গুৱাহাটী,19 আগষ্ট: "যিসকল বিৰোধীয়ে ভাৱে যে, কংগ্ৰেছৰ লগত অন্য বিৰোধীয়ে মিল নহয়, সেয়া সম্পূৰ্ণ ভিত্তিহীন। কংগ্ৰেছ দলটো সদায়ে অসম তথা ভাৰতবৰ্ষৰ ৰাইজৰ লগত আছিল, আছে আৰু থাকিব। কিন্তু হয়, বিভিন্ন সময়ত আমাৰ দলৰ শত্ৰু সকল তথা আমাৰ বিৰোধী সকলে বিভিন্ন অপ-প্ৰচাৰ তথা ইতিহাসক বিসংগতিৰে বাখ্যা কৰি কংগ্ৰেছ দলৰ প্ৰতি ৰাইজৰ মাজত ঘৃণা আনিবলৈ চেষ্টা কৰি আছিল আৰু এতিয়াও নিয়োজিত হৈ আছে ।" এই মন্তব্য বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ ।
তেওঁ আৰু কয় যে ১৯৬২ চনৰ চীনা যুদ্ধত সেই সময়ৰ প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৱে অসম খনক এৰি দিছিল ৷ কিন্তু কেইজনমান বিশেষ ৰাজনৈতিক নেতাই ষড়যন্ত্ৰমূলক ভাৱে কংগ্ৰেছ দলক অসমৰ ৰাইজৰ মাজত অপ্ৰিয় কৰিবলৈ সেয়া প্ৰচাৰ কৰিছিল । কিয়নো উক্ত সময়চোৱাতে জৱাহৰলাল নেহৰুৰ একমাত্ৰ সন্তান ইন্দিৰা গান্ধীক অসমৰ সৈতে থিয় দিবলৈ পঠিয়াইছিল । গতিকে মাত্ৰ ইতিহাস বিকৃত কৰি কংগ্ৰেছ দলৰ বিৰুদ্ধে অপ-প্ৰচাৰ কৰি আহিছে বিভিন্ন ৰাজনৈতিক স্বাৰ্থ জড়িত কাৰণত বিৰোধীয়ে। স্বাধীনতা আন্দোলনৰ সময়ত গান্ধীজী তথা জৱাহৰলাল নেহৰুৰ নেতৃত্বাধীন কংগ্ৰেছ দলৰ সৈতে সেই সময়ৰ সদৌ অসম ছাত্ৰ সন্মিলনীয়েও যোগ দিছিল ।
গতিকে অসমৰ ইতিহাসত অসমীয়া মানুহে কংগ্ৰেছ দলক ভাল পোৱাৰ নজিৰ বহুতো আছে । সময়ে সময়ে কংগ্ৰেছ দলৰ বিৰুদ্ধে বিভিন্ন অপ-প্ৰচাৰত বিপক্ষ লিপ্ত হৈয়ে থাকে । কাৰণ সকলোৱে জানে যে, ৰাজনৈতিক ক্ষেত্ৰত বিজেপি দলক প্ৰত্যাহ্বান মাত্ৰ কংগ্ৰেছ দলেহে দিব পাৰে । গতিকে আগন্তুক নিৰ্বাচনত বিজেপি দলক উৎখাত কৰিবলৈ কংগ্ৰেছৰ সৈতে সকলো বিৰোধী একত্ৰিত হৈ নিৰ্বাচনত অৱতীৰ্ণ হ'লে ভাল ফলাফল দেখুৱাবলৈ সক্ষম হ'ব তথা অসমৰ স্বাৰ্থত অসমীয়া ৰাইজক এক সু-সংগঠিত সু-শাসিত চৰকাৰ দিবলৈ সক্ষম হ'ব পৰা যাব বুলি মন্তব্য কৰে বিৰোধী দলপতিগৰাকীয়ে । কিন্তু যিসকলে ভাবিছে, কংগ্ৰেছক বাদ দি বা দূৰত ৰাখি বিজেপিক প্ৰত্যাহ্বান দিব পৰা যাব, সেয়া অসম্ভৱ ।
লগতে চাওকঃ দেওজাৰা নৈত মাছ মাৰিবলৈ গৈ সলিল সমাধি যুৱকৰ