ETV Bharat / state

চৰকাৰে 'NIA'ক ৰাজনৈতিক উদ্দেশ্যত ব্যৱহাৰৰ গুৰুত্বৰ অভিযোগ কমল মেধিৰ - আক্ৰোশমূলক

এটা হাস্যকৰ গোচৰ লৈ 'নিয়া'ই আদালতত মুখ থেকেচা খালে। চৰকাৰে আক্ৰোশমূলক ভাৱে অখিল গগৈৰ বিৰুদ্ধে NIA ক ব্যৱহাৰ কৰিছে । এই অভিযোগ কমল কুমাৰ মেধিৰ ৷

চৰকাৰে 'NIA'ক ৰাজনৈতিক উদ্দেশ্যত ব্যৱহাৰ কৰাৰ গুৰুত্বৰ অভিযোগ কমল মেধিৰ

author img

By

Published : Jun 22, 2021, 6:01 PM IST

গুৱাহাটী, ২২ জুনঃ ৰাজনৈতিক উদ্দেশ্য পূৰণৰ বাবে চৰকাৰে 'NIA 'ৰ দৰে তদন্তকাৰী সংস্থাক ব্যৱহাৰ কৰিছে । এই অভিযোগ ৰাইজৰ দলৰ সাধাৰণ সম্পাদক কমল কুমাৰ মেধিৰ। এটা হাস্যকৰ গোচৰ লৈ 'নিয়া'ই আদালতত মুখ থেকেচা খালে বুলি কটাক্ষ কৰে ৰাইজৰ দলৰ নেতাজনে। উল্লেখ যে, ইতিমধ্যে জামিন পোৱা চাবুৱা থানাৰ 'নিয়া'ই লোৱা এটা গোচৰত আজি নিয়াৰ বিশেষ আদালতে ৰাইজৰ দলৰ সভাপতি বিধায়ক অখিল গগৈক দোষমুক্ত কৰে ।

নিয়াই জাপি দিয়া সকলো অভিযোগৰ পৰা মুক্ত হ'ল অখিল গগৈ। অৱশ্যে চানমাৰি থ‍ানাৰ 'নিয়া'ই লোৱা গোচৰৰ পৰা এতিয়াও দোষমুক্ত হোৱা নাই অখিল গগৈ। চাবুৱা থানাৰ গোচৰৰ পৰা অখিল গগৈ দোষমুক্ত হোৱা সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৰাইজৰ দলৰ সাধাৰণ সম্পাদক কমল কুমাৰ মেধিয়ে । চৰকাৰে আক্ৰোশমূলক ভাৱে অখিল গগৈৰ বিৰুদ্ধে 'নিয়া'ক ব্যৱহাৰ কৰা বুলি কমল কুমাৰ মেধিয়ে অভিযোগ উত্থাপন কৰে ।

চৰকাৰে 'NIA'ক ৰাজনৈতিক উদ্দেশ্যত ব্যৱহাৰ কৰাৰ গুৰুত্বৰ অভিযোগ কমল মেধিৰ

উল্লেখযোগ্য যে, বে-আইনী কাৰ্যকলাপ প্ৰতিৰোধ আইনৰ অধীনত অভিযুক্ত আছিল অখিল গগৈ । আজি আদালতে অখিল গগৈক সকলো অভিযোগৰ পৰা মুক্ত কৰে । হত্যাৰ চেষ্টাৰ অভিযোগৰ পৰাও মুক্ত হ'ল অখিল গগৈ । আনহাতে চাবুৱাৰ গোচৰৰ পৰা অখিল গগৈ মুক্ত হলেও ন্যায়িক জিন্মাতেই থাকিব লাগিব । চানমাৰি থানাৰ নিয়াৰ গোচৰটোত এতিয়াও জামিন পোৱা নাই অখিল গগৈয়ে । দুই-এদিনতে এই গোচৰৰ শুনানি হ'ব ।

উল্লেখ্য যে, আজি অৰ্থাৎ মঙলবাৰে কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত ৰাইজৰ দলৰ সভাপতি বিধায়ক অখিল গগৈক 'নিয়া' ৰ বিশেষ আদালতত হাজিৰ কৰোৱা হয় । গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ পৰা নিয়াৰ আদালতলৈ অনা হয় অখিল গগৈক । চানমাৰি আৰু চাবুৱা থানাৰ নিয়াই তদন্ত কৰি থকা দুটা গোচৰ সন্দৰ্ভত আজি আদালতে চাৰ্জ অৰ্ডাৰ দিয়াৰ সম্ভাৱনা আছিল ।

মন কৰিব লগীয়া যে, ২০১৯ চনৰ ১২ ডিচেম্বৰত গ্ৰেপ্ত‍াৰ হোৱা অখিল গগৈৰ বিৰুদ্ধে ৰাজ্যৰ বহু কেইখন থানাত বহুকেইটা গোচৰ ৰুজু হৈ আছে । ইতিমধ্যে বহুকেইটা গোচৰত অখিল গগৈয়ে জামিন লাভ কৰিছে যদিও নিয়াই তদন্ত কৰি থকা চাবুৱা থানাৰ গোচৰত তেওঁ জামিন লাভ কৰা নাছিল । বিগত ডেৰ বছৰ ধৰি কাৰাবন্দী হৈ থকা অখিল গগৈক বিভিন্ন গোচৰত কেইবাবাৰো কাৰাগাৰতে গ্ৰেপ্তাৰ কৰা হৈছে ।

লগতে পঢ়কঃ চাবুৱা থানাৰ NIAৰ গোচৰৰ পৰা দোষমুক্ত হ'ল অখিল গগৈ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.