গুৱাহাটী, 11 মাৰ্চ: বিশ্বজুৰি অব্যাহত আছে কৰ'ণা ভাইৰাছ অৰ্থাৎ COVID-19ৰ আতংক ৷ শেহতীয়াকৈ ভাৰতটো যথেষ্ট হাৰত বৃদ্ধি পাইছে কৰ'ণাত আক্ৰান্তৰ সংখ্যা ৷ যাৰ বাবে বিভিন্ন স্থানত লোৱা হৈছে ব্যাপক সতৰ্কতা ৷ এইবাৰ ৰে'ল বিভাগেও অৱলম্বন কৰিছে বিশেষ ব্যৱস্থা ৷ ৰাইজক সজাগ কৰাৰ উদ্দেশ্যে ৰে'ল ষ্টেচনসমূহত সজাগতা মূলক কাৰ্যসূচী হাতত লৈছে ৰে'ল বিভাগে ৷ উত্তৰ-পূৱ সীমান্ত ৰে'লৱে ইতিমধ্যেই গুৱাহাটী ৰে'ল ষ্টেচনকে ধৰি বহুকেইটা গুৰুত্বপূৰ্ণ ষ্টেচনত দূৰ দূৰণিৰ পৰা অহা যাত্ৰীসকলক চিকিৎসকে নিৰীক্ষণত ৰাখিছে ৷ তাৰোপৰি ভিডিঅ'ৰ জৰিয়তে ৰাইজক কৰ'ণাৰ পৰা কিদৰে হাত সাৰিব পাৰি তাৰ পৰামৰ্শ আগবঢ়োৱাৰ বাবে এক ব্যৱস্থা হাতত লৈছে ৷
ইয়াৰোপৰি কৰ'ণা ভাইৰাছত আক্ৰান্তৰ বাবে সুকীয়াকৈ কোঠা প্ৰস্তুত কৰি ৰাখিছে ৰে'ল বিভাগে ৷ সমগ্ৰ ভাৰতত প্ৰায় 20 হাজাৰকৈও অধিক বিছনা সংৰক্ষিত ৰাখিছে বিভাগটোৱে ৷ একেদৰে মালিগাঁওস্থিত ৰে'লৱে হস্পিতালটো কৰ'ণা ভাইৰাছৰত আক্ৰান্ত ৰোগীৰ বাবে প্ৰস্তুত কৰি ৰখা হৈছে বিশেষ কোঠা ৷ আনহাতে ৰে'লৱে কৰ্মচাৰী সকলকো সতৰ্ক হৈ থকাৰ নিৰ্দেশ প্ৰদান কৰিছে কৰ্তৃপক্ষই ৷ উল্লেখযোগ্য যে, সাধাৰণ যাত্ৰীৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি ইতিমধ্যেই ৰে'ল বিভাগে মুকলি কৰিছে হেল্পলাইন নম্বৰো ৷ 102 নম্বৰত ফোন কৰি কৰ'ণা ভাইৰাছ সম্বন্ধীয় বিভিন্ন তথ্যৰ লগতে চিকিৎসাও গ্ৰহণ কৰিব পাৰিব সাধাৰণ লোকে ৷ মুঠৰ ওপৰত কৰ'ণা ভাইৰাছ প্ৰতিৰোধৰ বাবে এতিয়া সাজু হৈ আছে ৰে'ল বিভাগ ৷

লগতে পঢ়কঃ পুঁজিপতি কোম্পানী উলিয়ামচন মেগৰৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ ক্ষুদ্ৰ চাহ খেতিয়কৰ