ETV Bharat / state

ঘৰ এখন, প্ৰাৰ্থী তিনিগৰাকী, সম্পত্তি প্ৰায় 300 কোটি !

author img

By

Published : Apr 3, 2021, 8:22 PM IST

অসমৰ এটা কোটি টকীয়া ৰাজনীতিকৰ পৰিয়াল ৷ একেখন ঘৰতে প্ৰাৰ্থী তিনিগৰাকী ৷ তিনিওৰে সম্পত্তিৰ মুঠ পৰিমাণ প্ৰায় 300 কোটি ৷ ক’ত আছে এই কোটিপতি ৰাজনীতিকৰ পৰিয়ালটো ?

Rich politician family of Assam
ঘৰ এখন, প্ৰাৰ্থী তিনিগৰাকী, সম্পত্তি প্ৰায় 300 কোটি !

গুৱাহাটী, 30 মাৰ্চ : দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত অভিলেখ গঢ়া এটা পৰিয়াল ৷ এখন ঘৰ, এটা পৰিয়াল, প্ৰাৰ্থী তিনিগৰাকী ৷ বৰাক উপত্যকাৰ তিনিটা ভিন্ন সমষ্টিত প্ৰতিদ্বন্দিতা কৰিছে তিনিওগৰাকীয়ে ৷ কেৱল প্ৰতিদ্বন্দিতাৰ বাবে নহয়, পৰ্বতসম সম্পত্তিৰ বাবেও চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে এই বিশেষ পৰিয়ালটো ৷ এই বিশেষ পৰিয়ালটো হ’ল প্ৰাক্তন মন্ত্ৰী গৌতম ৰয়ৰ ৷ অসমৰ ৰাজনীতিত এক বিশেষ নাম আছে গৌতম ৰয়ৰ পৰিয়ালৰ ৷ তেওঁৰ লগতে পত্নী মন্দিৰা ৰয় আৰু পুত্ৰ ৰাহুল ৰয়ো এসময়ত আছিল বিধায়ক ৷

এইবাৰো একেই, মাত্ৰ মন্দিৰা ৰয়ৰ পৰিৱৰ্তে যুঁজত নামিছে গৌতম ৰয়ৰ বোৱাৰী তথা ৰাহুল ৰয়ৰ পত্নী ডেউজী ৰয় ৷ গৌতম ৰয়ে বিজেপিৰ পৰা টিকট লাভ কৰি প্ৰতিদ্বন্দিতা আগবঢ়াইছে কাটিগড়া সমষ্টিৰ পৰা ৷ আনহাতে ৰাহুল ৰয়ে নিৰ্দলীয়ভাৱে প্ৰতিদ্বন্দিতা আগবঢ়াইছে উধাৰবন্দ সমষ্টিৰ পৰা ৷ শহুৰ আৰু স্বামীক অনুসৰণ কৰি ৰয় পৰিয়ালৰ বোৱাৰী ডেইজী ৰয়ে প্ৰতিদ্বন্দিতা আগবঢ়াইছে আলগাপুৰ সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে ৷ এটা পৰিয়ালৰ তিনিগৰাকী সদস্য নামিছে ৰাজনীতিৰ যুঁজত ৷ তাতকৈও মন কৰিবলগীয়া বিষয় হ’ল তেওঁলোকৰ সম্পত্তিৰ পৰিমাণ ৷

মনোনয়ন দাখিলৰ সময়ত নিৰ্বাচন আয়োগক দিয়া তথ্য অনুসৰি ৰাহুল ৰয়ৰ সম্পত্তিৰ মূল্য 1,31,22,41,783 টকা ৷ ইয়াৰে স্থাৱৰ সম্পত্তিৰ মূল্য 5,51,35,458 টকা আৰু অস্থাৱৰ সম্পত্তিৰ মূল্য 1,25,71,06,325 টকা ৷ একেদৰে ডেইজী ৰয়ৰ নামত থকা মুঠ সম্পত্তিৰ মূল্য 1,31,14,59,331 টকা ৷ তেওঁৰ স্থাৱৰ সম্পত্তিৰ মূল্য 5,43,53,006 টকা আৰু অস্থাৱৰ সম্পত্তিৰ মূল্য 1,25,71,06,325 টকা ৷ আনহাতে, ৰয় পৰিয়ালৰ মুৰব্বী গৌতম ৰয়ৰ মুঠ সম্পত্তিৰ মূল্য 10,87,20,080 টকা ৷ ইয়াৰে স্থাৱৰ সম্পত্তিৰ পৰিমাণ ৫.৮০ কোটি টকা আৰু অস্থাৱৰ সম্পত্তিৰ পৰিমাণ ৫.০৬ কোটি টকা । স্বামী-স্ত্ৰী দুয়োজনৰে আছে ১৭ টাকৈ বেংক একাউণ্ট ।

এয়া আছিল নিজকে বৰাকৰ ৰজা বুলি জাহিৰ কৰি অহা গৌতম ৰয় আৰু পৰিয়ালৰ সম্পত্তিৰ পৰিমাণ ৷ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত বৰাকৰ এই কোটিপতি পৰিয়ালটো বিশেষভাৱে চৰ্চালৈ আহিছে ।

লগতে পঢ়ক-কৰ্তব্যৰত অৱস্থাতে সুৰাৰ ৰাগীত মাতাল আৰক্ষী জোৱান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.