গুৱাহাটী, ২৯ নৱেম্বৰ : অসমীয়া ভাষা বিদ্বেষ মন্তব্য কৰা স্বয়ম্ভূ বাঙালী নেতা প্ৰদীপ দত্ত ৰয়ক কাৰাগাৰলৈ নিক্ষেপ কৰাৰ চৰকাৰৰ সিদ্ধান্তক ৰাইজৰ দলে আদৰণি জনাইছে(Raijor dal welcomes Pradip Dutta Roys arrest ) যদিও বিজেপি চৰকাৰখনৰ বিফলতা সমূহ ঢাকিবলৈ লগতে অসমৰ জনসাধাৰণক তাৰ পৰা দৃষ্টি আঁতৰাই নিয়াৰ বাবে প্ৰদীপ দত্ত ৰয় ৰ জৰিয়তে এনেধৰণৰ অসমীয়া বিৰোধী মন্তব্য কৰা বুলিও সন্দেহ প্ৰকাশ কৰে ৰাইজৰ দলে ।
মুখ্যমন্ত্ৰীৰ বিফলতাক লৈ সৰৱ পৰা ৰাইজৰ দলৰ উপ-সভাপতি ৰাছেল হুছেইনে ৫ মাহ সম্পূৰ্ণ নৌহওতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বধীন চৰকাৰ খনে ৪৮০০ কোটি টকাৰ ঋণ লবলগীয়া হোৱাটো চৰকাৰখনৰ বিফলতা বুলি উল্লেখ কৰে(debt on Himanta government )। সোমবাৰে ৰাইজৰ দলৰ মুখ্য কাৰ্যালয়ত অয়োজিত এক সংবাদমেলত ৰাইজৰ দলৰ উপ-সভাপতিগৰাকীয়ে প্ৰদীপ দত্ত ৰয়ক বিজেপিৰ এজেন্ট আখ্যা দিয়ে ।
তেওঁ লগতে কয় ধৰ্মৰ নামত, ভাষাৰ নামত ৰাজনীতি কৰা সাম্প্ৰদায়িক বিজেপি চৰকাৰে সততে অসমীয়া গিৰীৰ কথা কয়, কিন্তু ৰাইজৰ দলে অসমত ‘অসমীয়াগিৰী’ প্ৰতিষ্ঠা কৰাৰ বাবেহে আগবাঢ়ি আহিছে । মুখ্যমন্ত্ৰীয়ে কোৱা অসমীয়াগিৰী, ভাৰতীয়গিৰী প্ৰসংগ সন্দৰ্ভত ৰাইজৰ দলৰ উপ-সভাপতি ৰাছেল হুছেইনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়,বিশ্বৰ ক্ষুধাতুৰ ১১৫ খন দেশৰ ১১১ নম্বৰত ভাৰতৰ স্থান ।
তেন্তে এয়াই নেকি বিজেপিৰ ভাৰতীয়গিৰী বুলি কটাক্ষ কৰে মুখ্যমন্ত্ৰীগৰাকীক ৷ সংবাদমেলত ৰাছেল হুছেইনে হিমন্ত বিশ্ব শৰ্মা এতিয়াও বিজেপি হ’ব পৰা নাই বুলি অভিযোগ উত্থাপন কৰে। তেওঁ সৰ্বানন্দ চৰকাৰৰ বিফলতাবোৰ দেখুৱাই দিবলৈহে তেওঁ অবিৰতভাৱে চেষ্টা কৰি গৈছে বুলি কয় । ইয়াৰ উপৰি অসম আন্দোলনত লাখ লাখ মানুহক আৱেগিক কৰি আঁভুৱা ভাৰা হৈছিল বুলি অভিযোগ তুলি অসম আন্দোলনক কক্ষচ্যুত কৰিবলৈ হিমন্তকে ধৰি আজিৰ শাসকীয় দলৰ বহু নেতা জড়িত আছিল বুলি সন্দেহ প্ৰকাশ কৰে ৰাইজৰ দলৰ নেতা গৰাকীয়ে ।
ইয়াৰ উপৰিও দিল্লী আৰু নাগপুৰৰ নিৰ্দেশত মুখ্যমন্ত্ৰী ডঃহিমন্ত বিশ্ব শৰ্মাই অসম লোকসেৱা আয়োগৰ পৰীক্ষাত অসমীয়া ভাষা প্ৰত্যাহাৰ কৰিছে বুলি কটাক্ষ কৰি ৰাইজৰ দলৰ নেতা গৰাকীয়ে কয়, অসম চৰকাৰে দিল্লী, নাগপুৰৰ নেতাৰ ওচৰত ১৯০° হালি দিয়ে । পাৰিলে ভৰি খনো চুই দিব বিজেপি চৰকাৰৰ মিথ্যাচাৰ উদঙাই দি ৰাইজৰ দলৰ নেতা গৰাকীয়ে কয়, বেইজিঙৰ বিমানবন্দৰৰ ফটো সামাজিক মাধ্যমত দিয়ো বিজেপিয়ে ভুৱা প্ৰচাৰ চলাইছিল । পাছলৈ ধৰাত পৰাত লাজ পাই আটাইকেইখন ফটো দিলিত কৰে ।
লগতে পঢ়ক : Scam in PMGSY scheme at Sarupathar : গৃহহীনে নাপায় চৰকাৰী গৃহ