ETV Bharat / state

বেংগালুৰুৰ ৰাজভৱনত প্ৰথমবাৰৰ বাবে অসম দিৱস উদযাপন

author img

By ETV Bharat Assamese Team

Published : Dec 4, 2023, 7:06 AM IST

বেংগালুৰু ৰাজভৱনত অসম আৰু নাগালেণ্ডৰ প্ৰতিষ্ঠা দিৱস পালন ৷ কৰ্ণাটকৰ ৰাজ্যপাল থাৱাৰ চান্দ গেহলট অনুষ্ঠানত অংশ লয় ৷ অনুষ্ঠানত অসম আৰু নাগালেণ্ডৰ সাংস্কৃতিক অনুষ্ঠান পৰিবেশন ৷

Assam Nagaland day in Karnataka Rajbhawan
বেংগালুৰুৰ ৰাজভৱনত প্ৰথমবাৰৰ বাবে অসম দিৱস উদযাপন
Assam Nagaland day in Karnataka Rajbhawan
বেংগালুৰুৰ ৰাজভৱনত প্ৰথমবাৰৰ বাবে অসম দিৱস উদযাপন

নিউজ ডেস্ক, ৪ ডিচেম্বৰ: ১ ডিচেম্বৰত নাগালেণ্ড ৰাজ্য আৰু ২ ডিচেম্বৰ অসম ৰাজ্যৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে বেংগালুৰু ৰাজভৱনত বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয় ৷ সন্ধিয়া ৬.০০বজাৰ পৰা ৭.৩০ বজালৈ অসম আৰু নাগালেণ্ড ৰাজ্যৰ প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয় ৰাজভৱনত । বেংগালুৰুত বসবাস কৰা নাগালেণ্ড আৰু অসম দুয়োখন ৰাজ্যৰ লগতে কৰ্ণাটকৰো প্ৰায় দুই শতাধিক ৰাইজৰ উপস্থিতিত আটক ধুনীয়া সাংস্কৃতিক অনুষ্ঠানো প্ৰদৰ্শন কৰা হয় ।

কাৰ্যসূচী অনুসৰি কৰ্ণাটক ৰাজ্যৰ ৰাজ্যপাল থাৱাৰ চান্দ গেহলটৰ উপস্থিতিত বেংগালুৰুবাসী অসমীয়া ৰাইজৰ হৈ নয়নভা শৰ্মাৰ নেতৃত্বত "সত্ৰীয়া নৃত্য", পৰেশ বৰা আৰু প্ৰণৱ জ্যোতি বৰাৰ নেতৃত্বত "দলীয় বিহু নৃত্য" আৰু সম্পূৰ্ণ থলুৱা বাদ্যযন্ত্ৰ গীত-মাতৰ সমাহাৰ "ব্ৰহ্মপুত্ৰ বেণ্ডৰ" অনুষ্ঠান পৰিবেশন কৰা হয় ৷ অনুষ্ঠানৰ শেষত উপস্থিত সকলোৱে অসমৰ জাতীয় সংগীত পৰিৱেশনত নিজ নিজ স্থানৰ পৰাই সহযোগ কৰে । লগতে দিপাংকৰ ভট্টাচাৰ্যই অসম তথা অসম দিৱসৰ বিষয়ে উপস্থিত সকলোৰে আগত ভাষণ প্ৰদান কৰি বেংগালুৰু ৰাজভৱনত কৰ্ণাটকৰ ৰাজ্যপালগৰাকীয়ে অসম দিৱস পালন কৰাৰ বাবে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে ।

এই কাৰ্যসূচীত অসমৰ সাংস্কৃতিক অনুষ্ঠানৰ উপৰিও নাগালেণ্ডৰো গীত-নৃত্য প্ৰদৰ্শন কৰা হয় । অসমৰ গামোচা আৰু চেলেং চাদৰৰে ৰাজ্যপাল গেহলটক সম্বৰ্ধনা জনোৱা হয় । অনুষ্ঠানত অংশগ্ৰহণ কৰা দুয়োখন ৰাজ্যৰ শিল্পীসকলক ৰাজ্যপালগৰাকীয়ে সন্মান প্ৰদান কৰাৰ লগতে দুয়োখন ৰাজ্যৰ প্ৰতিষ্ঠা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰে । উল্লেখ্য যে, বৰ অসমৰ প্ৰতিষ্ঠাপক চাওলুং চ্যুকাফাৰ স্মৃতিত ১৯৮৭ চনৰ পৰা ২ ডিচেম্বৰ দিনটো সমগ্র অসমবাসীয়ে "অসম দিৱস হিচাপে পালন কৰি আহিছে ।

লগতে পঢ়ক: ৰজাঘৰৰ পৰা অৱহেলিত হ’ল স্বৰ্গদেউ চাওলুং ছ্যু-কা-ফাৰ মৈদাম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.