গুৱাহাটী, ২ জুন: মহানগৰীৰ মঠঘৰীয়াস্থিত ৰাইজৰ দলৰ মুখ্য কাৰ্যালয়ত এক সাংবাদমেল সম্বোধন কৰি ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি ভাস্কো ডি শইকীয়াৰ বিস্ফোৰক অভিযোগ ৷ ক'ভিডৰ সময়ত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই তেতিয়াৰ স্বাস্থ্যমন্ত্ৰী হৈ থকা সময়ছোৱাত ক'ভিডৰ নামত বৃহৎ কেলেংকাৰী সংঘটিত কৰিছিল । যাৰ তথ্য এতিয়া স্পষ্টভাবে আৰ টি আইত উন্মোচিত হৈছে । মুখ্যমন্ত্ৰীয়ে নিজৰ পত্নীৰ মালিকানাধীন JCB ইণ্ডাষ্ট্ৰীজক এসপ্তাহ পূৰ্বেই জৰুৰীকালীনভাৱে PPE কিটৰ যোগানৰ ঠিকা প্ৰদান কৰাটো কেলেংকাৰী হয় নে নহয় বুলি প্ৰশ্ন উত্থাপন কৰে ভাস্কো ডি শইকীয়াই ।
আনহাতে, নৰ্থ ইষ্টাৰ্ণ ছাৰ্জিকেল ইণ্ডাষ্ট্ৰীজক(North Eastern Surgical Industries) ৬০০ টকা দৰত PPE কিটৰ যোগান ধৰিবলৈ দিয়া হৈছিল । একেটা দিনতে ৰিণিকি ভূঞা শৰ্মাক কিয় ৬৫ শতাংশ বেছি দৰত PPE কিটৰ যোগানৰ ঠিকা দিয়া হ'ল বুলিও প্ৰশ্ন উত্থাপন কৰে ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতিগৰাকীয়ে ।
তেওঁ কয় যে, PPE কিট কেলেংকাৰী মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ যে এক বৃহৎ কেলেংকাৰী সেইকথা প্ৰমাণ হৈ গৈছে । কিন্তু মুখ্যমন্ত্ৰীয়ে এই সন্দৰ্ভত যি মন্তব্য আগবঢ়াইছে সেয়া অতি লজ্জাজনক । ১৪৯৮ টা PPE কিটৰ যোগান CSR ৰ অধীনত দান দিয়া দেখুৱাই কেলেংকাৰী ফাদিল হোৱাৰ ভয়ত এতিয়া পলাব বিচাৰিছে মুখ্যমন্ত্ৰীয়ে । এতিয়া মুখ্যমন্ত্ৰীয়ে পত্নীৰ কোম্পানীৰ বিৰুদ্ধে কি শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিব ? এইয়া মুখ্যমন্ত্ৰীৰ পত্নীৰ কোম্পানীৰ টকা লুণ্ঠন নহয় নে ? এই বুলি সংবাদমেলত প্ৰশ্ন উত্থাপন কৰে ৰাইজ দলে ।
ইফালে, ৰিণিকি ভূঞা শৰ্মাৰ মালিকানাধীন কোম্পানীক ব্লেক লিষ্টেড কৰি এই সমগ্ৰ কেলেংকাৰীৰ বিৰুদ্ধে CBI তদন্ত ঘোষণা কৰাৰ বাবে চৰকাৰলৈ দাবী জনোৱাৰ লগতে কেলেংকাৰীৰ লগত জড়িত মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ব্যৱসায়িক অংশীদাৰ ঘনশ্যাম ধানুকা আৰু ৰিণিকি ভূঞা শৰ্মাৰ বিৰুদ্ধে শীঘ্ৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী ৰাইজৰ দলৰ(Raijor Dal demands CBI probe against CM's family) । অন্যথা মুখ্যমন্ত্ৰীৰ ভূমি কেলেংকাৰী আৰু ক'ভিড কেলেংকাৰীৰ বিৰুদ্ধে প্ৰতিবাদ গঢ়ি তোলাৰো হুংকাৰ প্ৰদান কৰে ৰাইজৰ দলে ।
লগতে পঢ়ক : PPE kit scam : চি বি আই তথা সদন কমিটীৰ দ্বাৰা তদন্তৰ দাবী বিৰোধী দলপতিৰ