গুৱাহাটী,24 মাৰ্চঃ চীনত কৰ’ণা ভাইৰাছৰ উৎপত্তিৰ পিছত পুনৰ এক নতুন ভাইৰাছৰ উমান পোৱা গৈছে বুলি এক সূত্ৰৰ পৰা জানিব পৰা গৈছে । জানিব পৰা অনুসৰি,হান্তা নামৰ ভাইৰাছবিধৰ বাবে চীনত মৃত্যুমুখত পৰে এজন লোক ৷ এই ভাইৰাছবিধ সম্পৰ্কে দিছপুৰ জিএনআৰচি-ৰ নিউৰ’ চাৰ্জাৰীৰ সঞ্চালক ডাঃ নৱনীল বৰুৱাই প্ৰকাশ কৰে বহু তথ্য ৷
বৰুৱাই জানিবলৈ দিয়া অনুসৰি হান্তা ভাইৰাছ কোনো নতুন ভাইৰাছ নহয় ৷ কানাডা আৰু মাৰ্কিন যুক্তৰাষ্ট্ৰত এই ৰোগ অধিক সংক্ৰমিত হোৱা পৰিলক্ষিত হয় বুলি জানিবলৈ দিয়ে চিকিৎসক গৰাকীয়ে । 2008 চনত ভাৰতত এই ভাইৰাছৰ উপস্থিতি সম্পৰ্কে সম্ভেদ পোৱা গৈছিল ৷ এই ভাইৰাছ বিধৰ পৰা ভয় কৰিবলগীয়া একো নাই বুলি বৰুৱাই জানিবলৈ দিয়ে ৷ সাৱধানতা অৱলম্বন কৰিয়ে এই ৰোগৰ পৰা হাত সাৰিব পাৰি বুলি জানিবলৈ দিয়ে বৰুৱাই ৷
লগতে চাওকঃ লক্ ডাউনৰ মাজতো শিৱ দ'ললৈ আহিল ভক্ত !