ETV Bharat / state

21 ৰ নিৰ্বাচন দিছপুৰ দখলৰ যুঁজ নহয়,অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ যুঁজ: ভাস্কো ডি শইকীয়া - program

"21 ৰ নিৰ্বাচন দিছপুৰ দখলৰ যুঁজ নহয়, সেইয়া হ'ব অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ যুঁজ ৷ নিৰ্বাচনৰ আগতে অখিল গগৈক মুক্তি নিদিলে এইবাৰৰ নিৰ্বাচনত ৰাইজৰ দলৰ প্ৰধান ইচ্যু হ’ব অখিল গগৈৰ মুক্তি ৷" দেওবাৰে মঠঘৰীয়াস্থিত ৰাইজৰ দলৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হোৱা যোগদান অনুষ্ঠানত এনেদৰে মন্তব্য কৰি সৰৱ হৈ পৰে ৰাইজৰ দলৰ মুখ্য আহ্বায়ক ভাস্কো ডি শইকীয়া ৷

21 ৰ নিৰ্বাচন দিছপুৰ দখলৰ যুঁজ নহয়,অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ যুঁজ: ভাস্কো ডি শইকীয়া

author img

By

Published : Jan 3, 2021, 4:55 PM IST

গুৱাহাটী, 3 জানুৱাৰী: "21 ৰ নিৰ্বাচন দিছপুৰ দখলৰ যুঁজ নহয়, সেইয়া হ'ব অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ যুঁজ ৷ নিৰ্বাচনৰ আগতে অখিল গগৈক মুক্তি নিদিলে এইবাৰৰ নিৰ্বাচনত ৰাইজৰ দলৰ প্ৰধান ইচ্যু হ’ব অখিল গগৈৰ মুক্তি ৷ ভাৰত মাতা কি জয় শ্লোগানে চাৰিওফালে এতিয়া তোলপাৰ লগাইছে ৷ আমাৰ আপত্তি নাথাকিল হেতেন, যদিহে ইয়াত অসমীয়াৰ বিৰুদ্ধে কোনো অভিসন্ধি নাথাকিল হেতেন ৷ আমি সমস্বৰে ক'ব লাগিব জয় আই অসম ৷" দেওবাৰে মঠঘৰীয়াস্থিত ৰাইজৰ দলৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হোৱা যোগদান অনুষ্ঠানত এনেদৰে মন্তব্য কৰি সৰৱ হৈ পৰে ৰাইজৰ দলৰ মুখ্য আহ্বায়ক ভাস্কো ডি শইকীয়া ৷

21 ৰ নিৰ্বাচন দিছপুৰ দখলৰ যুঁজ নহয়,অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ যুঁজ: ভাস্কো ডি শইকীয়া

দেওবাৰে ৰাইজৰ দলৰ মুখ্য কাৰ্যালয়ত দলটোৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ দলটোত যোগদান কৰে প্ৰাক্তন আই পি এছ বিষয়া তথা এন পি পি দলৰ অসম ৰাজ্যিক শাখাৰ প্ৰাক্তন সভাপতি দিলীপ বৰাৰ লগতে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ ট্ৰেড ইউনিয়ন শাখাৰ অসম ৰাজ্যিক শাখাৰ সভাপতি সনাতন শৰ্মা, শাখাটোৰ আটাইকেইজন নেতৃত্ব আৰু গুৱাহাটী পদপথ ব্যৱসায়ী সন্থাৰ নেতৃত্বই ৷ দেওবাৰৰ যোগদান অনুষ্ঠানত উপস্থিত থাকি ভাস্কো ডি শইকীয়াৰ মন্তব্য, “ৰাইজৰ দলত নিতৌ শহস্ৰাধিক লোকে অংশ গ্ৰহণ কৰিছে ৷ ইতিমধ্যে আমাৰ ২৯ খন জিলা সমিতি আৰু ৭৮ টাকৈ সমষ্টি সমিতি গঠন হৈছে ৷ আমি আশাবাদী, খুব কম দিনৰ ভিতৰত অসমৰ ২৬ হাজাৰ খন গাঁৱতেই ৰাইজৰ দলৰ সংগঠন গঢ়ি তুলিম ৷ ১২৬ টা সমষ্টিত ৰাইজৰ দলৰ সাংগঠনিক ভেটি শক্তিশালী কৰি তুলিম ৷ ৭ তাৰিখৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হ’বলগীয়া দলৰ মৰাণ অধিৱেশনৰ প্ৰথম খন অভিৱৰ্তনত লক্ষাধিক ৰাইজৰ উপস্থিতিত এখন জাতীয় অভিৱৰ্তন হিচাপে অনুষ্ঠিত কৰিম ৷ সেইদিনাই আমি অসমীয়া জাতি ৰক্ষাৰ পণ ল’ম ৷”

আনহাতে অখিল গগৈৰ মুক্তি সন্দৰ্ভতো মন্তব্য শইকীয়াৰ ৷ “অখিল গগৈৰ শুনানি অন্ত পৰিছে ৷ মহামান্য আদালতে সেই শুনানি ৰিজাৰ্ভ কৰি ৰাখিছে ৷ দুই এদিনতে অখিল মুকলি আকাশৰ তললৈ ওলাই আহিব ৷ চৰকাৰী পক্ষই এতিয়াও অখিলক কাৰাৰুদ্ধ কৰি ৰাখিবলৈ চেষ্টা অব্যাহত ৰাখিছে ৷ আমাৰ স্পষ্ট দাবী, নিৰ্বাচনৰ আগমুহূৰ্তত অখিলক মুক্তি নিদিলে এইবাৰ দলৰ প্ৰধান নিৰ্বাচনী ইচ্যু হ’ব অখিল গগৈৰ মুক্তি ৷”

লগতে পঢ়ক: বটদ্ৰৱা থানত আশিস ল’লে ৰূপজ্যোতি কুৰ্মী-দেৱব্ৰত শইকীয়াই

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.