ETV Bharat / state

শাসকীয় দলে সংবিধানক কটাক্ষ কৰিছেঃ ৰিপুন বৰা

author img

By

Published : Jul 23, 2020, 10:27 PM IST

বিজেপিয়ে বিৰোধী দলক সাংবিধানিক মৰ্যদাৰ পৰা বঞ্চিত কৰিছে । অকল গণতন্ত্ৰ বিৰোধীয়ে নহয় সংবিধানকো চূড়ান্তভাৱে কটাক্ষ কৰিছে শাসকীয় দলে ৷ এই মন্তব্য অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ সভাপতি ৰিপুন বৰাৰ ৷ এই সন্দৰ্ভত অভিযোগ পত্ৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ প্ৰেৰণ ৷

RIPUN BORA RECATION ON ASSAM GOVERMENT
শাসকীয় দলে সংবিধানক কটাক্ষ কৰিছেঃ ৰিপুন বৰা

গুৱাহাটী, 23 জুলাই : বিজেপিয়ে বিৰোধী দলক সাংবিধানিক মৰ্যদাৰ পৰা বঞ্চিত কৰিছে । অকল গণতন্ত্ৰ বিৰোধীয়ে নহয় সংবিধানকো চূড়ান্তভাৱে কটাক্ষ কৰিছে শাসকীয় দলে ৷ এই মন্তব্য অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ সভাপতি ৰিপুন বৰাৰ ৷

লগতে,সভাপতি গৰাকীয়ে জনোৱা অনুসৰি,মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত ৰাজ্যৰ বিভিন্ন জিলাত অনুষ্ঠিত হৈ আছে চৰকাৰী কাৰ্যসূচী । কিন্তু এই কাৰ্যসূচী সমূহত আমন্ত্ৰণ কৰা নাই স্থানীয় বিৰোধী দলৰ বিধায়ক সকলক । যাৰ বাবে বিৰোধী দলে পাবলগীয়া সাংবিধানিক মৰ্যদা বিজেপিয়ে নিজৰ স্বাৰ্থত খৰ্ব কৰিছে । এই কাৰ্য কেৱল গণতন্ত্ৰ বিৰোধীয়ে নহয় সংবিধান বিৰোধী বুলিও সভাপতি গৰাকীয়েও উল্লেখ কৰে ৷

আনহাতে,সৰুক্ষেত্ৰী সমষ্টিৰ আৰক্ষী থানাৰ নতুন ভৱন মুকলি অনুষ্ঠানত আমন্ত্ৰিত নহ'ল স্থানীয় বিধায়ক জাকিৰ হুছেইন শিকদাৰ । তাৰ বিপৰীতে সৰভোগ সমষ্টিৰ বিধায়ক ৰঞ্জিত কুমাৰ দাসৰ নাম ফলক দিয়াক লৈয়ো প্ৰতিক্ৰিয়া ৰিপুন বৰাৰ । ইফালে,এই সন্দৰ্ভত এক অভিযোগ পত্ৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ প্ৰেৰণ কৰা বুলি সভাপতি ৰিপুণ বৰাই জানিবলৈ দিয়ে ৷

লগতে পঢ়ক : কঠিয়াতলিৰ পৰাই অখিল গগৈৰ মুক্তিৰ দাবী চহা কৃষকৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.