ETV Bharat / state

Assam Arunachal Border Conflict : সীমা সমস্যাক লৈ আঠ ঘণ্টাজোৰা বৈঠকত ঐতিহাসিক সিদ্ধান্ত - Namchai manifesto

প্ৰায় আঠ ঘণ্টাজুৰি আলোচনা হ’ল অসম-অৰুণাচলৰ সীমাকেন্দ্ৰিক বিবাদৰ প্ৰসংগত ৷ বৈঠকৰ অন্তত দুয়োখন ৰাজ্য উপনীত হ’ল ঐতিহাসিক সিদ্ধান্তত ৷ বৈঠকত আলোচিত হ’ল লখিমপুৰ, শোণিতপুৰ (বিশ্বনাথ) আৰু পাপুমপাৰে জিলাৰ বিবদমান অংশৰ প্ৰসংগ (Assam Arunachal Border Conflict)৷

Assam Arunachal Border Conflict
অসম-অৰুণাচল সীমা বিবাদৰ সন্দৰ্ভত বৈঠক
author img

By

Published : Jan 9, 2023, 10:35 PM IST

নিউজ ডেস্ক, 9 জানুৱাৰী : লখিমপুৰ, বিশ্বনাথ, পাপুমপাৰে সংলগ্ন আন্তঃৰাজ্যিক সীমান্তৰ বিবদমান অংশৰ স্থায়ী সমাধান সূত্ৰ নিৰূপণৰ দিশত আৰু এখোজ আগবাঢ়িল দুয়োখন ৰাজ্যৰ চৰকাৰ ৷ পাৰস্পৰিক বুজাবুজিৰ আধাৰত সোমবাৰে অসম আৰু অৰুণাচল প্ৰদেশ উভয়ে সহমতত উপনীত হয় ৷ লখিমপুৰ, শোণিতপুৰ (বিশ্বনাথ) আৰু পাপুমপাৰে জিলা সংলগ্ন অংশত অসম-অৰুণাচল প্ৰদেশৰ মাজৰ আন্তঃৰাজ্যিক সীমা সমস্যা সমাধানৰ বাবে উভয় ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ দ্বাৰা কেবিনেট মন্ত্ৰীৰ অধ্যক্ষতাত গঠন কৰি দিয়া আঞ্চলিক সমিতি দুখনৰ মাজত বৃহস্পতিবাৰে অনুষ্ঠিত হ’ল প্ৰায় 8 ঘণ্টাজোৰা বৈঠক (Discussion on Assam Arunachal border conflict) ৷

Assam Arunachal Border Conflict
অসম-অৰুণাচল সীমা বিবাদৰ সন্দৰ্ভত বৈঠক

সীমা সমস্যা সমাধানৰ বাবে দুয়োখন ৰাজ্যৰ আঞ্চলিক সমিতিৰ মাজত সোমবাৰে ইটানগৰত অনুষ্ঠিত গুৰুত্বপূৰ্ণ দ্বিপাক্ষিক বৈঠক সফলতাৰে সম্পন্ন হয় ৷ ইটানগৰস্থিত অৰুণাচল প্ৰদেশৰ ৰাজ্যিক সচিবালয়ত সোমবাৰে দুয়োপক্ষৰ মাজত পুৱাৰে পৰা নিশালৈ চলা আঠ ঘণ্টাৰো অধিক সময় ধৰি চলা এই বৈঠকত ৰাজ্য দুখনৰ তিনিখন জিলাই সামৰা আন্তঃৰাজ্যিক সীমান্তৰ অৱশিষ্ট বিবদমান অংশসমূহক লৈ উভয় পক্ষই ঐতিহাসিক বুজাবুজিত উপনীত হ'বলৈ সক্ষম হয় ৷

দুয়ো ৰাজ্যৰ আঞ্চলিক সমিতিক নেতৃত্ব দিয়া অৰুণাচলৰ শিক্ষামন্ত্ৰী তেবা টেডিৰ আৰু অসমৰ স্বাস্থ্যমন্ত্ৰী অধ্যক্ষ কেশৱ মহন্তৰ যৌথ অধ্যক্ষতাত ইটানগৰৰ ৰাজ্যিক সচিবালয়ত আগবেলাৰ পৰা নিশা ৮ বজালৈ অনুষ্ঠিত এই বৈঠকত লখিমপুৰ আৰু শোণিতপুৰ (বিশ্বনাথ অংশ) জিলাৰে সৈতে অৰুণাচলৰ পাপুমপাৰে জিলা সংলগ্ন সীমান্তৰ বিবদমান অংশক লৈ পুনৰবাৰ সৌহাৰ্দপূৰ্ণ পৰিৱেশত হোৱা বিস্তাৰিতভাৱে আলোচনা কৰা হয় (Regional committees for Assam Arunachal conflict)৷

Assam Arunachal Border Conflict
অসম-অৰুণাচল সীমা বিবাদৰ সন্দৰ্ভত বৈঠক

বৈঠকৰ অন্তত উভয় ৰাজ্যৰ মাজৰ ঐতিহাসিক যুগসূত্ৰ আৰু পাৰস্পৰিক সৌহাৰ্দ-ভাতৃত্ববোধৰ সম্পৰ্কক এক নতুন মাত্ৰা প্ৰদানেৰে সহমতত উপনীত হয় দুয়োখন আঞ্চলিক সমিতি ৷ অসমৰ লখিমপুৰ, শোণিতপুৰ (বিশ্বনাথ) আৰু অৰুণাচলৰ পাপুমপাৰে জিলাৰে সংলগ্ন সীমান্তক লৈ ইতিপূৰ্বে হোৱা আলোচনাত সমাধানসূত্ৰ নোলোৱাকৈ ৰৈ যোৱা আটাইকেইটা অংশৰ ক্ষেত্ৰতে বৃহস্পতিবাৰে দুয়োপক্ষই সহমতত উপনীত হয় (Disputed area of Assam Arunachal border)৷

দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰীদ্বয়ৰ মাজত ২০২২ চনত সম্পাদন হোৱা নামচাই ঘোষণা পত্ৰৰ(Namchai manifesto) আধাৰত আন্তঃৰাজ্যিক সীমান্তৰ দীৰ্ঘদিনীয়া সীমা সমস্যাৰ স্থায়ী সমাধানসূত্ৰ নিৰূপণৰ বাবে হোৱা এই গুৰুত্বপূৰ্ণ বৈঠকত অসমৰ আঞ্চলিক সমিতিখনৰ সদস্য হিচাবে থকা বিহালীৰ বিধায়ক ৰঞ্জিৎ দত্ত, ৰাজহ আৰু দুৰ্যোগ প্ৰশমন, সীমান্ত সুৰক্ষা আৰু উন্নয়ন বিভাগৰ আয়ুক্ত-সচিব জ্ঞানেন্দ্ৰ দেৱ ত্ৰিপাঠী, সীমান্ত সুৰক্ষা আৰু উন্নয়ণ বিভাগৰ সচিব প্ৰভাতী থাউচেন, লখিমপুৰ-শোণিতপুৰ (বিশ্বনাথ)ৰ উপায়ুক্তদ্বয়, বিশ্বনাথ-লখিমপুৰৰ ডিএফঅ', চক্ৰ বিষয়াসকলে অংশগ্ৰহণ কৰে ৷

বিপৰীতে অৰুণাচল প্ৰদেশৰ আঞ্চলিক সমিতিৰ সদস্য দুইমুখৰ বিধায়ক টানা হালিটাৰা, ইটানগৰৰ বিধায়ক টেকি কাছু, গৃহ আৰু সীমান্ত বিভাগৰ প্ৰধান সচিব কালিং টায়েং, সীমান্ত বিভাগৰ যুটীয়া সচিব ৰাজীৱ টাকুক, পাপুমপাৰে জিলা আৰু পশ্চিম কামেং জিলাৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষক, ডিএফঅ'সকলৰ লগতে চক্ৰ বিষয়াসকলে ভাগ লয় ৷

লগতে পঢ়ক: Aero India Conclave : ভাৰতে বিশ্বৰ পদানুক্ৰমিক ধাৰণাত বিশ্বাস নকৰে; ৰাজনাথ সিং

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.