ETV Bharat / state

অসুস্থতাৰ নাটক : মেডিকেল ব’ৰ্ডে ধৰা পেলালে ৰাজকন্যাৰ ফাঁকি

author img

By

Published : Oct 6, 2021, 2:18 PM IST

Updated : Oct 6, 2021, 4:52 PM IST

Rajkanya Baruah arrested
অসুস্থ নহয় ৰাজকন্যা বৰুৱা

14:11 October 06

ৰঙাঘৰলৈ ৰাজকন্যা ৷ গ্ৰেপ্তাৰ হ'ল ৰুক্মিনীগাঁও হিট এণ্ড ৰান ঘটনাৰ অভিযুক্ত ৰাজকন্যা বৰুৱা ৷ ন্যায় বিচাৰ হ’ব নে ? নে আদালতত উকিলে সুধিব লাগিব ‘‘কৌন হ্যে য়ে লৌগ ? কাহা চ্যে আতে হ্যে য়ে ?’’

নিউজ ডেস্ক , 6 অক্টোবৰ : শাৰিৰীক অসুস্থতাৰ নাটক কৰিছিল ৰুক্মিনীগাঁও হিট এণ্ড ৰান ঘটনাৰ অভিযুক্ত ৰাজকন্যা বৰুৱাই ৷ মেডিকেল বৰ্ডৰ পৰীক্ষাৰ পাচতে অভিযুক্ত ৰাজকন্যা বৰুৱাৰ এই নাটক পোহৰলৈ আহিছে ৷ সুৰামত্ত অৱস্থাত দুৰ্ঘটনা সংঘটিত কৰাৰ পিছতে আইনৰ পৰা হাত সৰাৰ উদ্দেশ্যে অসুস্থ হোৱাৰ নাটক কৰি আৰক্ষী থানাত হাজিৰ হোৱা নাছিল ৰাজকন্যা ৷ বুধবাৰে মেডিকেল ব’ৰ্ডে বৰুৱাৰ স্বাস্থ্য পৰীক্ষা কৰাৰ পাচতে তেওঁ শাৰিৰীকভাৱে অসুস্থ নহয় বুলি প্ৰমাণ হয় আৰু ইয়াৰ লগে লগে দিছপুৰ আৰক্ষীয়ে ৰাজকন্যা বৰুৱাক গ্ৰেপ্তাৰ কৰে ৷  

জিএমচিএইচে গঠন কৰি দিয়া মেডিকেল ব’ৰ্ডৰ ছয়জনীয়া সদস্যই বুধবাৰে গুৱাহাটীৰ জিএনআৰচিৰ আইচিইউত ভৰ্তি হৈ থকা ৰাজকন্যা বৰুৱাৰ স্বাস্থ্য পৰীক্ষা কৰি সুস্থতাৰ প্ৰমান পত্ৰ প্ৰদান কৰে ৷ GNRCৰ অধীক্ষকৰ হাতত মেডিকেল ব’ৰ্ডে প্ৰতিবেদন দাখিল কৰে ৷  ১ অক্টোবৰৰ নিশা প্ৰায় ১.৩০ বজাত ৰাজকন্যা বৰুৱাই সুৰাসক্ত হৈ দ্ৰুতগতিত গাড়ী চলাই ৰাজপথত কাম কৰি থকা আঠজনকৈ শ্ৰমিকক ৰাজকন্যাই মহতিয়াই নিছিল ৷ 

কিন্তু, ঘটনা সংঘটিত হোৱাৰ 24 ঘণ্টাৰ পাচতে ৰাজকন্যাই জামিন লাভ কৰাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল ৷ ইয়াৰ পাচৰে পৰা বৰুৱাই শাৰিৰীক অসুস্থতাৰ দৰে অজুহাত দেখাই আইনৰ পৰা হাত সৰাৰ বাবে ন ন উপায় অৱলম্বন কৰি আহিছিল ৷ 

শেহতীয়াকৈ ড্ৰাগছ মাফিয়া আৰু চোৰ-ডকাইতক গুলীয়াই চৰ্চিত হৈ পৰা অসম আৰক্ষীয়ে ৰাজকন্যা বৰুৱাৰ হিট এণ্ড ৰান গোচৰৰ ক্ষেত্ৰত দেখুওৱা সোপা-ধিলা পদক্ষেপে সমগ্ৰ আৰক্ষী ব্যৱস্থাটোৰ ওপৰতো প্ৰশ্ন তুলিছিল ৷ প্ৰাৰম্ভিক অৱস্থাত ৰাজকন্যাই আৰক্ষীৰ গাফিলতিৰ বাবে জামিন লাভ কৰিছিল যদিও পুনৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত এই ঘটনাক লৈ কঠোৰ হৈ পৰে আৰক্ষী ৷ যাৰ ফলশ্ৰুতিত নাটকীয়ভাৱে জি এন আৰ চিত ভৰ্তি হৈ থকাৰ পৰাই ৰঙা ঘৰলৈ লৈ অহা হয় ৰাজকন্যাক ৷ 

ইতিমধ্যে এই ঘটনাৰ প্ৰাৰম্ভিক তদন্তৰ দায়িত্বত থকা দুগৰাকী আৰক্ষী বিষয়াক ইতিমধ্যে ৰিজাৰ্ভ ক্ল’জ কৰা হৈছে ৷ আনকি, সামাজিক মাধ্যম ফেচবুক, টুইটাৰ আদিতো ৰাজকন্যাৰ এই কাণ্ডক লৈ ব্যাপক চৰ্চা হোৱা পৰিলক্ষিত হয় ৷ বহুতেই ৰাজকন্যাই জামিন লাভ কৰাত বিষেদ্বগাৰ প্ৰকাশ কৰে চ’ছিয়েল মিডিয়া যোগে ৷ এতিয়া এই ঘটনাৰ ভুক্ত ভোগীয়ে ন্যায় লাভ কৰে নে নকৰে সেয়া অৱশ্যেই লক্ষণীয় হ’ব ৷

লগতে পঢ়ক : GNRC-ৰ ICU ৱাৰ্ডৰ পৰা গ্ৰেপ্তাৰ ৰাজকন্যা বৰুৱাক

Last Updated : Oct 6, 2021, 4:52 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.