ETV Bharat / state

খনিজাত সামগ্ৰীৰ পৰা ২৫৩৮.৭৭ কোটি টকাৰ ৰাজহ সংগ্ৰহ চৰকাৰৰ - খনি আৰু খনিজাত বিভাগৰ ৰাজহ বৃদ্ধি

ৰাজ্যত বৃদ্ধি পাইছে ৰাজহ সংগ্ৰহৰ পৰিমাণ (Revenue collection in Assam increases)। পৰিবহণৰ পাছতে খনি আৰু খনিজাত বিভাগৰ ৰাজহ বৃদ্ধি । খনি আৰু খনিজাত বিভাগৰ অধীনত থকা সামগ্ৰীৰ পৰা পূৰ্বৰ বিত্তীয় বৰ্ষৰ তুলনাত এইবছৰত অভিলেখ সংখ্যক ৰয়েলিটি সংগ্ৰহ হৈছে । খনিজাত সামগ্ৰীৰ ৰাজহ বৃদ্ধিৰ হাৰ ৭০.৪৭ শতাংশ । ২০২২-২৩ বিত্তীয় বৰ্ষত আৰু অধিক ৰয়েলিটি সংগ্ৰহৰ লক্ষ্য ।

Revenue collection of Assam
খনি আৰু খনিজাত বিভাগৰ ৰাজহ বৃদ্ধি
author img

By

Published : Apr 15, 2022, 8:53 PM IST

গুৱাহাটী,১৫ এপ্রিল : ৰাজ্য চৰকাৰে নিজা ৰাজহ বৃদ্ধিত বিশেষ গুৰুত্ব আৰোপ কৰিছে । ইতিমধ্যে ৰাজ্যৰ পৰিবহণ বিভাগে অভিলেখ পৰিমাণৰ ৰাজহ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে । পৰিবহণ বিভাগৰ পাছত খনি আৰু খনিজাত বিভাগৰ অধীনত থকা সামগ্ৰীৰ পৰা পূৰ্বৰ বিত্তীয় বৰ্ষৰ তুলনাত এইবছৰত অভিলেখ সংখ্যক ৰয়েলিটি সংগ্ৰহ হৈছে (Revenue collection of Mining department increased in Assam)। খনিজাত সামগ্ৰীৰ পৰা সদ্য সমাপ্ত বিত্তীয় বৰ্ষটোত ৭০.৪৭ শতাংশ বৃদ্ধিৰে ২৫৩৮.৭৭ কোটি টকাৰ ৰয়েলিটি সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে ।

Revenue collection of Assam
খনি আৰু খনিজাত বিভাগৰ ৰাজহ বৃদ্ধি

উল্লেখ্য যে, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্য চৰকাৰৰ অধীনত থকা উৎসসমূহৰ পৰা ৰাজহ সংগ্ৰহৰ পৰিমাণ বৃদ্ধি কৰিবলৈ নিৰ্দেশ জাৰি কৰিছিল (Assam CM orders increase in revenue collection)। প্ৰাকৃতিক সম্পদত চহকী অসমত খাৰুৱা তেল, প্ৰাকৃতিক গেছ, চূণশিল, আলংকাৰিক শিল, বালি, কয়লা, গ্ৰেনাইট আদি পোৱা যায় । মুখ্যমন্ত্ৰীয়ে নিজা উৎসৰ পৰা ৰাজহ সংগ্ৰহৰ পৰিমাণ বৃদ্ধি কৰা আৰু ৰাজহ ফাঁকি বন্ধ কৰাৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাৰ ফলত ২০২১-২২ বিত্তীয় বৰ্ষটোত খনিজাত সামগ্ৰীৰ ৰয়েলিটিৰ বাবদ মুঠ ২৫৩৮.৭৭ কোটি টকাৰ ৰয়েলিটি সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে বুলি ভূ-তত্ত্ব আৰু খনন সঞ্চালকালয়ৰ পৰা জানিব পৰা গৈছে ।

ক'ভিড মহামাৰীৰ পাছতো বৃহৎ পৰিমাণৰ ৰয়েলিটি সংগ্ৰহ কৰিবলৈ এইবছৰ ৰাজ্য চৰকাৰ সক্ষম হ'ল । উল্লেখ্য যে ২০২০-২১ বিত্তীয় বৰ্ষত খনিজাত তথা প্ৰাকৃতিক সম্পদৰ পৰা সংগৃহীত ৰয়েলিটিৰ পৰিমাণ আছিল ১৪৮৯.২০ কোটি টকা । অৰ্থাৎ পূৰ্বৰ বছৰটোৰ তুলনাত সদ্য সমাপ্ত বিত্তীয় বৰ্ষটোত ৰয়েলিটি সংগ্ৰহৰ পৰিমাণ ১০৪৯.৫৭ কোটি টকা অধিক বৃদ্ধি হ'ল । খনি আৰু খনিজাত সামগ্ৰী বিভাগে সৰ্বাধিক খাৰুৱা তেলৰ পৰা ৰয়েলিটি লাভ কৰিছে ।

২০২১-২২ বিত্তীয় বৰ্ষটোত খাৰুৱা তেলৰ ৰয়েলিটিৰ বাবদ ৰাজ্য চৰকাৰে লাভ কৰিছে ২৩৭২.৬৭ কোটি টকা । আগৰ বিত্তীয় বৰ্ষটোত ৰাজ্য চৰকাৰে খাৰুৱা তেলৰ ৰয়েলিটিৰ বাবদ লাভ কৰিছিল ১৩২৯.৩৭ কোটি টকা । সদ্য সমাপ্ত বিত্তীয় বৰ্ষটোত ক'ভিড সৃষ্ট পৰিস্থিতিৰ মাজতো খনি আৰু খনিজাত সামগ্ৰীৰ পৰা বৃহৎ পৰিমাণৰ ৰয়েলিটি সংগ্ৰহ হৈছে । খাৰুৱা তেলৰ পৰা সৰ্বাধিক ৰয়েলিটি সংগ্ৰহ হৈছে যদিও প্ৰাকৃতিক গেছৰ পৰা ১৪৮.৪৯ কোটি টকা, কয়লাৰ পৰা ০.৯৪ কোটি টকা, চূণশিল আৰু আন খনিজাত পদাৰ্থৰ পৰা ৫.৯৩ কোটি টকা আৰু অন্যান্য খনিজাত সামগ্ৰীৰ পৰা ১০.৭৪ কোটি টকা ৰয়েলিটিৰ বাবদ সংগ্ৰহ হৈছে ।

Revenue collection of Assam
খনি আৰু খনিজাত বিভাগৰ ৰাজহ বৃদ্ধি

ভূতত্ত্ব আৰু খনন সঞ্চালকালয়ৰ সূত্ৰটোৰ পৰা জানিব পৰা মতে এইবৰ্ষতকৈ ২০২২-২৩ বিত্তীয় বৰ্ষত আৰু অধিক ৰয়েলিটি সংগ্ৰহ হ'ব বুলি আশা কৰা হৈছে । সূত্ৰটোৰ মতে অসমত বিভিন্ন প্ৰকাৰৰ শিলকে ধৰি খনিজাত সামগ্ৰী আছে যিবোৰ ব্যৱহাৰ হোৱা নাই । কিন্তু এই সামগ্ৰীসমূহ ব্যৱহাৰৰ সুযোগ আছে । তেনে খনিজাত সামগ্ৰীসমূহ ভৱিষ্যতে ব্যৱহাৰ হ'লে ৰাজ্য চৰকাৰে পাবলগীয়া ৰয়েলিটি আৰু বৃদ্ধি পাব ।

মুখ্যমন্ত্ৰীৰ নিৰ্দেশ অনুসৰি পৰিবহণ বিভাগে ৩৮ শতাংশ বৃদ্ধিৰে ২০২১-২২ বিত্তীয় বৰ্ষত মুঠ ১০১৯.৪৭ কোটি টকা ৰাজহ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে (Revenue collection of Transport Department of Assam)। ২০২০-২১ বিত্তীয় বৰ্ষত পৰিবহণ বিভাগৰ ৰাজহ সংগ্ৰহৰ পৰিমাণ আছিল ৭৩৮.৮০ কোটি টকা । অৰ্থাৎ মুখ্যমন্ত্ৰীয়ে ৰাজহ সংগ্ৰহৰ লক্ষ্য বান্ধি দিয়াৰ ফলত সদ্য সমাপ্ত বিত্তীয় বৰ্ষটোত পৰিবহণ বিভাগে পূৰ্বৰ বিত্তীয় বৰ্ষৰ তুলনাত ২৮০.৬৭ কোটি টকা অধিক ৰাজহ সংগ্ৰহ কৰিবলৈ সক্ষম হয় ।

লগতে পঢ়ক :মুখ্যমন্ত্ৰীৰ আগমনক লৈ তৎপৰ কাৰ্বি আংলং জিলা প্ৰশাসন

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.