গুৱাহাটী,৮ এপ্ৰিল: ২ মে'লৈ এতিয়াও বহুদিন বাকী । অংক কৰি অপেক্ষা কৰাৰ বাহিৰে এতিয়া ৰাজনৈতিক নেতাসকলৰ আন কোনো উপায় নাই । কিয়নো ই ভি এমত বন্দী হৈ থকা প্ৰাৰ্থীসকলৰ ৰাজনৈতিক ভৱিষ্যৎ ২ মে'তহে নিৰ্ণয় হ'ব । এনে সময়তে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই দেশৰ নিৰ্বাচন আয়োগলৈ প্ৰেৰণ কৰিছে এখন পত্ৰ ।
পত্ৰখনত প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে ২ মে'ত ই ভি এম খোলাৰ পূৰ্বেই প'ষ্টেল বেলটসমূহৰ গণনা সম্পূৰ্ণ কৰিবলৈ নিৰ্বাচন আয়োগক অনুৰোধ জনাইছে । কিয়নো বিহাৰ বিধানসভা নিৰ্বাচনত ই ভি এমৰ ভোটৰ হিচাপ কৰাৰ পিছতহে প'ষ্টেল বেলটৰ গণনা কৰা হৈছিল ।
ইয়াৰ নেতিবাচক প্ৰভাৱে বিহাৰৰ নিৰ্বাচনক নিকা হৈ থাকিব নিদিলে । অনুৰূপ অৱস্থা যাতে অসমৰ ক্ষেত্ৰতো নহয় তাৰ বাবে ই ভি এমৰ ভোট গণনাৰ পূৰ্বে প'ষ্টেল বেলটৰ গণনা কৰিবলৈ নিৰ্বাচন আয়োগক অনুৰোধ জনাইছে ৰিপুণ বৰাই ।
লগতে পঢ়ক:বকলীয়াঘাটত পথ দুর্ঘটনাত দুজন আহত