ETV Bharat / state

মহাজোঁটৰে ব্যৱধান বঢ়াই মুখ্যমন্ত্ৰীৰে ব্যৱধান কমাইছে হাগ্ৰামাই - close relation of Cm Himanta Biswa Sarma and Hagrama Mahilari

সম্পৰ্ক মধুৰ হৈছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু হাগ্ৰামাৰ মাজত ! শেহতীয়াকৈ মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ২৫ লাখৰ চেক প্ৰদান কৰিছে বিপিএফ দলে । লক্ষণীয়ভাৱে মহাজোঁটৰ গুৰুত্বপূৰ্ণ বৈঠকত উপস্থিত নাথাকিল অন্যতম অংশীদাৰ বিপিএফ ।

BPF
মহাজোটৰে ব্যৱধান বঢ়াই মুখ্যমন্ত্ৰীৰে ব্যৱধান কমাইছে হাগ্ৰামাই
author img

By

Published : Jun 27, 2021, 4:30 PM IST

গুৱাহাটী, ২৭ জুন : হঠাৎ যেন কংগ্ৰেছ আৰু মহাজোঁটৰ সৈতে ব্যৱধান বহুখিনি বৃদ্ধি পালে হাগ্ৰামা মহিলাৰীৰ ৷ ইয়াৰ বিপৰীতে যেন নিৰ্বাচনৰ সময়ত ইজনে সিজনক আক্ৰমণৰে থকা সৰকা কৰা ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু হাগ্ৰামা মহিলাৰীৰ মাজত সৃষ্টি হোৱা দূৰত্ব ক্ৰমাৎ কমি আহিছে ৷ বিপিএফ দলে এই কথা মানি লওক বা নলওক, শেহতীয়া ৰাজনৈতিক কেতবোৰ ঘটনাক্ৰমে তেনেকুৱা এক ইংগিতেই দিছে ।

যদিওবা হাগ্ৰামাৰ প্ৰতিদ্বন্দ্বী প্ৰমোদ বড়ো নেতৃত্বাধীন ইউপিপিএল (UPPL) দিছপুৰৰ চৰকাৰখনৰ অন্যতম অংশীদাৰ, একে সময়তে কিন্তু বিজেপি(BJP) দলৰ পৰিৱৰ্তে মুখ্যমন্ত্ৰী ডঃ শৰ্মাৰ সৈতে হাগ্ৰামা মহিলাৰীৰ সম্পৰ্ক এতিয়া পূৰ্বতকৈ মধুৰ । মন কৰিবলগীয়া যে শুকুৰবাৰে নিশা সংবাদ মাধ্যমৰ অলক্ষিতে হাগ্ৰামা মহিলাৰীয়ে বিপিএফৰ(BPF) দুই নেতা ৰবিৰাম নাৰ্জাৰী আৰু দুৰ্গাদাস বড়োক লগত লৈ সাক্ষাৎ কৰে মুখ্যমন্ত্ৰী ডঃ শৰ্মাক । কেৱল লগ কৰাই নহয়, মুখ্যমন্ত্ৰীৰ হাতত হাগ্ৰামাই তুলি দিয়ে ২৫ লাখ টকাৰ চেক । এই ২৫ লাখ টকা মুখ্যমন্ত্ৰীৰ পুঁজিলৈ(CM fund) আগবঢ়াইছে বিপিএফ দলে ।

আনহাতে, শুকুৰবাৰে নিশা মুখ্যমন্ত্ৰীৰ হাতত ২৫ লাখৰ চেক তুলি দি হাগ্ৰামা মহিলাৰীয়ে ডঃ শৰ্মাৰ সৈতে দীঘলীয়া বৈঠকত মিলিত হয় যদিও শনিবাৰে পৰিলক্ষিত হ'ল এক অন্য দৃশ্য ।

BPF
মহাজোঁটৰে ব্যৱধান বঢ়াই মুখ্যমন্ত্ৰীৰে ব্যৱধান কমাইছে হাগ্ৰামাই

কংগ্ৰেছ নেতৃত্বাধীন মহাজোঁটে শনিবাৰে গুৱাহাটীৰ এখন হোটেলত এক যৌথ সংবাদমেলৰ আয়োজন কৰিছিল । স্বাভাৱিকতে সেই সংবাদমেল আছিল বিজেপি দল আৰু চৰকাৰৰ বিৰুদ্ধে । সেই সংবাদমেলত মহাজোঁটৰ অন্তৰ্ভুক্ত দল কেইটাৰ নেতৃবৰ্গ উপস্থিত আছিল যদিও লক্ষণীয়ভাৱে উপস্থিত নাছিল হাগ্ৰামা মহিলাৰী বা বিপিএফৰ কোনো প্ৰতিনিধি । কংগ্ৰেছ নেতৃত্বই পাৰ্যমানে বিষয়টো এৰাই চলিব বিচাৰিছে ।

অথচ শুকুৰবাৰৰ নিশালৈকে দিছপুৰত মুখ্যমন্ত্ৰীৰ সৈতে ব্যস্ত আছিল হাগ্ৰামা মহিলাৰী আৰু তেওঁৰ দুই সতীৰ্থ ৰবিৰাম নাৰ্জাৰী আৰু দুৰ্গাদাস বড়ো । এনে ঘটনা কিহৰ ইংগিত ? প্ৰশ্ন উঠিছে এতিয়া সেইটোহে । ইপিনে এই প্ৰসংগত দেওবাৰে ইটিভি ভাৰতৰ ফালৰ পৰা যোগাযোগ কৰা হৈছিল বিধায়ক দুৰ্গাদাস বড়োক ।

তেওঁৰ মন্তব্য," শুকুৰবাৰে নিশা মুখ্যমন্ত্ৰীৰ হাতত বি পি এফ দলৰ ফালৰ পৰা ২৫ লাখ টকাৰ চেক তুলি দিয়া হয় । কিন্তু শনিবাৰৰ সংবাদমেলখনৰ বিষয়ে আমাক মাত্ৰ তিনি ঘণ্টা পূৰ্বেহে জনোৱা হৈছিল । যিহেতু ইমান কম সময়ৰ ভিতৰত কোকৰাঝাৰৰ পৰা আহি আমাৰ দলৰ কোনেও সংবাদ মেলখনত ভাগ ল'ব নোৱাৰে, সেয়েহে আমাৰ কোনো প্ৰতিনিধি সংবাদমেলত উপস্থিত থকাটো সম্ভৱ নহ'ল" ৷

লগতে পঢ়ক: মহানগৰীৰ ক'ত ক'ত আছে ভূমিস্খলনৰ বিপদজনক স্থান ?

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.