ETV Bharat / state

সাহিত্য সভাৰ মঞ্চখন জাতীয় জীৱনৰ মঞ্চ হিচাপে গ্ৰহণ কৰিব পাৰে:কুলধৰ শইকীয়া

author img

By

Published : Jun 18, 2020, 3:36 PM IST

লক ডাউনৰ ফলত ক্ষতিগ্ৰস্ত সাধাৰণ জনজীৱন ৷ লক ডাউনে কেনেদৰে জীৱনৰ লগতে সাহিত্য ক্ষেত্ৰত প্ৰভাৱ বিস্তাৰ কৰিছে সেই সম্পৰ্কত অসম সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়াই বৰ্ণনা কৰে ইটিভি ভাৰতৰ সাংবাদিকৰ আগত ৷

reaction of kuladhar Saikia about lock down impact on assam sahitya sabha guwahati assam etv bharat news
অসম সাহিত্য সভাৰ সভাপতিৰ বিশেষ সাক্ষাৎকাৰ

গুৱাহাটী,18 জুন: লক ডাউনৰ বাবে ব্যাহত হৈ পৰা জনজীৱনে সলনি কৰিলে মানুহৰ জীৱন নিৰ্বাহৰ ধাৰা ৷ লক ডাউনৰ ফলত অৰ্থনৈতিক দিশত ব্যাপক প্ৰভাৱ পৰাৰ সমান্তৰালকৈ প্ৰভাৱ পৰে শিক্ষা,সাহিত্য,সংস্কৃতি সকলো দিশতে । সাহিত্যৰ ক্ষেত্ৰত বিশেষকৈ জাতীয় মঞ্চ অসম সাহিত্য সভাৰ মজিয়াতো পৰে লক ডাউনৰ বিশেষ প্ৰভাৱ। কেইমাহমান পূৰ্বে দায়িত্ব গ্ৰহণ কৰা অসম সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়াই বৰ্ণনা কৰিলে কেনেদৰে লক ডাউনৰ প্ৰভাৱ পৰিছে সাহিত্য ক্ষেত্ৰত । বহু পৰিকল্পিত কাৰ্য আধৰুৱা হোৱাৰ লগতে নতুন পৰিকল্পনাৰে সাহিত্য ক্ষেত্ৰত এক নতুন সংযোজন কৰাৰ প্ৰয়াস সম্পৰ্কে জানিবলৈ দিয়ে ইটিভি ভাৰতৰ সাংবাদিকক ৷

নৱপ্ৰজন্মৰ বাবে ন ন চিন্তা অসম সাহিত্য সভাৰ

সাহিত্য সভাৰ বৰ্তমান স্থিতি আৰু ভৱিষ্যত পৰিকল্পনা সম্পৰ্কে সাক্ষাৎকাৰটোত কুলধৰ শইকীয়াই জানিবলৈ দিয়ে যে,যুৱ প্ৰজন্মক সাহিত্যৰ দৰে সৃষ্টিশীল কৰ্মত আগবঢ়াই নিয়াৰ বিষয়ে চিন্তা-চৰ্চা কৰিছে অসম সাহিত্য সভাই । বৰ্তমানে আধৰুৱা হৈ থকা অসমীয়া ইউকিপিডিয়াৰ কাম সম্পূৰ্ণ কৰাৰ বাবে যুৱ প্ৰজন্মক আহ্বান জনোৱাৰ লগতে গুগ’ল অনুবাদত অসমীয়া ভাষা সংযোজনৰ বাবে কাম কৰিছে সভাই । অসমীয়া ভাষাই আন্তৰ্জাতিক ক্ষেত্ৰত এক সুকীয়া স্থান দখল কৰাৰ বাবে বৰ্তমান পাৰ্যমানে চেষ্টা কৰিছে ৷

আনহাতে,ইণ্টাৰনেটৰ জৰিয়তে বা সামাজিক মাধ্যমৰ সহায়ত নৱ প্রজন্মৰ মাজত কবিতা আবৃত্তি, অনুগল্পৰ জৰিয়তে এখন মঞ্চ দিবলৈ চেষ্টা কৰা হৈছে য’ত নৱপ্ৰজন্মই সাহিত্যৰ এক মঞ্চ পাবলৈ সক্ষম হৈছে ৷ লক ডাউনৰ ফলত মানসিকভাৱে হতাশ হোৱা লোকক বিশেষকৈ নৱ প্ৰজন্মক সাহিত্যৰ ক্ষেত্ৰত কেনেদৰে নিয়োজিত কৰিব পাৰি তাৰ বাবে ন ন পদক্ষেপ সাহিত্য সভাই গ্ৰহণ কৰিছে বুলি প্ৰকাশ কৰে সাহিত্য সভাৰ সভাপতি গৰাকীয়ে ।

লক ডাউন সকলোৰে জীৱনৰ বাবে হেঙাৰ হৈ পৰিছে যদিও এনে সময়ত অসম সাহিত্য সভাই সৃষ্টিশীল কাৰ্যৰ জৰিয়তে সমাজক এই হেঙাৰৰ পৰা উদ্ধাৰ কৰাৰ বাবে কাম কৰিছে । জনগোষ্ঠীয় বহু ভাষাৰ সৈতে সাহিত্যৰ সালসলনি লগতে জনগোষ্ঠীয় ভাষাৰ বহু শব্দ অভিধানত অন্তৰ্ভূক্ত কৰাৰ বাবে কাম কৰিছে সভাই ৷ তদুপৰি সভাই প্ৰকাশ কৰা বহু অমূল্য গ্ৰন্থৰ বিক্ৰী কেৱল অসম সাহিত্য সভাৰ প্ৰাংগণৰ বিপণীতে সীমাৱদ্ধ নাৰাখি সাধাৰণ ৰাইজে পাব পৰাকৈ ব্যৱস্থা গ্ৰহণৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰিছে অসম সাহিত্য সভাই ৷

লগতে চাওকঃ অইল ইণ্ডিয়া লিমিটেডক সকীয়নি লুৰিণজ্যোতি গগৈৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.