ETV Bharat / state

Agricultural review meeting: নিবনুৱা সমস্যা সমাধানত সৰ্বাধিক ভূমিকা ল'ব পৰা খণ্ডটোৱেই হৈছে কৃষি: অতুল বৰা - হৰ ঘৰ ত্ৰিৰংগা

কৃষি বিভাগৰ দিনজোৰা ৰাজ্যিক পৰ্যায়ৰ পৰ্যালোচনা সভা সম্বোধন কৃষি মন্ত্ৰী অতুল বৰাৰ । কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ অভিলাষী আঁচনিসমূহৰ ৰূপায়ণ স্থিতি তথা বিভাগীয় কাম-কাজসমূহ বিস্তৃত পৰ্যালোচনা । যুৱপ্ৰজন্মক কৃষিখণ্ডৰ প্ৰতি অধিক আকৰ্ষিত কৰিবলৈ বিভাগীয় আঁচনিসমূহৰ সুবিধাৰ বিষয়ে যুৱপ্ৰজন্ম তথা ৰাইজৰ মাজলৈ লৈ যাবলৈ বিষয়াসকলক নিৰ্দেশ ।

Etv BharatAgriculture Minister Atul Bora
নিবনুৱা সমস্যা সমাধানত সৰ্বাধিক ভূমিকা ল'ব পৰা খণ্ডটোৱেই হৈছে কৃষি: মন্ত্রী অতুল বৰা
author img

By

Published : Aug 2, 2022, 10:03 PM IST

গুৱাহাটী, ২ আগষ্ট: গুৱাহাটীত কৃষি বিভাগৰ জ্যেষ্ঠ বিষয়া তথা ৰাজ্যৰ জিলাসমূহৰ কৃষি বিষয়া আৰু মহকুমা কৃষি বিষয়াসকলৰ উপস্থিতিত আজি দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত ৰাজ্যিক পৰ্যায়ৰ পৰ্যালোচনা সভা সম্বোধন কৰে কৃষি মন্ত্ৰী অতুল বৰাই(Agriculture Minister Atul Bora) । সভাৰ আৰম্ভণিতে মন্ত্ৰী বৰাই "আজাদী কা অমৃত মহোৎসৱ" উদযাপনৰ অংশবিশেষ "হৰ ঘৰ ত্ৰিৰংগা" কাৰ্যসূচীক সম্পূৰ্ণৰূপে সফল কৰি তুলিবলৈ প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণৰ বাবে বিষয়াসকলক আহ্বান জনায় (Har Ghar Tiranga in Assam)।

Agriculture Minister Atul Bora
কৃষি বিভাগৰ দিনজোৰা ৰাজ্যিক পৰ্যায়ৰ পৰ্যালোচনা সভা

উল্লেখ্য যে কৃষক ৰাইজৰ কল্যাণৰ বাবে লোৱা আঁচনিসমূহৰ সফল ৰূপায়ণত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বিশেষ গুৰুত্ব আৰোপ কৰিছে । যাৰ পৰিপ্ৰেক্ষিতত সঘনাই পৰ্যালোচনা বৈঠকত মিলিত হৈছে মন্ত্ৰী অতুল বৰা । আজিৰ বৈঠকত মন্ত্ৰীগৰাকীয়ে কয় যে আঁচনিসমূহৰ সফল ৰূপায়ণৰ ক্ষেত্ৰত জিলা পৰ্যায়ৰ বিষয়াসকলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে । বৈঠকত মন্ত্ৰীগৰাকীয়ে জিলাসমূহৰ কৃষি বিষয়াসকলৰ পৰা কেন্দ্ৰীয় চৰকাৰৰ অন্যতম ধ্বজাবাহী আঁচনি পিএম-কিষাণ, PMFBY, NFSM, PMKSY, RKVY, RIDF, SMAM, নতুনকৈ আৰম্ভ কৰা National Mission on Edible Oil ইত্যাদি কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ অভিলাষী আঁচনিসমূহৰ ৰূপায়ণ স্থিতি তথা বিভাগীয় কাম-কাজসমূহ বিস্তৃতভাৱে পৰ্যালোচনা কৰাৰ লগতে যাৱতীয় নিৰ্দেশনা দিয়ে ।

শেহতীয়া বানত ক্ষতিগ্ৰস্ত হোৱা কৃষকৰ ক্ষতিপূৰণ প্ৰদান তথা এইবাৰ ৰবিশস্যৰ বতৰত বিভাগে কৃষকসকলক আগবঢ়াবলগীয়া বিশেষ সহযোগিতাৰ বিষয়কে ধৰি বিভাগীয় আন বিষয়সমূহ বৈঠকত বিশদভাৱে আলোচনা কৰা হয় । কৃষকসকলৰ দ্বাৰা উৎপাদিত কৃষি সামগ্ৰীয়ে শেহতীয়াকৈ দেশ-বিদেশৰ বজাৰ দখল কৰিবলৈ সক্ষম হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে এয়া কৃষি ক্ষেত্ৰখনলৈ অহা যোগাত্মক পৰিৱৰ্তনৰ এক অনন্য প্ৰতিচ্ছবি । সেয়েহে যুৱপ্ৰজন্মক কৃষিখণ্ডৰ প্ৰতি অধিক আকৰ্ষিত কৰিবলৈ বিভাগীয় আঁচনিসমূহৰ সুবিধাৰ বিষয়ে যুৱপ্ৰজন্ম তথা ৰাইজৰ মাজলৈ লৈ যাবলৈ বিষয়াসকলক তেওঁ নিৰ্দেশ দিয়ে ।

তেওঁ কয় যে স্ব-নিয়োজন সৃষ্টিৰে ৰাজ্যখনৰ নিবনুৱা সমস্যা সমাধানত সৰ্বাধিক ভূমিকা ল'ব পৰা খণ্ডটোৱেই হৈছে কৃষি আৰু আনুষংগিক খণ্ড । আনহাতে জলবায়ুৰ সঘন পৰিৱৰ্তনে কৃষিখণ্ডত পেলোৱা প্ৰভাৱৰ প্ৰতি লক্ষ্য ৰাখি "মুখ্যমন্ত্ৰীৰ প্ৰাতিষ্ঠানিক বৃক্ষৰোপণ" প্ৰকল্পটো সফল কৰি তুলিবৰ বাবে ১০ লাখ গছপুলি ৰোপণৰ যি লক্ষ্য বান্ধি লৈছে, সেই লক্ষ্যত উপনীত হ'বৰ বাবে অসমৰ জিলাসমূহত থকা কৃষি বিভাগৰ প্ৰতিটো কাৰ্যালয়ত গছপুলি ৰোপণ কৰিবলৈ সভাত উপস্থিত বিষয়াসকলক তেওঁ আহ্বান জনায় ।

সেইদৰে জৈৱিক তথা প্ৰাকৃতিক কৃষি উৎপাদন বৃদ্ধিৰ বাবে মুখ্যমন্ত্ৰীয়ে ৰাজ্যখনত অভিৱৰ্তন আয়োজনৰ বাবে দিয়া পৰামৰ্শৰ কাৰ্যব্যৱস্থা গ্ৰহণৰ বাবে তেওঁ বিষয়াসকলক নিৰ্দেশ দিয়ে । বৈঠকত কৃষি উৎপাদন আয়ুক্ত তথা কৃষি বিভাগৰ অতিৰিক্ত মুখ্য সচিব ডাঃ আশিস ভূটানী, কৃষি সঞ্চালক অনন্তলাল জ্ঞানী, উদ্যান শস্য সঞ্চালক ত্ৰিৰংগ ভাৰতীয় বৰা প্ৰমুখ্যে আন সংশ্লিষ্ট বিষয়াসকল উপস্থিত আছিল ।

লগতে পঢ়ক: Assam Trinamool Press Meet : বিগত ৮ বছৰত জনসাধাৰণে অমৃতৰ পৰিৱৰ্তে বিষহে পান কৰি আছে, ৰিপুণ বৰা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.