গুৱাহাটী,13 জুন : ৰাজ্যত হৈ থকা বৰষুণৰ বাবে ঠায়ে ঠায়ে ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে। এই ভূমিস্খলনত ৰে'ল লাইনসমূহ বিশেষ ক্ষতিগ্ৰস্ত হৈছে।

লামডিং-বদৰপুৰ এলেকাত যথেষ্ট পৰিমাণে ক্ষতিগ্ৰস্ত হোৱা বুলি জানিব পৰা গৈছে। যাৰ বাবে ত্ৰিপুৰা,মিজোৰাম,বৰাক ভেলীলৈ যোৱা সকলো মালবাহী,শ্ৰমিক ৰে'ল,বিশেষ ৰে'লৰ চলাচল ১ জুনৰ পৰা ব্যাহত হৈ আছে।

ইফালে এই ক্ষতিগ্ৰস্ত এলেকা পুনৰ মেৰামতিৰ বাবে দিনে নিশাই কাম কৰি আছে ৰে'ল বিভাগে। ১৬ জুনৰ ভিতৰত উক্ত ৰে'ল পথ মুকলি কৰিব পৰা হ'ব বুলি জানিবলৈ দিয়ে উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ জনসম্পৰ্কৰক্ষী বিষয়া নৃপেন ভট্টাচাৰ্যই।
এই ৰে'ল লাইনৰ বাবে যথেষ্ট মালবাহী ৰে'ল আবদ্ধ হৈ আছে বুলিও জনাই জনসম্পৰ্কৰক্ষী বিষয়াগৰাকীয়ে।

লগতে চাওকঃ ঋতুপৰ্ণ পেগু হত্যাকাণ্ডক তীব্ৰ গৰিহণা জোনাই টি এম পি কেৰ