গুৱাহাটী, 17 অক্টোবৰ : পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত সংঘটিত নিযুক্তি কেলেংকাৰীত জড়িত বিজেপি নেতা ৰাজীৱ পৰাশৰক গ্ৰেপ্তাৰ ৷ যোৱা নিশা গ্ৰেপ্তাৰ কৰা হৈছে বিজেপি নেতাজনক । মহানগৰীৰ খ্ৰীষ্টান বস্তিত থকা অনিল প্লাজাৰ পৰা এই যুৱক জনক আৰক্ষীৰ ক্ৰাইম ব্ৰাঞ্চে গ্ৰেপ্তাৰ কৰে । শনিবাৰে পুৱা যুৱক জনৰ ছয়মাইলত থকা ঘৰতো আৰক্ষীয়ে তালাচী চলাই কেতবোৰ নথি পত্ৰ জব্দ কৰে ।
এই গ্ৰেপ্তাৰ সন্দৰ্ভত ক্ৰাইম ব্ৰাঞ্চে 15/ 2020 নম্বৰত এক গোচৰ ৰুজু কৰিছে । এছ আই নিযুক্তি কেলেংকাৰীৰ অনুসন্ধানৰ বৰ্তমানতে গ্ৰামোন্নয়ন নিযুক্তিৰ বিপৰীতে চলা এই অভিযান তাৎপৰ্যপূৰ্ণ বুলি বিবেচিত হৈছে ।
লগতে পঢ়ক : মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণৰ কাৰ্যকাল বৃদ্ধিত অনিশ্চয়তা