৰ ভুল নীতিসমূহৰ বিৰুদ্ধে বজ্ৰকণ্ঠে প্ৰতিবাদ কৰাৰ বাবে চৰকাৰে নেতাগৰাকীক কাৰাবন্দী কৰি ৰখাৰ অভিযোগ উত্থাপন কৰিছে ৰাজ্যবাসীয়ে ৷ গগৈৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰৰ বাবে আদালতৰ কাষ চাপিও বাৰে-বাৰে ব্যৰ্থ হৈছে কৃষক নেতাগৰাকী ৷ যাৰ বাবে উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তাৰ সৈতে আলোচনাৰ অন্তত অখিল গগৈৰ আইনী যুঁজ চলাই নিয়াৰ পৰিকল্পনা ৰচিছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ৷

অখিল গগৈৰ ন্যায়িক যুঁজৰ বাবে ৰাইজৰ সাহায্য প্ৰদান

এই আইনী যুঁজৰ বাবে ৰাইজৰ পৰা আৰ্থিক সাহায্য বিচাৰিছে কৃষক সংগঠনটোৱে ৷ সংগঠনটোৰ এই আহ্বানৰ পিছতে কৃষক নেতা গগৈৰ ন্যায় প্ৰাপ্তিৰ পক্ষত থিয় হৈছে বিভিন্ন গৰাকী ৷ বিভিন্ন গৰাকী লোকে এই যুঁজত সহায় হোৱাৰ উদ্দেশ্যে আগবঢ়াইছে অৰ্থ সাহায্য ৷ ভিন্ন প্ৰান্তৰ বিশেষকৈ গোলাঘাটৰ মেৰাপানী, টেঙানী, খুমটাই, যোৰহাটৰ গৰুমৰা, বৰহোলা আদি অঞ্চলৰ ৰাইজে স্বতঃস্ফূৰ্তভাৱে অখিল গগৈৰ ন্যায়িক যুঁজত সহায় আগবঢ়োৱাৰ কথা জানিব পৰা গৈছে ৷ ৰাইজৰ এই সঁহাৰিত অভিভূত হৈ পৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিগৰাকী সদস্য ৷

লগতে চাওকঃ প্ৰাপ্য লাভৰ দাবীত মুছলপুৰত প্ৰতিবাদ

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.