ETV Bharat / state

ৰেম্প নহয়, ৰাজকন্যাৰ ঠিকনা এতিয়া কাৰাগাৰ

author img

By

Published : Oct 8, 2021, 5:41 PM IST

Updated : Oct 8, 2021, 8:46 PM IST

14 দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে তথাকথিত মডেল ৰাজকন্যা বৰুৱাক ৷ আৰক্ষীয়ে পুনৰ ৰাজকন্যাক নিজৰ জিম্মাত নিবিচৰাৰ বাবে 14 দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে আদালতে ৷

14 দিনৰ ন্যায়িক জিম্মালৈ মডেল ৰাজকন্যা বৰুৱা

গুৱাহাটী, 8 অক্টোবৰ : তথাকথিত মডেল ৰাজকন্যা বৰুৱা এতিয়া ৰঙাঘৰৰ অতিথি । দুদিনকৈ দিছপুৰ আৰক্ষীৰ জিম্মাত থাকিবলগীয়া হোৱা ৰাজকন্যা বৰুৱাক শুকুৰবাৰে আদালতে ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে । বুধবাৰে দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ৰাজকন্যা বৰুৱাক বৃহস্পতিবাৰে কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হৈছিল ।

আদালতে ৰাজকন্যা বৰুৱাৰ জামিন আৱেদন নাকচ কৰাৰ লগতে এদিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছিল। পুনৰ ৰাজকন্যা বৰুৱাক আদালতত হাজিৰ কৰোৱা হয় আৰু আদালতে ৰাজকন্যা বৰুৱাক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে । ৰাজকন্যা বৰুৱাৰ এতিয়া নতুন ঠিকনা গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰ । কাৰাগাৰত অন্য অপৰাধীৰ দৰেই থাকিব লাগিব ৰাজকন্যা বৰুৱা ।

আৰক্ষীয়ে পুনৰ জিম্মাত নিবিচাৰিলে ৰাজকন্যাক । ৰাজকন্যাক কাৰাগাৰত বিশেষ আতিথ্য নিদিবলৈ নিৰ্দেশ আদালতৰ । সাধাৰণ কয়দীৰ দৰে কাৰাগাৰত ৰাখিব লাগিব ৰাজকন্যা বৰুৱাক । ইফালে আদালতৰ নিৰ্দেশৰ পাছতে বৃহস্পতিবাৰে ৰাজকন্যা বৰুৱাৰ অনুজ্ঞাপত্ৰ বাতিল কৰে পৰিবহন বিভাগে ।

লগতে পঢ়ক: ৰাজকন্যাক আই চি ইউত মই ৰখা নাছিলোঁ : ডাঃ নভনীল বৰুৱা

উল্লেখ যে, ১ অক্টোবৰৰ নিশা ১.৩০ বজাত সুৰামত্ত হৈ ৰাজকন্যা বৰুৱাই গাড়ীৰে ৰাজপথত কৰ্মৰত আঠজনকৈ শ্ৰমিকক মহতীয়াই নিছিল । ইয়াৰে এজন শ্ৰমিকৰ দুয়োখন ভৰি ইতিমধ্যে কাটি পেলাব লগীয়া হৈছে । ঘটনাটো সংঘটিত কৰাৰ পাছত আৰক্ষীয়ে ৰাজকন্যা বৰুৱাৰ আটক কৰিছিল যদিও ২৪ ঘণ্টাৰ পাছত জামিন লাভ কৰিছিল ।

এই ঘটনাক লৈ ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল । আনকি ঘটনাটোত মুখ্যমন্ত্রীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৰ্তব্যত গাফিলতি কৰা আৰক্ষীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি সদৰী কৰিছিল । মুখ্যমন্ত্রীৰ সতৰ্কবাণীৰ পাছতেই সমগ্ৰ ঘটনাই নতুন মোৰ লয় । ঘটনা সন্দৰ্ভত দুজনকৈ আৰক্ষীৰ লোকক ৰিজাৰ্ভ ক্লজ কৰাৰ লগতে ঘটনাৰ তদন্ত দিয়া হয় ।

পৰৱৰ্তী সময়ত ৰাজকন্যা বৰুৱালৈ জাৰি কৰা হৈছিল চমন । কিন্তু ৰাজকন্যা বৰুৱাই থানাত হাজিৰ হোৱাৰ বিপৰীতে অসুস্থতাৰ অজুহাতত জি এন আৰ চিৰ ICUত ভৰ্তি হৈ আছিল । এইক্ষেত্রত ৰাজকন্যা বৰুৱাৰ স্বাস্থ্য পৰীক্ষা কৰাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ মেডিকেল বৰ্ড গঠন কৰা হৈছিল । ছয়জনীয়া মেডিকেল বৰ্ডে বুধবাৰে ৰাজকন্যা বৰুৱাৰ স্বাস্থ্য পৰীক্ষা কৰি সুস্থতাৰ প্ৰমানপত্র দিয়াৰ পাছতেই আৰক্ষীয়ে জি এন আৰ চি হাস্পতালৰ পৰা ৰাজকন্যা বৰুৱাক গ্ৰেপ্তাৰ কৰে ।

লগতে পঢ়ক: GNRC-ৰ ICU ৱাৰ্ডৰ পৰা গ্ৰেপ্তাৰ ৰাজকন্যা বৰুৱাক

নিশাটো দিছপুৰ থানাত ৰখাৰ পাছত বৃহস্পতিবাৰে ৰাজকন্যা বৰুৱাক আদালতত হাজিৰ কৰোৱা হৈছিল । আদালতে ৰাজকন্যা বৰুৱাক এদিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰাৰ পাছত আজি ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে । লক্ষণীয় বিষয় যে, আঠজনকৈ লোকক ঘূণীয়া কৰাৰ ঘটনাটোকলৈ ৰাজকন্যা বৰুৱা অলপো অনুতপ্ত নহয় ।

ৰাজকন্যা বৰুৱাৰ গোচৰে এতিয়া নিত্য-নতুন ৰূপ ল’বলৈ আৰম্ভ কৰিছে । কেৱল ৰাজকন্যাই নহয় তেওঁক বছাবলৈ চেষ্টা কৰা আৰক্ষী বিষয়া তথা চিকিৎসকৰ বিৰুদ্ধেও ব্যৱস্থা গ্ৰহণৰ বাবে তৎপৰ হৈছে আৰক্ষী । ৰাজকন্যা কাণ্ডৰ তদন্তত গাফিলতি কৰাৰ বাবে নিলম্বন হ’ব পাৰে যান-বাহন শাখাৰ উপ-পৰিদৰ্শক চাহিৰ আলী ।

ৰাজকন্যাই দুৰ্ঘটনা সংঘটিত কৰাৰ পাছতে যি স্বাস্থ্য পৰীক্ষা কৰাব লাগিছিল তাত গাফিলতি কৰিছিল এছ আই চাহিৰ আলীয়ে । ৰাজকন্যাই সুৰাপান কৰিছিল নে নাই, সেয়া পৰীক্ষা কৰা হোৱা নাছিল স্বাস্থ্য পৰীক্ষাৰ সময়ত । যাৰ ফলত গোচৰটোৰ এজাহাৰত উল্লেখ কৰা হোৱা নাছিল ৰাজকন্যাই সুৰাপান কৰাৰ কথা । ইতিমধ্যে নতুন তদন্তকাৰী বিষয়া যোগানন্দ বড়োৱে ইয়াক লৈ তদন্ত আৰম্ভ কৰিছে ।

লগতে পঢ়ক: অসুস্থতাৰ নাটক : মেডিকেল ব’ৰ্ডে ধৰা পেলালে ৰাজকন্যাৰ ফাঁকি

ৰাজকন্যাৰ অসুস্থতাৰ ভুৱা প্ৰমাণপত্ৰৰে তেওঁক আইচিইউৰ বিছনাত শুৱাই ৰখা চিকিৎসকৰ বিৰুদ্ধেও তৎপৰ হৈছে আৰক্ষী । জিএনআৰচিৰ জ্যেষ্ঠ চিকিৎসক নভনীল বৰুৱাই তেওঁক জিএনআৰচিৰ আইচিইউ চিকিৎসাধীন হোৱাত সহায় কৰাৰ কথা পোহৰলৈ অহাৰ পাছতে চমন জাৰি কৰা হৈছিল ডাঃ নভনীল বৰুৱালৈ । একেদৰে চমন জাৰি হৈছিল জিএনআৰচি কৰ্তৃপক্ষৰ বিৰুদ্ধেও ।

বৃহস্পতিবাৰে জাননী পোৱাৰ পাছতে শুকুৰবাৰে দিছপুৰ আৰক্ষী থানাত হাজিৰ হয় জি এন আৰ চিৰ অধীক্ষক সুব্ৰত ভাগৱতী আৰু চিকিৎসক নভনীল বৰুৱা । দুয়োজনকে জেৰা চলাইছে তদন্তকাৰী বিষয়াই । চিকিৎসক আৰু চিকিৎসালয় কৰ্তৃপক্ষই ৰাজকন্যাক ৰাজ আতিথ্য দিয়াৰ তথ্য-প্ৰমাণ লাভ কৰিছে তদন্তকাৰী বিষয়াই ।

এই গোচৰৰ তদন্তকাৰী বিষয়া যোগানন্দ বড়োয়ে বিয়লি আদালতত চিকিৎসক নভনীল বৰুৱা আৰু চিকিৎসালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে এগৰাকী অপৰাধীক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ উত্থাপন কৰে । আবেদনৰ পাছতে আদালতে মঞ্জুৰী দিলে গ্ৰেপ্তাৰ কৰা হ’ব পাৰে চিকিৎসক ডাঃ নভনীল বৰুৱা । লগতে জি এন আৰ চি কৰ্তৃপক্ষৰ বিৰুদ্ধেও ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক: এদিনৰ বাবে আৰক্ষীৰ জিম্মাত ৰাজকন্যা বৰুৱা; ডাঃ নভনীল বৰুৱাক চমন

Last Updated : Oct 8, 2021, 8:46 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.