ETV Bharat / state

আমিনগাঁৱত ৰাইজৰ দলৰ কাৰ্যালয় মুকলি - ৰাইজৰ দলৰ কামৰূপ জিলা সমিতি

আমিনগাঁৱত মুকলি কৰা হ'ল ৰাইজৰ দলৰ কামৰূপ জিলা সমিতিৰ কাৰ্যালয় ৷ কাৰ্যালয়টো আনুষ্ঠানিকভাৱে মুকলি কৰে ৰাইজৰ দলৰ নেতা কল কুমাৰ মেধি আৰু জিতুল ডেকাই ৷

raijor dol office opened in Amingaon
আমিনগাঁৱত ৰাইজৰ দলৰ কাৰ্যালয় মুকলি
author img

By

Published : Feb 3, 2021, 8:43 PM IST

কামৰূপ, 3 ফেব্ৰুৱাৰী : বুধবাৰে জালুকবাৰী সমষ্টিৰ অন্তৰ্গত আমিনগাঁৱত মুকলি কৰা হ'ল ৰাইজৰ দলৰ কামৰূপ জিলা সমিতিৰ কাৰ্যালয় ৷ কাৰ্যালয়টো আনু্ষ্ঠানিকভাৱে মুকলি কৰে ৰাইজৰ দলৰ নেতা কল কুমাৰ মেধি আৰু জিতুল ডেকাই ৷

কাৰ্যালয়টো আনুষ্ঠানিকভাৱে মুকলি কৰাৰ পিচতে কমল কুমাৰ মেধিয়ে সাংবাদিকক সম্বোধন কৰে ৷ সাংবাদিকক সম্বোধন কৰি জালুকবাৰী সমষ্টিত হিমন্ত বিশ্ব শৰ্মাই ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতি কৰি অহাৰ অভিযোগ উত্থাপন কৰে কমল কুমাৰ মেধিয়ে ৷ লগতে হিমন্ত বিশ্ব শৰ্মাক জীৱন্ত মোগল আখ্যা দিয়ে ৰাইজৰ দলৰ নেতা কমল কুমাৰ মেধিয়ে ।

আমিনগাঁৱত ৰাইজৰ দলৰ কাৰ্যালয় মুকলি

প্ৰতিবাদী সত্বাক ভয় ভাবুকিৰে হিমন্ত বিশ্ব শৰ্মাই দমন কৰি ৰাখিব বিছাৰিছে । হিমন্ত বিশ্ব শৰ্মাৰ দখলত থকা জালুকবাৰী সমষ্টিটো আগন্তুক নিৰ্বাচন ৰাইজৰ দলে দখল কৰিব, কমল কুমাৰ মেধিয়ে কয় ৷

উল্লেখ্য যে জালুকবাৰী বিধান সভা সমষ্টিটো সুদীৰ্ঘ সময় বৰ্তমানৰ বিত্ত মন্ত্ৰী তথা বিজেপিৰ এজন প্ৰভাৱশালী নেতা হিমন্ত বিশ্ব শৰ্মাই দখল কৰি আহিছে ৷ 2001 চনৰ পৰা 2011 চনলৈকে সমষ্টিটোত কংগ্ৰেছৰ হৈ বিজয় সাব্যস্ত কৰা বিপৰীতে 2016 চনৰ নিৰ্বাচনত বিজেপিৰ হৈ প্ৰভাৱশালী নেতা হিমন্ত বিশ্ব শৰ্মাই বিজয় সাব্যস্ত কৰিছিল ৷ জালুকবাৰী সমষ্টিটোত 20 বছৰ কাল হিমন্ত বিশ্ব শৰ্মা দখলত থকাৰ পিচত এটা কথা স্পষ্ট হয় যে সমষ্টিটোত হিমন্ত বিশ্ব শৰ্মাৰ এক শক্তিশালী স্থিতি আছে ৷

গুৰুত্বপূৰ্ণ কথাটো হল কা' আন্দোলনৰ পটভূমিত জন্ম হোৱা ৰাইজৰ দলৰ নেতৃত্বই বহু সময়ত হিমন্ত বিশ্ব শৰ্মাক সমালোচনৰ লক্ষ্য হিচাপে লয় ৷ অৰ্থাৎ ৰাইজৰ দলৰ প্ৰথম টাৰ্গেটত থাকে হিমন্ত বিশ্ব শৰ্মা ৷ গতিকে আগন্তুক নিৰ্বাচনত হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে জালুকবাৰী সমষ্টিত ৰাইজে দলে শক্তিশালী প্ৰতিদ্বন্দিতা আগবঢ়োৱাৰ পূৰ্ণ সম্ভাৱনা আছে ৷ কিয়নো আমিনগাঁৱত ৰাইজৰ দলৰ কামৰূপ জিলা সমিতিৰ কাৰ্যালয় মুকলি কৰি তাৰে এক ইংগিত প্ৰদান কৰিলে কমল কুমাৰ মেধিয়ে ৷

লগতে পঢ়ক : কাছাৰ জিলাৰ গুমড়াত বৃহৎ পৰিমাণৰ বিষ্ফোৰক সামগ্ৰী জব্দ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.