ETV Bharat / state

বুদ্ধিজীৱী, শিক্ষক-শিক্ষয়িত্রী, ছাত্ৰ-ছাত্ৰীলৈ বিশেষ আহ্বান ৰাইজৰ দলৰ - নতুন শিক্ষানীতি

শুকুৰবাৰে ৰাইজৰ দলৰ মুখ্য কাৰ্যালয়ত এক সংবাদমেল সম্বােধন কৰি চৰকাৰক তীব্ৰ ভাষাৰে সমালোচনা । এমাহৰ ভিতৰতে টোলগেটৰ মাচুল ৩৫ টকাৰ পৰা ৯০ টকা পর্যন্ত বৃদ্ধি, নিত্যপ্রয়ােজনীয় প্রতিবিধ ঔষধৰ দাম ২০ শতাংশৰ পৰা ২৫ শতাংশ বৃদ্ধি, নতুন শিক্ষানীতি আদি সন্দৰ্ভত এক সংবাদমেল যোগে কঠোৰ ভাষাৰে চৰকাৰক সমালোচনা নৱগঠিত আঞ্চলিক দলটোৰ ।

বিশেষ আহ্বান ৰাইজৰ দলৰ
বিশেষ আহ্বান ৰাইজৰ দলৰ
author img

By

Published : Apr 2, 2021, 8:29 PM IST

গুৱাহাটী, ২ এপ্রিল: যােৱা ১৮ মার্চত অসমৰ নির্বাচনী প্রচাৰলৈ অহা কেন্দ্রীয় পথ আৰু পৰিৱহণ মন্ত্রী নীতিন গাডকাৰীয়ে কৈছিল যে অহা এবছৰৰ ভিতৰত টোলগেট বন্ধ কৰা হ’ব । কিন্তু টোলগেট বন্ধ নহ'ল । বৰং এমাহৰ ভিতৰতে টোলগেটৰ মাচুল ৩৫ টকাৰ পৰা ৯০ টকা পর্যন্ত বৃদ্ধি কৰা হ’ল । বর্ধিত হাৰত এক এপ্রিলৰ পৰা ৰাইজে মাচুল আদায় দিব লাগিব । ইয়াৰ ফলত প্ৰতিটো বস্তুৰে যে দাম বৃদ্ধি হ'ব সেয়া কোৱাৰ কোনাে প্রয়ােজন নাই । ইতিমধ্যে নিত্যপ্রয়ােজনীয় প্রতিবিধ ঔষধৰ দাম ২০ শতাংশৰ পৰা ২৫ শতাংশ বৃদ্ধিৰ বাবে অনুমতি প্রদান কৰিছে । সেয়েহে ৰাইজৰ দলে চৰকাৰৰ এই হঠকাৰী সিদ্ধান্তৰ তীব্র বিৰােধিতা কৰি শুকুৰবাৰে ৰাইজৰ দলৰ মুখ্য কাৰ্যালয়ত এক সংবাদমেল সম্বােধন কৰে ।

ইপিনে, নতুন শিক্ষানীতি সন্দৰ্ভতো দলটোৱে কয় যে, যােৱা ২৬ মাৰ্চত বিশ্ববিদ্যালয় অনুদান আয়ােগৰ সচিব ৰজনীশ জৈনে প্রেৰণ কৰা এখন পত্রত উল্লেখ কৰিছে যে নতুন শিক্ষানীতিৰ অধীনত যি Masssive Open Online Courses (MOOC)ৰ ব্যৱস্থা কৰাৰ প্রস্তাৱ দিয়া হৈছিল সেয়া কার্যকৰী কৰাৰ বাবে ব্যৱস্থা ল'ব লাগে । দেশৰ বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়সমূহৰ মূৰব্বীসকললৈ এই নিদের্শনা প্ৰেৰণ কৰি কোৱা হৈছে যে ৪০ শতাংশ পাঠ্যক্রম অনলাইন ব্যৱস্থাৰে সম্পন্ন কৰিব লাগিব । নির্দেশনাত এই কথা উল্লেখ কৰা হৈছে যে এক্সেচ, ইকুইটি আৰু কোৱালিটীৰ কথালৈ লক্ষ্য ৰাখি এই ব্যৱস্থা প্রৱৰ্তন কৰা হ'ল । কিন্তু অনলাইন শিক্ষা কেতিয়াও প্রত্যক্ষ শিক্ষাদানৰ সমান হ’ব নােৱাৰে । চৰকাৰে যিমানেই এক্সেচ, ইকুইটি আৰু কোৱালিটীৰ কথা নকওক, অনলাইন ব্যৱস্থাৰে শিক্ষা প্রদান কৰি নৱপ্ৰজন্মৰ জীৱিকাৰ পথ বন্ধ কৰাৰ চক্রান্ত কৰিছে বুলি কয় ।

লগতে বহৎ পুঁজিপতিক অনলাইন ব্যৱস্থাৰে অধিক ধনী কৰাৰ এয়া চৰকাৰী প্রয়াস বুলিও এইদৰে সমালোচনা কৰে । এই ব্যৱস্থা প্রয়ােগ হ'লে বহু শিক্ষক-শিক্ষয়িত্রী চাকৰিৰ পৰা বিদায় ল'ব লাগিব । সেয়েহে সমূহ বুদ্ধিজীৱী, শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীক চৰকাৰৰ এই কু-চক্রান্তৰ বিৰুদ্ধে তীব্র প্রতিবাদ জনােৱাৰ বাবে ৰাইজৰ দলে আহ্বান জনায় । আনহাতে, তৃতীয় পর্যায়ৰ নির্বাচন সংক্রান্তত এক বৈঠকত ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি মণ্ডলীয়ে শুকুৰবাৰৰ সংবাদমেলত সিদ্ধান্ত গ্রহণ কৰে যে যিহেতু ৪০ নং সৰভােগ বিধানসভা সমষ্টিত ৰাইজৰ দলৰ প্রার্থী দিয়া হােৱা নাই আৰু বিজেপি দলক পৰাস্ত কৰাৰ ৰাইজৰ দলৰ লক্ষ্য আৰু ই সময়ৰ আহ্বান, সেয়েহে পৰিস্থিতিলৈ লক্ষ্য ৰাখি সৰভােগ সমষ্টিৰ মহাজোঁটৰ অংশীদাৰ চি পি এম দলৰ প্রার্থী মনােৰঞ্জন তালুকদাৰক হাতে-কামে সহায় কৰাৰ বাবে ৰাইজৰ দলৰ সমূহ কৰ্মীক আহ্বান জনায় ।

লগতে পঢ়ক: দায়িত্বশীল মন্ত্রীৰ দায়িত্বজ্ঞানহীন আচৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.