গুৱাহাটী,৮ মে': বানপানীৰ সমস্যাই প্ৰতিবছৰে জৰ্জৰিত কৰি আহিছে ৰাজ্যখনক। বানপানী হোৱাৰ পূৰ্বেই মথাউৰি নিৰ্মাণ আৰু মেৰামতিৰ ক্ষেত্ৰত উচিত ব্যৱস্থা গ্ৰহণ কৰিলে বহু পৰিমাণে এই জ্বলন্ত সমস্যাৰ পৰা হাত সাৰিব পৰা যায়। এই বছৰো ভগা মথাউৰি নিৰ্মাণৰ ক্ষেত্ৰত প্ৰতিবন্ধকতা আহিছিল। অগা পিচাকৈ পঞ্চায়ত নিৰ্বাচন আৰু লোকসভা নিৰ্বাচনৰ বাবে নিৰ্বাচনী আচৰণবিধি বলবৎ হোৱাত টকা আবন্টন দিব পৰা নাছিল জলসম্পদ বিভাগে। যি কথা ইতিমধ্যে ইটিভি ভাৰতৰে হোৱা এক সাক্ষাৎকাৰত নিজমুখে স্বীকাৰ কৰিছে ৰাজ্যৰ জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই। কিন্তু মঙলবাৰে অৰ্থাৎ ৭ মে'ত দেশৰ নিৰ্বাচন আয়োগে অসমৰ বিশেষ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এই ক্ষেত্ৰত থকা আচৰণবিধি শিথিল কৰি ৰাজ্যৰ মুখ্য সচিবলৈ এখন পত্ৰ প্ৰেৰণ কৰিছে, যাৰ ফলত এতিয়া জলসম্পদ বিভাগে ততাতৈয়াকৈ বাকী ৰৈ যোৱা কামসমূহ সম্পূৰ্ণ কৰিব পাৰিব।
উল্লেখ্য যে, ২০১৯-২০ বিত্তীয় বৰ্ষৰ বাজেটত জলসম্পদ বিভাগৰ বাবে ধাৰ্য কৰা হৈছে মুঠ ১০৬৬.৭২৯৪ কোটি টকা। ইয়াৰে মূলধনী শিতানত ধৰা হৈছে ৬৭১.৬৭১১ কোটি টকা। ইয়াৰ ভিতৰত আছে SOPD শিতানত ১৪৫.৫৬ কোটি, FMP (কেন্দ্ৰীয় পুজি) শিতানত ১০০ কোটি, FMP (ৰাজ্যিক অংশ) শিতানত ২৫ কোটি, নাবাৰ্ডৰ ঋণৰ অংশ ৮৫.৫০ কোটি আৰু নাবাৰ্ডৰ ঋণৰ ৰাজ্যিক অংশ ৪.৫০ কোটি টকা। ইয়াৰোপৰি এছিয়ান ডেভেলপমেন্ট বেংকৰ পৰা অসমে লাভ কৰিব ৩১১.১১১১ কোটি টকা। তেনেক্ষেত্ৰত এতিয়া এই বিশাল ধনৰাশিৰে জলসম্পদ বিভাগে কেনেদৰে আগন্তুক বাৰিষাত মোকাবিলা কৰে সেয়াহে চাবলগীয়া হ'ব। দেশৰ নিৰ্বাচন আয়োগে ৰাজ্য চৰকাৰৰ অনুৰোধৰ পিছত নিৰ্বাচনী আচৰণবিধিৰ পৰা মথাউৰি নিৰ্মাণ বা ইয়াৰ সৈতে জড়িত বিষয়সমূহ ৰেহাই দিলে যদিও বাৰিষা আহি দুৱাৰমুখত উপস্থিত হোৱাত ইয়াক কেনেদৰে চৰকাৰে মোকাবিলা কৰিব পাৰে সেয়াহে এতিয়া লাখটকীয়া প্ৰশ্ন।