ETV Bharat / state

কাৰাবন্দী মডেল ৰাজকন্যা বৰুৱাৰ জামিন মঞ্জুৰ - Rajkanya Baruah granted bail

ৰাজকন্যা বৰুৱা(Model Rajkanya Baruah) জামিন মঞ্জুৰ । গুৱাহাটী উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰিলে মডেল ৰাজকন্যাৰ জামিন (Rajkanya Baruah granted bail) । গুৱাহাটীৰ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ অজিত বৰঠাকুৰ আদালতে মঞ্জুৰ কৰে জামিন ।

Model Rajkanya Baruah
কাৰাবন্দী মডেল ৰাজকন্যা বৰুৱাৰ জামিন মঞ্জুৰ
author img

By

Published : Mar 9, 2022, 8:11 PM IST

গুৱাহাটী, ৯ মাৰ্চ: ৰাজকন্যা বৰুৱা(Model Rajkanya Baruah) জামিন মঞ্জুৰ । গুৱাহাটী উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰিলে মডেল ৰাজকন্যাৰ জামিন (Rajkanya Baruah granted bail) । গুৱাহাটীৰ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ অজিত বৰঠাকুৰ আদালতে মঞ্জুৰ কৰে জামিন ।

উল্লেখ্য যে, গুৱাহাটী মহানগৰীত সুৰাপান কৰি গাড়ী চলাই ৰাজপথত মহতীয়া নিছিল শ্ৰমিকক । 2021 বৰ্ষৰ 1 অক্টোবৰত ৰুক্মিণীগাঁৱত নিশা সংঘটিত ভয়ংকৰ এই দুৰ্ঘটনাটো(Hit and run case of Rajkanya Baruah)ত প্ৰায় ৮ জনকৈ শ্ৰমিকক মহতীয়াই নিছিল । জোচেফ মাৰাক নামৰ শ্ৰমিকগৰাকীৰ এখন ভৰি ঘটনাস্থলীতে বিচ্ছিন্ন হৈ গৈছিল । পৰৱৰ্তী সময়ত চিকিৎসাধীন অৱস্থাতে মৃত্যু হৈছিল গুৰুত্বভাৱে আঘাতপ্ৰাপ্ত শ্ৰমিক গৰাকী ।

গুৰুত্বপূৰ্ণ কথা যে, কোভিডৰ বাবে জাৰি কৰা নৈশ সান্ধ্য আইনৰ মাজতেই সংঘটিত কৰিছিল ভয়ংকৰ দুৰ্ঘটনাটো । প্ৰথম অৱস্থাত দিছপুৰ আৰক্ষীয়ে মডেলগৰাকীক গ্ৰেপ্তাৰ কৰিছিল যদিও ২৪ ঘণ্টা নহওতেই লাভ কৰিছিল জামিন । পৰৱৰ্তী সময়ত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপত দিছপুৰ আৰক্ষীয়ে পুনৰ ৩৬১৯/২০২১ নম্বৰ গোচৰত গ্ৰেপ্তাৰ কৰিছিল ।

ইফালে আজি ন্যায়ালয়ে ৫০ হাজাৰ টকা আমানত ধনৰ বিনিময়ত মডেল ৰাজকন্যা জামিন মঞ্জুৰ কৰে । উল্লেখ্য যে, ভাৰতীয় দণ্ডবিধি ২৭৯/৩৩৮/২৯৮/৩৫৩ ধাৰাত গ্ৰেপ্তাৰ হৈ বিগত পাঁচ মাহে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ আছিল ৰাজকন্যা ।

লগতে পঢ়ক: কাঞ্চন দাক তেলেংগনা আৰু ছত্তিশগড় আৰক্ষীৰ মাৰাথন জেৰা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.