ETV Bharat / state

২১ৰ নিৰ্বাচনতো অসমত অটুট থাকিব "ৰামধেনু মিত্ৰতা"-বৈজয়ন্ত পাণ্ডা

author img

By

Published : Dec 17, 2020, 4:38 PM IST

Updated : Dec 17, 2020, 4:49 PM IST

২১ ৰ নিৰ্বাচনতো অসমত অটুট থাকিব "ৰামধেনু মিত্ৰতা ৷ গুৱাহাটীত বৃহস্পতি এখন সংবাদমেলত ভাগ লৈ এই মন্তব্য কৰে অসম প্ৰদেশ বিজেপিৰ প্ৰভাৰী বৈজয়ন্ত জয় পাণ্ডাই ৷

rainbow alliance
rainbow alliance

গুৱাহাটী, ১৭ ডিচেম্বৰ : অসম প্ৰদেশ বিজেপিৰ প্ৰভাৰীৰ দায়িত্ব গ্ৰহণ কৰাৰ পিছত প্ৰথমবাৰ অসমলৈ অহা বিজেপিৰ ৰাষ্ট্ৰীয় উপ-সভাপতি বৈজয়ন্ত জয় পাণ্ডাই বৃহস্পতিবাৰে গুৱাহাটীত ঘোষণা কৰে যে ২০২১ ৰ বিধানসভা নিৰ্বাচনতো অসমত আজিৰ দৰে বিজেপিয়ে "ৰামধেনু মিত্ৰতা" বাহাল ৰাখিব । গুৱাহাটীত বৃহস্পতি এখন সংবাদমেলত ভাগ লৈ এইদৰে মন্তব্য কৰে নৱনিযুক্ত প্ৰভাৰী গৰাকীয়ে ।

তাৎপৰ্যপূৰ্ণ ভাবে তেওঁ আৰু কয় যে বি টি চিৰ নিৰ্বাচন এটা সুকীয়া বিষয় আৰু বিধানসভা নিৰ্বাচন আন এটা বিষয় । গতিকে বি পি এফৰ সৈতে আগন্তুক বিধানসভা নিৰ্বাচনত বিজেপিৰ সম্পৰ্ক কেনে হ’ব সেই বিষয়ে আলোচনা কৰা হ’ব বুলিও তেওঁ কয় ।

বৈজয়ন্ত জয় পাণ্ডাৰ সংবাদমেল

এই প্ৰসংগত ইতিমধ্যে তেওঁ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মন্ত্ৰী ডঃ হিমন্তবিশ্ব শৰ্মাৰ সৈতেও আলোচনা কৰিছে বুলি উল্লেখ কৰে । অসমত আজিৰ তাৰিখত বিজেপিৰ স্থিতি বহুত মজবুত বুলি উল্লেখ কৰি তেওঁ কয় যে বিগত ৪০ বছৰীয়া ইতিহাসত বিজেপিয়ে কোনো মিত্ৰদলকে আঁতৰাই পঠিওৱা নাই । বিভিন্ন ৰাজনৈতিক কাৰণত কেতবোৰ মিত্ৰদল নিজেইহে আঁতৰি গৈছে ।

আনহাতে, নতুন কৃষি আইনক কেন্দ্ৰ কৰি দেশত একাংশ বিৰোধী ৰাজনৈতিক দল আৰু ব্যক্তি বিশেষে নিজা নিজা ৰাজনৈতিক স্বাৰ্থতহে আন্দোলন কৰিছে বুলি মন্তব্য কৰি তেওঁ কয় এই কৃষি আইনে কৃষকক মধ্যভোগীৰ কবলৰ পৰা ৰক্ষাহে কৰিব ।

লগতে পঢ়ক : পুত্ৰক আশীৰ্বাদ দিবলৈ শিৱসাগৰত উপস্থিত লুৰিণৰ মাতৃ

Last Updated : Dec 17, 2020, 4:49 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.