ETV Bharat / state

Dangerous condition of road in Guwahati: ৰজাৰ মৰণফান্দত পৰি আৰ্তনাদ প্ৰজাৰ - School girl killed in Ganeshguri accident

নৰক যন্ত্ৰণাত ভুগিছে মহানগৰীৰ বাসিন্দাই । পদে পদে মৃত্যুৰ আশংকা । জাইকাৰ মৰণফান্দ সদৃশ গাঁতে শংকিত কৰি তুলিছে মহাগৰবাসীক (Dangerous condition of road in Guwahati) । প্ৰতিদিনেই সংঘটিত হৈছে ইটোৰ পাছত সিটোকৈ দুৰ্ঘটনা ।

Reaction against the dangerous condition of roads in Guwahati
ৰজাৰ মৰণফান্দত পৰি আৰ্তনাদ প্ৰজাৰ
author img

By

Published : Jun 9, 2023, 7:35 PM IST

Updated : Jun 9, 2023, 7:55 PM IST

ৰজাৰ মৰণফান্দত পৰি আৰ্তনাদ প্ৰজাৰ

গুৱাহাটী, ৯ জুন: প্ৰাণৰ সংশয়ত ভুগিছে মহানগৰবাসী । যেনিয়েই যায় তেনিয়েই ৰাজপথত যমদুত সদৃশ গাঁত । কেতিয়া কোন মূহুৰ্তত প্ৰাণ হেৰুৱাবলগীয়া হয় মহানগৰীৰ সাধাৰণ জনতাই তাৰ কোনো ভৰষা নাই । স্মাৰ্ট মহানগৰীৰ ৰাজপথ তথা উপ-পথত চৰকাৰৰ মৰণফান্দ (Dangerous condition of road in Guwahati) ।

খোৱাপানীৰ পাইপ পোতাৰ নামত মহানগৰীৰ পথত জধে-মধে খন্দা গাঁতে কঢ়িয়াইছে বিপদ । বৃদ্ধি পাইছে দুৰ্ঘটনা, যান-জঁট । তৃষ্ণাতুৰ মহানগৰবাসীক পানী যোগান ধৰিব নোৱৰা জল ব'ৰ্ড-জাইকাই বিধ্বস্ত কৰিছে বাট-পথ (Potholes on Guwahati road) । পাতিছে মৰণফান্দ। এফালে চৰকাৰে উন্নয়নৰ নামত গুৱাহাটীক খান্দি, ভাঙি, চিৰি চূৰমাৰ কৰিছে আনহাতে জনতাক দিছে মৃত্যু উপহাৰ ৷ গুৱহাটীৰ প্ৰতিটো পথতেই এতিয়া জনতাৰ বাবে পতা হৈছে মৰণফান্দ ৷ গুৱাহাটীৰ যি পথেৰে এতিয়া যাব বিচাৰে তাতে দেখিব সৰু-বৰ গাঁত আৰু গাঁত ।

যাৰ পৰিপ্ৰেক্ষিতত প্ৰতিদিনেই সংঘটিত হৈছে ইটোৰ পাছত সিটোকৈ দুৰ্ঘটনা । পানী যোগানৰ নামত জলব'ৰ্ড কৰ্তৃপক্ষৰ চৰম মইমতালিৰ ফলত দুৰ্বিসহ হৈ পৰিছে সাধাৰণ জনতাৰ জীৱন । শংকিত হৈ পৰিছে গুৱাহাটী মহানগৰবাসী । গুৱাহাটী মহানগৰীৰ বাসিন্দাই এফালে দৈনিক খোৱা পানীৰ বাবে হাহাকাৰ কৰিব লগা হৈছে আনফালে পানী যোগানৰ আশ্বাস দি জলব'ৰ্ড কৰ্তৃপক্ষই এফালৰ পৰা খান্দি গৈছে মহানগৰীৰ বাট পথ (Reaction against the dangerous condition of road in Guwahati) ।

চৰম দায়িত্বজ্ঞানহীন জলব'ৰ্ড কৰ্তৃপক্ষই বহিৰাগত কোম্পানী জাপান ইণ্টাৰনেচনেল কৰ্পৰেচন এজেন্সি চমুকৈ জাইকাক দায়িত্ব দিছে খোৱাপানী যোগানৰ (JICA construction in Guwahati) । ইফালে জলব'ৰ্ডৰ চৰম দায়িত্বজ্ঞানহীনতাৰ পূৰ্ণ সুযোগ লৈ ঠিকাদাৰী প্ৰতিষ্ঠান জাইকাই নিজ মই ইমতালিৰে প্ৰতিটো বাট-পথ খান্দ পেলাইছে । মহানগৰীৰ প্ৰতিটো পথতে জি এছ ৰোড, মণিৰাম দেৱান পথ, গোপীনাথ বৰদলৈ পথ, ৰাধাগোবিন্দ বৰুৱা পথ, মাদাৰ টেৰেছা পথকে ধৰি মহানগৰীৰ প্ৰতিটো গুৰুত্বপূৰ্ণ পথতে এতিয়া বৃহৎ বৃহৎ গাঁত ।

সদা ব্যস্ত পথত উন্মুক্ত হৈ থকা গাতে যিকোনো মুহুৰ্ততে মহানগৰবাসীৰ জীৱনলৈ ভয়াবহ বিপদৰ অশনি সংকেত কঢ়িয়াইছে । আনফালে তীব্ৰ যানজঁটৰ সৃষ্টি হৈছে । ইয়াৰ মাজতে জলব'ৰ্ডৰ মইমতালিৰ বাবে বৃহস্পতিবাৰে গণেশগুৰিত শোকাবহ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে এগৰাকী ছাত্ৰীয়ে (School girl killed in Ganeshguri accident) । যাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মহানগৰ উন্নয়ন সমিতিয়ে (Road accident in Ganeshguri) ।

সমিতিৰ সম্পাদক বীৰেন শৰ্মাই দুৰ্ঘটনাত নিহত ছাত্ৰী গৰাকীৰ পৰিয়ালক ২৫ লাখ টকাৰ ক্ষতিপূৰণ দিয়াৰ লগতে এনে ঘটনা যাতে পুণৰ মহানগৰীত সংঘটিত নহয় তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায় । আনহাতে গণেশগুৰি দুৰ্ঘটনা সন্দৰ্ভত ৪ খনকৈ এজাহাৰ দাখিল হৈছে দিছপুৰ থানাত । প্ৰত্যক্ষদৰ্শীকে ধৰি বিভিন্নজনে দাখিল কৰিছে ঘটনাৰ এজাহাৰ ।

ঠিকাদাৰ, অভিযন্তা আৰু চৰকাৰী বিষয়াৰ বিৰুদ্ধে দাখিল কৰা হৈছে এজাহাৰ । জাইকা, জলবোৰ্ড, পৌৰ নিগম, জিলা প্ৰশাসন আৰু এ.কে. কনষ্ট্ৰাকচনক ঘটনাৰ বাবে একমাত্ৰ জগৰীয়া কৰিছে এজাহাৰত ৷ পিছে ইমানৰ পাছতো গা-লৰিবনে পৌৰ নিগম, জিলা প্ৰশাসন কিম্বা মইমতালিৰে মহানগৰীৰ ৰাজপথত গাঁত খন্দা জলব'ৰ্ড কৰ্তৃপক্ষৰ ? সেয়া এতিয়াও অলীক সপোন ।

লগতে পঢ়ক: Fury against Minister Atul Bora:অগপ সভাপতি তথা কৃষি মন্ত্ৰীৰ বিৰুদ্ধে ৰাইজ বিষেদগাৰ

Last Updated : Jun 9, 2023, 7:55 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.