ETV Bharat / state

কাৰ্বি আংলঙত মুখ্যমন্ত্ৰীয়ে প্ৰলোভনৰ ৰাজনীতি কৰিছে : বিৰোধী দলপতি - নিৰ্বাচনী আচৰণ বিধি উলংঘা

সমাগত কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচন(KAAC Election 2022) ৷ এই নিৰ্বাচনৰ বাবে তৎপৰতা বাঢ়িছে ৰাজনৈতিক দল-সংগঠন সমূহৰ মাজত ৷ শাসনাধিষ্ঠিত চৰকাৰেও বিভিন্ন প্ৰতিশ্ৰুতিৰ বন্যা বোৱাই নিৰ্বাচনত জয়ী হ’বলৈ মন মেলিছে ৷ এই সন্দৰ্ভত বিৰোধী দলপতি দেবব্ৰত শইকীয়াই প্ৰকাশ কৰিছে নিজৰ প্ৰতিক্ৰিয়া ৷

KAAC Election 2022
কাৰ্বি আংলঙত মুখ্যমন্ত্ৰীয়ে প্ৰলোভনৰ ৰাজনীতি কৰিছে : বিৰোধী দলপতি
author img

By

Published : Jun 5, 2022, 10:17 PM IST

গুৱাহাটী, ৫ জুন : কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনত(KAAC Election 2022) শাসকীয় দল বিজেপিয়ে প্ৰলোভনৰ ৰাজনীতি কৰিছে । এই অভিযোগ বিৰোধী দলপতি দেবব্ৰত শইকীয়াৰ । তেওঁ কয় যে, ৮ জুনত অনুষ্ঠিত হ'বলগীয়া কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ প্ৰচাৰ সভাত মুখ্যমন্ত্ৰীকে ধৰি মন্ত্ৰী-নেতাসকলে প্ৰতিশ্ৰুতিৰ বন্যা বোৱাইছে ।

নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিখন সভাতে বিভিন্ন প্ৰতিশ্ৰুতি দিছে বুলি ব্যাপক প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিৰোধী দলপতিগৰাকীয়ে কয় যে, বিজেপিয়ে প্ৰলোভনৰ ৰাজনীতি কৰিছে (Reaction by opposition leader Debabrata Saikia on corruption) । প্ৰলোভনৰ ৰাজনীতিৰ বিৰুদ্ধে যুঁজাটো কঠিন বুলি সদৰি কৰি তেওঁ কয় যে, কংগ্ৰেছ হাৰ নামানি চেষ্টা অব্যাহত ৰাখিছে ।

কাৰ্বি আংলঙত মুখ্যমন্ত্ৰীয়ে প্ৰলোভনৰ ৰাজনীতি কৰিছে : বিৰোধী দলপতি

২০১৬ চনৰ নিৰ্বাচনৰ সময়ত হিমন্ত বিশ্ব শৰ্মাৰ লগতে আনসকলে কৈছিল যে, বিজেপি চৰকাৰ আহিলে তুলিৰাম ৰংহাঙক জেললৈ প্ৰেৰণ কৰা হ'ব । কিন্তু ইয়াৰ বিপৰীতে দেখা গৈছে যে, সকলো সময়তে মুখ্যমন্ত্ৰীৰ সৈতে থাকে তুলিৰাম ৰংহাং । তেওঁ লগতে কয় যে, কাৰ্বি আংলঙৰ ৰাইজে জনোৱা মতে তাত ব্যাপক দুৰ্নীতি হৈছে ।

কাৰ্বি আংলঙত ৰাইজৰ একো পৰিৱৰ্তন নহ'ল । কংগ্ৰেছে কাৰ্বি আংলঙত প্ৰলোভনৰ ৰাজনীতিৰ মাজতে দুৰ্নীতি বিৰোধী যুঁজখন আগুৱাই নিয়া বুলি তেওঁ উল্লেখ কৰে । প্ৰসংগ ক্ৰমে তেওঁ কাৰ্বি আংলঙৰ কেতবোৰ দুৰ্নীতিৰ বিষয়ে উল্লেখ কৰে ।

লগতে পঢ়ক : KAAC Election 2022: চুচেনধেন্টা সমষ্টিত টকাত বিক্ৰী নাযায় ৰাইজ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.