ETV Bharat / state

গাদী ৰক্ষাৰ বাবে যুঁজিব লগা হৈছিল প্ৰদেশ কংগ্ৰেছৰ বিদায়ী সভাপতি ৰিপুন বৰাই - প্ৰদেশ কংগ্ৰেছৰ সভাপতি

গাদী তথা চকী ৰক্ষাৰ বাবে যুঁজ দি অৱশেষত অসম ৰাজ্যিক প্ৰদেশ কংগ্ৰেছৰ সভাপতি পদৰ পৰা অব্যাহতি ল’লে ৰিপুন বৰাই ৷ বৰাৰ বিদায়ী ভাষণত প্ৰদেশ কংগ্ৰেছৰ ভিতৰচ'ৰাত চলি থকা ক্ষমতাকেন্দ্ৰিক সংঘাতৰ স্পষ্ট স্বৰূপ প্ৰতিফলিত হয় ।

ripun bora
গাদী ৰক্ষাৰ বাবে যুঁজিব লগা হৈছিল বিদায়ী সভাপতি ৰিপুন বৰাই
author img

By

Published : Aug 4, 2021, 6:24 PM IST

গুৱাহাটী,৪ আগষ্ট : অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি(Assam Pradesh Congress Committee President) পদৰ পৰা বুধবাৰে আনুষ্ঠানিকভাৱে অব্যাহতি ললে ৰিপুন বৰাই (Ripun Bora) ৷ দলৰ সভাপতি পদৰ পৰা অব্যাহতি লোৱাৰ সময়ত নেতাগৰাকীক আবেগিক হৈ পৰা পৰিলক্ষিত হৈছিল ৷ বৰাৰ বিদায়ী ভাষণত প্ৰদেশ কংগ্ৰেছৰ ভিতৰ চ'ৰাত চলি থকা ক্ষমতাকেন্দ্ৰিক সংঘাতৰ স্পষ্ট স্বৰূপ প্ৰতিফলিত হয় ।

ripun bora
গাদী ৰক্ষাৰ বাবে যুঁজিব লগা হৈছিল বিদায়ী সভাপতি ৰিপুন বৰাই

প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে ৰিপুন বৰাই বিগত পাঁচ বছৰ বিজেপিৰ বিৰুদ্ধে যুঁজ দিয়াৰ সমান্তৰ‍লকৈ নিজৰ চকী ৰক্ষাৰ বাবেও দিব লগা হৈছিল যুঁজ । এই কথা আমি কোৱা নাই । এই কথা কৈছে খোদ ৰিপুন বৰাই । প্ৰদেশ কংগ্ৰেছৰ বিদায়ী সভাপতি হিচাপে দিয়া ভাষণত বৰাই কয় যে, মই মোৰ সময়ত সন্মুখীন হোৱা পৰিৱেশৰ যাতে নৱ নিযুক্ত সভাপতি ভূপেন বৰাই সন্মুখীন নহয় তাৰেই কামনা কৰিছো । মোৰ সময়ত হোৱা বুৰঞ্জীৰ যাতে পুনৰাবৃত্তি নহয় ।

তেওঁ লগতে কয় যে, মই এফালে বিজেপিৰ বিৰুদ্ধে যুঁজ দিয়াৰ লগতে আনফালে গাদী তথা চকী ৰক্ষাৰ বাবে যুঁজ দিবলগীয়া হৈছিল । গাদী ৰক্ষাৰ বাবে বাৰে বাৰে যুঁজিব লগা হৈছিল । তেনে পৰিস্থিতিৰ যাতে ভূপেন বৰাই সন্মুখীন নহয় তাৰেই কামনা কৰিছো ।

আনহাতে লবীকেন্দ্ৰীক ৰাজনীতিৰ বাবে প্ৰদেশ কংগ্ৰেছ বিপৰ্যয়ৰ সন্মুখীন হোৱাটোও বিদায়ী সভাপতিগৰাকী বক্তব্যই প্ৰমাণ কৰে । ইফালে প্ৰদেশ কংগ্ৰেছৰ নৱনিযুক্ত সভাপতি ভূপেন কুমাৰ বৰা (Bhupen Kumar Borah)আৰু কাৰ্যকৰী সভাপতি ক্ৰমে ৰাণা গোস্বামী, কমলাক্ষ দে' পুৰকায়স্থ আৰু জাকিৰ হুছেইন শিকদাৰে আজি আনুষ্ঠানিকভাৱে কাৰ্যভাৰ গ্ৰহণ কৰে ।

গুৱাহাটীস্থ কলাক্ষেত্ৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আয়োজন কৰা বিশাল কাৰ্যভাৰ গ্ৰহণ অনুষ্ঠানত বিদায়ী সভাপতি ৰিপুন বৰাই দিয়া নিজৰ ভাষণত দীৰ্ঘদিনীয়া মনৰ ক্ষোভ ব্যক্ত কৰে । অনুষ্ঠানত ৰিপুন বৰাই নৱনিযুক্ত সভাপতি ভূপেন বৰাক শুভেচ্ছা জ্ঞাপন কৰি আনুষ্ঠানিকভাৱে কাৰ্যভাৰ অৰ্পণ কৰে ।

লগতে পঢ়ক : কৃষি বিভাগৰ কেলেংকাৰী-চুবুৰীয়া ৰাজ্যৰ আগ্ৰাসনক লৈ উত্তাল বিধানসভা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.