ETV Bharat / state

স্বাস্থ্য মন্ত্ৰীলৈ বিতৰ্কিত চিঠিঃ অপসাৰণ বিদেশী ন্যায়াধীকৰণৰ সদস্য কে কে গুপ্তা - Foreign Tribunal Member KK Gupta

স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মালৈ বিতৰ্কিত চিঠি লিখি ৰোষত পৰিছিল বাক্সাৰ বিদেশী ন্যায়াধীকৰণৰ সদস্য কে কে গুপ্তা । যাৰ বাবে সোমবাৰে ৰাজ্য চৰকাৰে গুপ্তাক দায়িত্বৰ পৰা অব্যাহতি দিয়ে ।

গুৱাহাটী
স্বাস্থ্য মন্ত্ৰীলৈ বিতৰ্কিত চিঠিঃ অপসাৰণ বিদেশী ন্যায়াধীকৰণৰ সদস্য কে কে গুপ্তা
author img

By

Published : May 25, 2020, 5:50 PM IST

গুৱাহাটী, ২৫ মেঃ অৱশেষত ৰাজ্য চৰকাৰে অব্যাহতি দিলে বাক্সাৰ বিদেশী ন্যায়াধীকৰণৰ সদস্য কে কে গুপ্তাক । সোমবাৰৰ পৰা কাৰ্যকৰী হোৱাকৈ গুপ্তাক দায়িত্বৰ পৰা অব্যাহতি দিয়ে । উল্লেখ্য যে, অসম আৰোগ্য নিধিলৈ ৰাজ্যৰ বিদেশী ন্যায়াধীকৰণ সমূহৰ একাংশ সদস্যই আৰ্থিক বৰঙণি আগবঢ়াইছিল । কিন্তু ইয়াৰ ঠিক পিছতেই এইসকল সদস্যৰ হৈ বাক্সাৰ বিদেশী ন্যায়াধীকৰণৰ সদস্য কে কে গুপ্তাই স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মালৈ এখন চিঠি প্ৰেৰণ কৰে ।

গুৱাহাটী
স্বাস্থ্য মন্ত্ৰীলৈ বিতৰ্কিত চিঠিঃ অপসাৰণ বিদেশী ন্যায়াধীকৰণৰ সদস্য কে কে গুপ্তা

য'ত উল্লেখ আছিল তেওঁলোকে আগবঢ়োৱা এই ধন যাতে কোনো জামাতী বা জেহাদীৰ চিকিৎসাৰ বাবে ব্যয় কৰা নহয় । ইয়াক কেন্দ্ৰ কৰিয়েই সৃষ্টি হৈছিল বিতৰ্ক । আনকি ৩০ এপ্ৰিলত ৰাজ্য চৰকাৰে গুপ্তা সমন্বিতে বৰঙণি আগবঢ়োৱা ১৪ গৰাকী সদস্যলৈ কাৰণ দৰ্শোৱাৰ জাননীও প্ৰেৰণ কৰে । তাৰ পাচতেই লক্ষনীয়ভাবে দায়িত্বৰ পৰা অব্যাহতি দিয়া হয় বিতৰ্কিত সদস্যজনক ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.