গুৱাহাটী, ৯ ফেব্ৰুৱাৰী: আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত ব্যাপক ৰদ-বদল কৰিছে ৰাজ্য চৰকাৰে (Reshuffle in Assam Police)৷ সাতগৰাকী আই পি এছ বিষয়াক কৰা হৈছে সালসলনি ৷
দৰঙৰ অতিৰিক্ত আৰক্ষী অধীক্ষক(সীমান্ত) সিদ্ধাৰ্থ কুমাৰ বুঢ়াগোহাঁইক গুৱাহাটী আৰক্ষী আয়ুক্তালয়ৰ উপ-আৰক্ষী আয়ুক্ত (অপাৰেচন) হিচাপে বদলি কৰা হৈছে । নলবাৰীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পুস্কিন জৈনক বৰপেটাৰ হাউলিৰ চতুৰ্থ এ পি টি এফ বেটেলিয়ানৰ অধিনায়ক হিচাপে বদলি কৰা হৈছে ।
আনহাতে ৰঙিয়াৰ চাব-ডিভিজনেল পুলিচ বিষয়া মৃগাক্ষী ডেকাক পদোন্নতিসহ মান্দাকাটাৰ চিডিঅ' বেটেলিয়ানৰ উপ অধিনায়ক হিচাপে নিয়ুক্তি দিয়া হৈছে । গোঁসাইগাঁৱৰ চাব-ডিভিজনেল আৰক্ষী বিষয়া সৌৰভ গুপ্তাক পদোন্নতিসহ নলবাৰীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক হিচাপে বদলি কৰা হৈছে ।
মাৰ্ঘেৰিটাৰ চাব-ডিভিজনেল আৰক্ষী বিষয়া পাৰ্থ প্ৰতিম দাসক পদোন্নতিসহ কৰিমগঞ্জৰ অতিৰিক্ত আৰক্ষী অধীক্ষক হিচাপে বদলি কৰা হৈছে । শিলচৰৰ ষষ্ঠ অসম আৰক্ষী বাহিনীৰ সহকাৰী অধিনায়ক সিদ্ধাৰ্থ নাহাৰক মাৰ্ঘেৰিটাৰ চাব-ডিভিজনেল পুলিচ বিষয়া হিচাপে বদলি কৰা হৈছে । কোকৰাঝাৰৰ সপ্তম অসম আৰক্ষী বাহিনীৰ সহকাৰী অধিনায়ক সুশান্ত সিঙক ৰঙিয়াৰ চাব-ডিভিজনেল আৰক্ষী বিষয়া হিচাপে বদলি কৰা হৈছে ।
লগতে পঢ়ক: ফেচবুকৰ জৰিয়তে সদস্য ভৰ্তিঃ আৰক্ষী, একাংশ সংবাদকৰ্মী আৰু ছাত্ৰ সংগঠনক সকিঁয়ালে আলফা স্বাধীনে