ETV Bharat / state

মালিগাঁৱত ৰে'লৱে মজদুৰ ইউনিয়নৰ সাধাৰণ সম্পাদক ৰাখাল দাসক শ্ৰদ্ধাঞ্জলি

author img

By

Published : Dec 22, 2020, 10:11 PM IST

ৰে'লৱে মজদুৰ ইউনিয়নৰ সাধাৰণ সম্পাদক ৰাখাল দাস গুপ্তাৰ মৃত্যু ৷ গুৱাহাটীৰ এপ'ল হাস্পতালত মৃত্যু হয় ৰাখাল দাস গুপ্তাৰ । মালিগাঁৱত শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় ৰাখাল দাস গুপ্তাক ৷

Rakhal Das Gupta, general secretary of Railway Workers Union, dies
মালিগাঁৱত ৰে'লৱে মজদুৰ ইউনিয়নৰ সাধাৰণ সম্পাদক ৰাখাল দাসক শ্ৰদ্ধাঞ্জলি

গুৱাহাটী, 22 ডিচেম্বৰ : সোমবাৰে দেহাৱসান ঘটে ৰে'লৱে মজদুৰ ইউনিয়নৰ সাধাৰণ সম্পাদক ৰাখাল দাস গুপ্তাৰ । শাৰিৰীক অসুস্থতাৰ বাবে চিকিৎসাধীন অৱস্থাত গুৱাহাটীৰ এপ'ল হাস্পতালত মৃত্য়ু হয় মজদুৰ ইউনিয়নৰ পিতামহ স্বৰূপ ৰাখাল দাস গুপ্তাৰ ।

মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল 88 বছৰ । মঙলবাৰে হাস্পতালৰ পৰা মালিগাঁওলৈ অনা হয় ৰে'ল কৰ্মচাৰী গৰাকীৰ নশ্বৰ দেহ । মালিগাঁওস্থিত উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ মুখ্য কাৰ্যালয়ত অসংখ্য গুণমুগ্ধই তেখেতক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । ৰে'লৱেৰ প্ৰতিটো সংগঠন, বিষয়া-কৰ্মচাৰীয়ে বিদায় জনাই ৰে'লৱে মজদুৰ ইউনিয়নৰ প্ৰতিষ্ঠাপক সদস্য গৰাকীক । ৰে'লৱেৰ মুখ্য কাৰ্যালয়ত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ পিচতেই গুৱাহাটীৰ ভূতনাথত শেষকৃত সম্পন্ন কৰা হয় ৰে'ল কৰ্মচাৰী গৰাকীৰ নশ্বৰ দেহ ।

উল্লেখযোগ্য যে, ৰে'ল কৰ্তৃপক্ষৰ বিভিন্ন হঠকাৰী সিন্ধান্তৰ বিৰুদ্ধে প্ৰতিটো মূহুৰ্ততে যুঁজ দি আহিছিল প্ৰয়াত ৰাখাল দাস গুপ্তাই । ৰে'ল কৰ্মীৰ প্ৰাপ্য অধিকাৰৰ ক্ষেত্ৰত এক বলিষ্ঠ ভূমিকা গ্ৰহণ কৰিছিল তেখেতে ।

লগতে পঢ়ক : শীঘ্ৰে মুকলি আকাশৰ তললৈ আহিব অখিল গগৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.