গুৱাহাটী, ১৮ মাৰ্চঃ বুধবাৰে দিনৰ 3 বজাত ৰাজ্যসভাৰ তিনিখন আসনত বিনা প্ৰতিদ্বন্দিতাৰে বিজেপিৰ ভুৱনেশ্বৰ কলিতা, বিপিএফৰ বিশ্বজিৎ দৈমাৰী আৰু কংগ্ৰেছ-এআইইউডিএফৰ উমৈহতীয়া প্ৰাৰ্থী হিচাপে অজিত কুমাৰ ভূঞাক বিজয়ী বুলি আনুষ্ঠানিক ঘোষণা কৰিলে ৰিটাৰ্নিং বিষয়া অমৰেন্দ্ৰ ডেকাই ৷ আজি মনোনয়নৰ প্ৰত্যাহাৰৰ অন্তিম দিনটোত কোনো প্ৰাৰ্থীয়ে মনোনয়ন প্ৰত্যাহাৰ নকৰাত তিনিওজনকে বিজয়ী বুলি ঘোষণা কৰাৰ লগতে বিজয়ৰ প্ৰমান পত্ৰও প্ৰদান কৰা হয় ৷
লগতে পঢ়কঃ ডিফুত টিনপাট বিতৰ্কত বিজেপিঃসৰৱ কংগ্ৰেছ