গুৱাহাটী, ৩০ ডিচেম্বৰ: গুৱাহাটী মহানগৰীত শ্ৰমিকৰ প্ৰতিবাদ (Protest in Guwahati) ৷ গুৱাহাটী শোধনাগাৰৰ সন্মুখত শুকুৰবাৰে ৰাতিপুৱাই শ্ৰমিক সংগঠন ইউনাইটেড ৱৰ্কমেন ইউনিয়নে গ্ৰহণ কৰে প্ৰতিবাদ কাৰ্যসূচী (Refinery worker protest)। গুৱাহাটী ৰিফাইনেৰীৰ প্ৰৱেশদ্বাৰত প্ৰায় শতাধিক ঠিকা ভিত্তিক শ্ৰমিক কৰ্মচাৰীয়ে ৯ ঘন্টীয়া ধৰ্ণা আৰু অনশন ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে (Refinery worker protest in guwahati)।
শোধনাগাৰ কৰ্তৃপক্ষৰ শ্ৰমিক বিৰোধী নীতিৰ প্ৰতিবাদ জনাই শুকুৰবাৰে পুৱাৰে পৰা প্ৰায় শতাধিক ঠিকা ভিত্তিক শ্ৰমিক-কৰ্মচাৰীয়ে হাতে হাতে প্লে’ কাৰ্ড, বেনাৰ-পোষ্টাৰ লৈ প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণ কৰে । শ্ৰমিকসকলে দীৰ্ঘদিনীয়া নায্য প্ৰাপ্তিৰ দাবীত এই প্ৰতিবাদ আৰু ধৰ্মঘট কার্যসূচী ৰূপায়ণ কৰে ।
কেন্দ্ৰীয় চৰকাৰ আৰু শোধনাগাৰ কৰ্তৃপক্ষৰ নীতি-নিৰ্দেশনা অনুসৰি সকলো অংশৰ শ্ৰমিকক প্ৰাপ্য সা-সুবিধাসমূহ প্ৰদানৰ দাবী জনায় ইউনাইটেড ৱৰ্কমেন ইউনিয়নে । লগতে শোধনাগাৰ কর্তৃপক্ষ আৰু কোম্পানীসমূহে জধে-মধে শ্রমিক চাটাই বন্ধ কৰাৰ দাবী তোলে শ্ৰমিক সংগঠনটোৱে ৷ কোম্পানীসমূহে বাহিৰৰ পৰা সম্ভীয়া শ্রমিক আমদানি কৰা বন্ধ কৰি স্থানীয় আৰু পুৰণা শ্রমিক নিযুক্তিত অগ্ৰাধিকাৰ প্ৰদান কৰাৰ বাবেও দাবী জনায় ইউনাইটেড ৱৰ্কমেন ইউনিয়নে ।
শ্ৰম সংহিতা মানি ভৱিষ্য নিধি (Employees Provident Fund ), ৰাজ্যিক বীমা আঁচনি (Employees State Insurance Scheme of India), ব্যক্তিগত সুৰক্ষা সঁজুলি (Personal protective equipment) আৰু নিম্নতম বেতন প্রদান নকৰা কোম্পানীসমূহক নিষিদ্ধ (ব্লেকলিস্টেড) কৰাৰ বাবেও আজিৰ প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে দাবী উত্থাপন কৰা হয় । যোগ্যতা আৰু অৰ্হতাৰ ভিত্তিত শ্রমিকসকলক পদোন্নতিৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনায় প্ৰতিবাদকাৰীসকলে ।
নুনমাটি অঞ্চলৰ সৰ্বাংগীন উন্নয়নৰ বাবে খোৱা পানী, ৰাস্তা-ঘাট আদি উন্নয়নৰ বাবে CSR ৰ অধীনস্থ আঁচনি ৰূপায়ণৰ দাবী উত্থাপন কৰাৰ লগতে অত্যাৱশকীয় সামগ্ৰীৰ অনিয়ন্ত্ৰিত মূল্যবৃদ্ধি হ্ৰাসৰ বাবেও দাবী জনায় শ্ৰমিক সংগঠনটোৱে । মালিক পক্ষৰ স্বাৰ্থত শ্রম আইন সংশোধনৰ সিদ্ধান্ত বাতিলকৰণৰ দাবী জনায় । উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশক্রমে EPS (Employee Pension Scheme), পেঞ্চন উৰ্ধতম নিৰিখ সকলো ঠিকা শ্রমিকক প্ৰদান কৰাৰ বাবে বিহিত ব্যবস্থা তৎকালীন ভাবে প্রয়োগ কৰাৰ কাৰণে কৰ্তৃপক্ষৰ ওচৰত দাবী জনায় সংগঠনটোৱে ।
উল্লেখ্য যে, শ্ৰমিক ইউনিয়নৰ তৰফৰ পৰা শোধনাগাৰ কৰ্তৃপক্ষক দীৰ্ঘদিন ধৰি শ্ৰমিকৰ দাবীসমূহ পূৰণৰ বাবে স্মাৰক পত্ৰ দিয়াৰ পিছতো দাবীসমূহ মানি নোলোৱাৰ বাবে শোধনাগাৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে অনশন, অৱস্থান ধৰ্মঘট তথা সাধাৰণ ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰা হয় । শীঘ্ৰে শ্ৰমিকৰ সমস্যাসমূহ সমাধানৰ বাবে ব্যৱস্থা গ্ৰহণ নকৰিলে অনাগত দিনত প্ৰৱল ৰূপত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হ’ব বুলি জানিবলৈ দিয়ে প্ৰতিবাদকাৰীসকলে ৷
লগতে পঢ়ক: Rhinos roam free: ঢেকীয়াখোৱাত গঁড়ৰ মুক্ত বিচৰণ, আতংকিত স্থানীয় ৰাইজ